গুৱাহাটী
এসময়ত অসমত নিতৌ গঁড়ৰ খৰ্গহীন মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সংবাদ মাধ্যমত শিৰোনামা দখল কৰিছিল। ৰাজ্য়ৰ বনাঞ্চলত অভাৱনীয়ভাৱে হ্ৰাস পাইছিল বাঘৰ সংখ্যা। এই সকলোবোৰৰ মূলতে আছিল চোৰাং গঁড় চিকাৰীৰ অবাধ বিচৰণ। এতিয়া এনে ঘটনা হ্ৰাস পাবলৈ ধৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্স'ত কৰা এটা পোষ্টত এইবুলি উল্লেখ কৰিছে যে বিগত তিনি বছৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড় আৰু বাঘ চিকাৰৰ ঘটনা শূন্য হৈ পৰিছে। এনে সফলতাই অসমৰ জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে কৰা অবিৰত প্ৰচেষ্টাৰ ফল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এই সাফল্যই অসমৰ চহকী জৈৱ বৈচিত্ৰ্য ৰক্ষা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰতি থকা স্থায়ী দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
ইউনেস্কোৰ বিশ্ব ঐতিহ্য় ক্ষেত্ৰ হিচাপে আখ্য়া লাভ কৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰশংসাৰে উপচাই দিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী শৰ্মাই এক্স'ত কয়, "মানাহ ৰাষ্ট্ৰীয় উদ্যানত একেৰাহে তিনি বছৰ ধৰি গঁড় আৰু বাঘ চোৰাং চিকাৰৰ ঘটনা শূণ্য হৈছে! এসময়ত চোৰাং চিকাৰৰ বাতৰিয়ে শিৰোনামা দখল কৰিছিল। সেই যুগৰ পৰা এতিয়া, য’ত কোনো চিকাৰ নোহোৱাটো নতুন স্বাভাৱিক হৈছে। এই কৃতিত্বই আমাৰ প্ৰাণীজগতৰ বৈচিত্ৰ্য ৰক্ষাৰ বাবে অসমে গ্ৰহণ কৰা অদম্য প্ৰচেষ্টাক সূচায়।"
আনহাতে, বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ভূমিকাক শলাগ লৈছে। মন্ত্ৰী মল্লবৰুৱাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্থায়ী পথপ্ৰদৰ্শন আৰু দিকনির্দেশনাৰ অধীনত, মানাহ ৰাষ্ট্ৰীয় উদ্যানত যোৱা তিনি বছৰত গঁড় আৰু বাঘৰ কোনো চিকাৰৰ ঘটনা নথিভুক্ত হোৱা নাই। বন মন্ত্ৰীগৰাকীয়ে লগতে কয়, “মই আমাৰ বন বিভাগৰ কৰ্মচাৰী আৰু প্ৰথমশাৰীৰ ষ্টাফৰ কৰ্মত আনন্দিত হৈছো যিসকলে এই অভিযানত আন্তৰিকতা আৰু সাহসেৰে নিজৰ জীৱন উৎসৰ্গা কৰিছে।” অসম হৈছে বিশ্বৰ এশিঙীয়া গঁড়ৰ ৮০ শতাংশৰ বাসস্থান।
চৰকাৰী তথ্য অনুসৰি, ১৯৮০ চনৰ পৰাই অসমৰ গঁড়ৰ সংখ্যা প্ৰায় ১৭০ শতাংশ বৃদ্ধি পাইছে। এই সংখ্যা ১৫০০ৰ পৰা ৪০০০ৰো অধিক হৈছে। উল্লেখ্য় যে ১৯৯০ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল মানাহ ৰাষ্ট্ৰীয় উদ্যানক। একেদৰে ১৯৮৮ চনত ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিছিল এই উদ্য়ানখনে।