নতুন দিল্লী
কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় বীমা কোম্পানীত ১০০ শতাংশ পৰ্যন্ত বিদেশী বিনিয়োগৰ অনুমতি প্ৰদান কৰিছে। শনিবাৰে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰা হয়। ইয়াৰ জৰিয়তে ‘অটোমেটিক ৰুট’ৰ অধীনত বীমা কোম্পানীসমূহত ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই)ৰ অনুমোদন দিয়া হৈছে।
মন কৰিবলগীয়া যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত এই প্ৰস্তাৱ ঘোষণা কৰিছিল। কিন্তু ভাৰতীয় চৰকাৰৰ জীৱন বীমা নিগম বা এল আই চিৰ ক্ষেত্ৰত বিভিন্ন নিয়ম প্ৰযোজ্য হৈ থাকিব। কেন্দ্রই কয় যে এল আই চিত বিদেশী বিনিয়োগৰ সীমা ২০ শতাংশই থাকিব৷
উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰ বিভাগ বা ডিপিআইআইটিয়ে এক প্ৰেছ টোকা জাৰি কৰিছে। এই সিদ্ধান্ত তাতেই অৱগত কৰা হৈছে। কোৱা হৈছে যে বিদেশী বিনিয়োগ আৰু পৰ্টফলিঅ’ বিনিয়োগকাৰীসকলক অটোমেটিক ৰুটৰ জৰিয়তে ভাৰতীয় বীমা কোম্পানীত বিনিয়োগ কৰিবলৈ অনুমতি দিয়া হৈছে। অৱশ্যে তাৰ পূৰ্বে বীমা নিয়ন্ত্ৰক আই আৰ ডি এ আইৰ পৰা অনুমোদন লাভ কৰিব লাগিব। অৰ্থাৎ বিদেশী বিনিয়োগকাৰীয়ে সম্পূৰ্ণ পৰীক্ষণত উত্তীৰ্ণ হ’লেহে ভাৰতীয় বীমা কোম্পানীত বিনিয়োগ কৰিব পাৰিব।
কেন্দ্ৰৰ এই নতুন সিদ্ধান্ত ‘সবকা বীমা সবকী ৰক্ষা’ সংশোধিত বীমা আইন, ২০২৫ অনুসৰি লোৱা হৈছে। ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰালয়ে এই আইন ঘোষণা কৰিছিল। নতুন নিয়ম অনুসৰি বিদেশী বিনিয়োগ হ’ব পৰা বীমা কোম্পানীত অন্ততঃ এজন ভাৰতীয় নাগৰিক অধ্যক্ষ, পৰিচালন সঞ্চালক বা মুখ্য কাৰ্যবাহী বিষয়াৰ পদত থাকিব লাগিব। ইয়াৰ উপৰিও বিদেশী শ্বেয়াৰ বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ফেমাৰ (Foreign Exchange Management Act) গাইডলাইন অনুযায়ী গাঁথনি মানি চলিব লাগিব।
অৰ্থনৈতিক বিশেষজ্ঞৰ এটা অংশৰ মতে এই সিদ্ধান্তই ভাৰতীয় বীমা খণ্ডলৈ বিপুল বিদেশী পুঁজি আনিব পাৰে। ফলত নতুনকৈ কৰ্মসংস্থাপনৰ সম্ভাৱনাই দেখা দিছে। প্ৰযুক্তি, সেৱা আৰু বীমা কভাৰেজৰ উন্নতি হ’ব পাৰে বুলিও ধাৰণা কৰা হৈছে।
কেন্দ্ৰীয় বাজেট ২০২৫-২৬ দাখিল কৰাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মালা সীতাৰমণে ইংগিত দিছিল যে বীমা খণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সীমা ৭৪ শতাংশৰ পৰা ১০০ শতাংশলৈ বৃদ্ধি কৰা হ’ব। সংসদত বাজেট ভাষণত তেওঁ কয় যে আগন্তুক পাঁচ বছৰত ভাৰতৰ অর্থনৈতিক বিকাশ আৰু বিশ্ব মঞ্চত প্রতিদ্বন্দ্বিতা কৰিবলৈ কেইবাটাও সংস্কাৰৰ পৰিকল্পনা কৰা হৈছে৷ বীমা খণ্ডত ১০০ শতাংশ বিনিয়োগৰ ৰেহাইও সেই পৰিকল্পনাৰ অংশ।
উল্লেখযোগ্য যে, বজাৰ বিশেষজ্ঞসকলৰ মতে যদি বিদেশী কোম্পানীয়ে বীমা খণ্ডত অংশগ্ৰহণ বৃদ্ধি কৰে তেন্তে প্ৰতিযোগিতাও বৃদ্ধি পাব। ফলত গ্ৰাহকে উন্নত সেৱা লাভ কৰিব। একে সময়তে দেশৰ বীমা খণ্ডতো দীৰ্ঘম্যাদী মূলধনৰ যোগান বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে।