নতুন দিল্লী
পশ্চিম বংগৰ লগতে সোমবাৰে অনুষ্ঠিত হ'ব ভোটগণনা। সেইদিনাই নিশ্চিত হ'ব চৰকাৰ তৃণমূল কংগ্ৰেছ নে বিজেপিয়ে গঠন কৰিব। পিছে ভোটগণনা হ'লেও পুনৰ ভোটগ্ৰহণ যেন অন্ত পৰা নাই। ৰাজ্যখনৰ এটা বিধানসভা সমষ্টিত পুনৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
শনিবাৰে সন্ধিয়া ভাৰতীয় নিৰ্বাচন আয়োগে দক্ষিণ ২৪ পৰগনা জিলাৰ ফালতা বিধানসভা সমষ্টিৰ সকলো ভোটকেন্দ্ৰত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰা নিৰ্দেশ দিছে । শনিবাৰে দক্ষিণ ২৪ পৰগনাত পশ্চিম মগৰাহাট বিধানসভা সমষ্টিৰ ১১ টা ভোটকেন্দ্ৰ আৰু ডায়মণ্ড হাৰ্বাৰ বিধানসভা সমষ্টিৰ ৪ টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ কিছু সময় পিচতেই ভাৰতীয় নিৰ্বাচন আয়োগে এই নিৰ্দেশনা জাৰি কৰিছে।
মগৰাহাট পশ্চিম আৰু ডাইমণ্ড হাৰ্বাৰ বিধানসভা সমষ্টিত পুনৰ ভোটদানৰ কিছু ঘণ্টাৰ ভিতৰতে ২৯ এপ্ৰিলত অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত 'গুৰুতৰ নিৰ্বাচনী অপৰাধ' সংঘটিত হোৱাটো নিশ্চিত কৰাৰ পিছত শনিবাৰে সন্ধিয়া ভাৰতীয় নিৰ্বাচন আয়োগে দক্ষিণ ২৪ পৰগনা জিলাৰ ফালতা বিধানসভা সমষ্টিৰ সকলো ভোটকেন্দ্ৰতে নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰা নিৰ্দেশ দিয়ে।
নিৰ্বাচন আয়োগৰ বিষয়াসকলৰ মতে, ফালতাক বাদ দি এ অহা ৪ মে’ত পশ্চিম বংগৰ সকলো বিধানসভা সমষ্টিতে ভোটগণনা অনুষ্ঠিত হ’ব। এই সন্দৰ্ভত নিৰ্বাচন আয়োগে কয় যে যোৱা ২৯ এপ্ৰিলত সমষ্টিটোত অনুষ্ঠিত সমগ্ৰ ভোটগ্ৰহণ বাতিল কৰা হৈছে। এই সমষ্টিটোত অহা ২১ মে’ত নতুনকৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব বুলি নিৰ্বাচন আয়োগৰ বিষয়াসকলে সদৰী কৰিছে।
ভাৰতীয় নিৰ্বাচন আয়োগৰ এক বিবৃতিত এইদৰে কয়," ২৯ এপ্ৰিলত পশ্চিম বংগৰ ১৪৪-ফালতা বিধানসভা সমষ্টিৰ বৃহৎ সংখ্যক ভোটকেন্দ্ৰত ভোটদানৰ সময়ত গুৰুতৰ নিৰ্বাচনী অপৰাধ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়া উফৰাই পেলোৱাৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিছে আয়োগে। সেয়েহে আয়োগে নিৰ্দেশ দিয়ে যে সহায়ক ভোটকেন্দ্ৰকে ধৰি ২৮৫টা ভোটকেন্দ্ৰত নতুনকৈ ভোটগ্ৰহণ কৰা হ’ব। অহা ২১ মে’ত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত নতুনকৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।" সমষ্টিটোত অহা ২৪ মে’ত ভোটগণনা হ’ব বুলিও আয়োগে স্পষ্ট কৰি দিছে।
উল্লেখযোগ্য যে যোৱা ২৯ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ সময়ত ইভিএমত খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ভাৰতীয় নিৰ্বাচন আয়োগে শনিবাৰে উক্ত ভোটকেন্দ্ৰসমূহত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল। সেই অনুসৰি শনিবাৰে দক্ষিণ ২৪ পৰগনাত পশ্চিম মগৰাহাট বিধানসভা সমষ্টিৰ ১১ টা ভোটকেন্দ্ৰ আৰু ডায়মণ্ড হাৰ্বাৰ বিধানসভা সমষ্টিৰ ৪ টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰা হয়।
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত ফালতা সমষ্টিটো চৰ্চাত আছিল। ভোটগ্ৰহণৰ দিনা এই সমষ্টিটোত ইভিএমত খেলিমেলিৰ অভিযোগ উত্থাপন হয়। ইয়াত পুনৰ ভোটগ্ৰহণৰ বাবে আয়োগক আবেদন দাখিল কৰা হয় । এই অভিযোগ উত্থাপন হোৱাৰ পিচতে আয়োগে অনিয়ম সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নিৰ্দেশ অনুসৰি আয়োগৰ নিযুক্ত বিশেষ পৰ্যবেক্ষক সুব্ৰত গুপ্তাই বৃহস্পতিবাৰে ফালতা, মগৰাহাট, ডাইমণ্ড হাৰ্বাৰ আদি ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যালোচনা কৰে। পৰিস্থিতিৰ মূল্যায়নৰ অন্তত বিশেষ পৰ্যবেক্ষক গুপ্তাই আয়োগক প্ৰতিবেদন দাখিল কৰি ফালতাৰ প্ৰায় ৩০টা বুথত পুনৰ ভোটগ্ৰহণৰ পৰামৰ্শ আগবঢ়ায়। সূত্ৰসমূহে জনোৱা মতে, কেইবাটাও বুথত নিৰীক্ষণ কেমেৰা বন্ধ কৰি ৰখা আৰু নেটৱৰ্কৰ সমস্যাৰ বাবে নিয়ন্ত্ৰণ কক্ষত তথ্য পোৱা নগ’ল বুলি অভিযোগ উত্থাপন কৰা হৈছে।
পৰ্যবেক্ষকসকলে তদন্তৰ অন্তত দাখিল কৰা প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে ইভিএমসমূহৰ বেলট ইউনিটসমূহৰ ভোটগ্ৰহণ বুটামটো ক’লা মাস্কিং টেপেৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে। ফলত ভোটাৰসকলে নিজৰ পচন্দৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰাটো সম্ভৱ নহ’ল বুলি ইচিআইয়ে প্ৰকাশ কৰে। যদিও প্ৰিজাইডিং বিষয়াসকলে দুপৰীয়া ১ বজাৰ আশে-পাশে টেপটো আঁতৰাই পেলোৱা বুলি কৈছে, তেতিয়ালৈকে প্ৰায় ৫৮ শতাংশ ভোটগ্ৰহণ সমাপ্ত হৈছিল।
ইচিআইৰ জাননীখনত আৰু কোৱা হৈছে যে বিশেষ পৰ্যবেক্ষক আৰু জিলা নিৰ্বাচনী বিষয়াই পৰ্যবেক্ষণ কৰে যে বেলট ইউনিটৰ বুটামত ক’লা টেপ/পাৰফিউম প্ৰয়োগ কৰাৰ অভিযোগত ১৪৪-ফালতা বিধানসভা সমষ্টিৰ কেইবাটাও ভোটকেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়াত বিসংগতিৰ সৃষ্টি হৈছে বুলি সিদ্ধান্ত ল’বলৈ পৰ্যাপ্ত ভিত্তি আছে। ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ১৩৫এ ধাৰা অনুসৰি বুথ কেপচাৰিং সংঘটিত হৈছে। প্ৰতিবেদন অনুসৰি ৬০টা ভোটকেন্দ্ৰৰ ইভিএমত এইদৰে খেলিমেলি কৰা হৈছে।
ইফালে, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা সুকান্ত মজুমদাৰে এই সিদ্ধান্তক আদৰণি জনাই কয় যে এই পুনৰ ভোটদান স্থানীয় টিএমচি নেতা জাহাংগীৰ খানৰ অত্যাচাৰৰ বিৰুদ্ধে ফালতাৰ মহিলাসকলৰ জয়।