গুৱাহাটী
ৰাজ্যত অহা ২ আগষ্টৰ পৰা লোকপিয়ল ২০২৭ৰ স্ব-গণনা আৰম্ভ হ'ব। বান পৰিস্থিতিৰ বাবে উজনি অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাত সাময়িকভাৱে স্থগিত ৰখা হৈছে লোকপিয়লৰ স্ব-গণনা। সংহাৰী বানে সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ বাবে লোকপিয়ল সঞ্চালকালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
প্ৰলয়ংকাৰী বানত জিলা দুখনৰ বহু পৰিয়াল গৃহহীন হৈ আছে। যাৰ বাবে সাময়িকভাৱে লোকপিয়লৰ স্ব-গণনা স্থগিত ৰখা হৈছে। এই কথা জানিবলৈ দিয়ে লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে।
উল্লেখ্য যে, পহিলা আগষ্টত অৰ্থাৎ কাইলৈ লোকপিয়ল ২০২৭ৰ প্ৰথম পৰ্যায়ৰ বিভিন্ন দিশ সামৰি দিছপুৰত সংবাদমেল সম্বোধন কৰিব লোকপিয়ল সঞ্চালকগৰাকীয়ে। লক্ষ্যণীয় বিষয় যে, প্ৰশিক্ষণ কাৰ্যসূচীকে ধৰি আন ব্যৱস্থাপনাৰে ২ আগষ্টৰ পৰা ৰাজ্যজুৰি লোকপিয়লৰ প্ৰাথমিক কাম-কাজ আৰম্ভ কৰাৰ বাবে ৰাজ্যিক লোকপিয়ল সঞ্চালকালয় সাজু হৈছে।
এইবাৰৰ লোকপিয়লৰ বাবে অসমত ৮৫ হাজাৰ গণনাকাৰী বিষয়াক নিযুক্ত কৰা হৈছে। এই বিষয়াসকলক প্ৰশিক্ষণ দিয়াৰো কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। ২ আগষ্টৰ পৰা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব আৰু ১৭ আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকল ঘৰে ঘৰে যাব।
ঘৰে ঘৰে গৈ বিষয়াসকলে গৃহ গণনাৰ কাম প্ৰথম পৰ্যায়ত ১৫ ছেপ্টেম্বৰৰ ভিতৰত সম্পন্ন কৰিব। গণনাকাৰী বিষয়াৰ দলসমূহে ঘৰে ঘৰে গৈ নাগৰিকসকলৰ তথ্য সংগ্ৰহ কৰিব। ২ আগষ্টৰ পৰা ৰাজ্যত দুটা পৰ্যায়ত লোকপিয়লৰ কাম আৰম্ভ হ'ব। ইয়াৰ পাছত ফেব্ৰুৱাৰীৰ পৰা হ'ব জাতি গণনাৰ কাম।
উল্লেখ্য যে, দেশৰ অন্যান্য প্রান্তত ইতিমধ্যে পহিলা এপ্ৰিলৰ পৰা লোকপিয়ল আৰম্ভ হৈছে, যদিও অসমত বিধানসভা নির্বাচনৰ পৰিপ্ৰেক্ষিতত পলমকৈ আৰম্ভ হৈছে। এইবাৰ জনগণনাৰ উপৰি সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি গৃহ পিয়লো অন্তৰ্ভুক্ত কৰা হৈছে।
এইবাৰ প্ৰথমবাৰৰ বাবে লোকপিয়লৰ কাম ডিজিটেল প্রক্রিয়াত কৰা হ'ব। সেই অনুসৰি অহা ২ আগষ্টত মোবাইল প'ৰ্টেল মুকলি হোৱাৰ পাছত জনতাই নিজেই প'ৰ্টেলত লগ ইন কৰি পৰিয়ালৰ সদস্য, ঘৰ, শিক্ষা, জীৱিকা আদি তথ্য নিজেই দাখিল কৰিব পাৰিব।
এই প্ৰক্ৰিয়া পোন্ধৰ দিন ধৰি চলাৰ পাছত অর্থাৎ ১৭ আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ উক্ত তথ্যসমূহ পৰীক্ষা কৰিব। এই প্ৰক্ৰিয়া ১৫ ছেপ্টেম্বৰলৈকে চলিব। আনহাতে এইবাৰ বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক পৰিচয়সূচক নম্বৰ প্ৰদান কৰা হ'ব।
উল্লেখ্য যে, ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা প্ৰায় ৩.২৯ কোটি আছিল। সেই সময়ছোৱাত ৰাজ্যখনত মুছলমান জনসংখ্যাৰ হাৰ আছিল প্ৰায় ৩৪ শতাংশ। এইবাৰৰ লোকপিয়লত ৰাজ্যখনৰ জনসংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।