ভূ-স্বৰ্গ কাশ্মীৰৰ গুলমাৰ্গত বছৰটোৰ প্ৰথম তুষাৰপাত

Story by  atv | Posted by  Munni Begum • 10 Months ago
গুলমাৰ্গত বছৰটোৰ প্ৰথম তুষাৰপাত
গুলমাৰ্গত বছৰটোৰ প্ৰথম তুষাৰপাত
 
শ্ৰীনগৰ
 
উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাৰ গুলমাৰ্গ স্কি ৰিজ’ৰ্টত দেওবাৰে তুষাৰপাত হোৱাৰ লগতে সন্ধিয়া কাশ্মীৰৰ সমভূমি অঞ্চলত বৰষুনে তিয়াই যায়।  
 
বতৰ বিভাগ কেন্দ্ৰৰ সঞ্চালক সোণম লোটাছে কয় যে যোৱা নিশা গুলমাৰ্গৰ ওপৰৰ অংশত সামান্য তুষাৰপাত হৈছিল। ফলত স্কি ৰিজ’ৰ্টখনৰ উষ্ণতাও হঠাতে হ্ৰাস পাইছিল। দেওবাৰে স্কি ৰিজ’ৰ্টখনত সৰ্বোচ্চ তাপমাত্ৰা ১৫ ডিগ্ৰী চেলছিয়াছ আছিল, যিটো শনিবাৰৰ তুলনাত ৩ ডিগ্ৰী চেলছিয়াছ কম আছিল।   
 
বতৰ বিজ্ঞান বিভাগে আগন্তুক দিনত ক্ৰমান্বয়ে উষ্ণতা হ্ৰাস পোৱাৰ ভৱিষ্যদ্বাণী কৰিছে। সঞ্চালক লোটাছে কয় যে প্ৰতিদিনে সমগ্ৰ জম্মু-কাশ্মীৰিত উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পাব। 
 
কাশ্মীৰত ছেপ্টেম্বৰ মাহত গড় বৰষুণ ৭৫ মিলিমিটাৰ আছিল যদিও অঞ্চলটোত মাত্ৰ ২০ মিলিমিটাৰ বৰষুণহে হৈছে। যাৰ ফলত ৫৫ মিলিমিটাৰ বৰষুণৰ অভাৱ হৈছে। 
 
ইয়াৰ পূৰ্বে শ্ৰীনগৰত সৰ্বনিম্ন বৰষুণ ১৯৯৮ চনত ৮.৮ মিলিমিটাৰ বৰষুণৰ বিপৰীতে ১৯৮৭ চনত সৰ্বকালৰ সৰ্বনিম্ন ২.৭ মিলিমিটাৰ বৰষুণ হৈছিল।