গুৱাহাটী
পুনৰ ৰাজ্যত বানৰ প্ৰকোপত এজন লোকৰ মৃত্যু হৈছে৷ ইয়াত লগতে অসমত বছৰৰ প্ৰথমটো বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বুলেটিনত সোমবাৰে নিশা প্ৰকাশ কৰা হয় এই তথ্য। কিছুদিন পূৰ্বে গুৱাহাটীত ভূমিস্খলন হৈ ৫ জন লোকৰ মৃত্যু হৈছিল৷ ইয়াৰ লগতে অসমত প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পাইছে৷
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বুলেটিনত প্ৰকাশ কৰা অনুসৰি ২২খন জিলাৰ ৬৫টা ৰাজহ চক্ৰৰ ১,২৫৪খন গাঁৱৰ ৫,১৫,০৩৯জন লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । বানৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শ্ৰীভূমি জিলা (১৯৪১৭২ জন লোক আক্ৰান্ত) ৷ ইয়াৰ উপৰি বানৰ ক্ষতিগ্ৰস্ত আন আন জিলাসমূহ হৈছে কাছাৰ (৭৭,৯৬১ জন), নগাঁও (৬৭,৮৮০), লখিমপুৰ (৪৭,১২৭ জন), হাইলাকান্দি (৩০,২৩৪ জন), ডিব্ৰুগড় (২০,১৭৯ জন), আৰু তিনিচুকীয়া (১৯,২৮৯ জন)।
ইয়াৰ লগতে প্ৰধিকৰণে কয় যে, যোৱা ২৪ ঘন্টাত হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ পৰা এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা হৈছে৷ একে সময়তে হাইলাকান্দি আৰু ডিব্ৰুগড় জিলাৰ দুজন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।
ইফালে বানত ৮৪ টা জীৱ-জন্তু মৃত্যু হোৱাৰ বিপৰীতে ৪৬৭৮৫১ জীৱ-জন্তু ক্ষতিগ্ৰস্ত হৈছে আৰু ১২৬১০.২৭ হেক্টৰ কৃষি ভূমি বানত নষ্ট হৈছে৷
বুলেটিনত প্ৰকাশিত তথ্য অনুসৰি নিমাতীঘাট আৰু তেজপুৰত ব্ৰহ্মপুত্ৰ নদী, খোৱাঙত চেনিমাৰীত বুঢ়ীদিহিং, নুমলীগড়ত ধনশিৰি, কামপুৰ, ধৰমতুলত কপিলী আৰু ছোটা বেকৰা, ফুলাৰতাল, এ পি ঘাট আৰু বি পি ঘাটত বৰাক নদী আৰু শ্ৰীভূমিত কুশিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈছে।
বানাক্ৰান্ত অঞ্চলসমূহত প্ৰশাসন তৰফৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে ৷ বানপীড়িত অঞ্চলত জিলা প্ৰশাসনে স্থাপন কৰা ৩২২টা সাহায্য শিবিৰ ৩১২১২ জন লোকে আশ্ৰয় লৈছে ৷ আনহাতে ১৫৪১৭৭ সাহাৰ্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷
উল্লেখযোগ্য যে, বানে ৰাজ্যখনৰ আন্তঃগাঁথনিৰো ক্ষতিসাধন কৰিছে ৷ সোমবাৰে বানৰ বাবে ৪৯টা পথ, চাৰিখন দলং আৰু তিনিটা মথাউৰি ক্ষতিগ্ৰস্ত হৈছে ।