গুৱাহাটী
গুৱাহাটী মহানগৰীৰ নাগৰিকৰ জীৱন-সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰা তথা অপৰাধ নিয়ন্ত্ৰণৰ বাবে থানাৰ সংখ্যা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। এই সন্দৰ্ভত গৃহ বিভাগে যাৱতীয় প্রক্রিয়াও আগবঢ়াইছে।
মহানগৰ আৰক্ষীৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজধানী চহৰখনত বৰ্তমানৰ ২৭ খনৰ পৰিবৰ্তে ৪০ খনলৈ থানাৰ সংখ্যা বৃদ্ধি কৰাৰ প্রস্তাৱ বিবেচনাধীন হৈ আছে। এই সন্দর্ভত যাৱতীয় ফাইল গৃহ বিভাগে সাজু কৰিছে আৰু কেবিনেটৰ অনুমোদনৰ পিচতে বিষয়টোৱে বাস্তৱ ৰূপ পাব।
নতুন থানা স্থাপনৰ লগে লগে গুৱাহাটীৰ বৰ্তমানৰ থানাসমূহৰ পৰিসৰ সংকুচিত হ'ব। লগতে নাগৰিক তথা আবাসিক অঞ্চলসমূহক তৎক্ষণাৎ ঢুকি পাব আৰক্ষীয়ে।
ইয়াৰ ভিতৰত গড়ভাঙাকে ধৰি কেইবাটাও নতুন স্থানত থানা স্থাপন হ'ব বুলি জনা গৈছে। থানাৰ সংখ্যা বৃদ্ধিৰ লগে লগে আৰক্ষী বিষয়া-জোৱানৰ সংখ্যাও বৃদ্ধি পাব।