বৰেণ্য শিল্পী আশা ভোচলেৰ বিয়োগত শোক প্ৰকাশ প্ৰাক্তন ক্ৰিকেটাৰ ব্ৰেট লীৰ

Story by  atv | Posted by  [email protected] • 2 h ago
বৰেণ্য শিল্পী আশা ভোচলেৰ বিয়োগত শোক প্ৰকাশ প্ৰাক্তন ক্ৰিকেটাৰ ব্ৰেট লীৰ
বৰেণ্য শিল্পী আশা ভোচলেৰ বিয়োগত শোক প্ৰকাশ প্ৰাক্তন ক্ৰিকেটাৰ ব্ৰেট লীৰ
 
নতুন দিল্লী
 
কিংবদন্তি শিল্পী আশা ভোচলেৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে সংগীত জগত। শেহতীয়াকৈ তেওঁৰ প্ৰাক্তন সহযোগী শিল্পী তথা অষ্ট্ৰেলিয়ান  ক্ৰিকেটাৰ ব্ৰেট লীয়ে সংগীত সম্ৰাজ্ঞীগৰাকীৰ সৈতে কটোৱা স্মৃতি ৰোমন্থন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 

A post shared by Brett Lee (@brettlee_58)

তেওঁ সামাজিক মাধ্যমত উল্লেখ কৰে যে ২০০৬ চনত তেওঁ আশা ভোচলেৰ সৈতে ‘ইউ আৰ দ্য ৱান ফৰ মি’ শীৰ্ষক গীতটো লিখা আৰু ৰেকৰ্ডিং কৰাৰ সৌভাগ্য লাভ কৰিছিল। এই অভিজ্ঞতাৰ বাবে তেওঁ সদায় কৃতজ্ঞ।
 
তেওঁ অনুভৱ ব্যক্ত কৰি কয়- আশা ভোচলেৰ কেৱল অসাধাৰণ প্ৰতিভাই নহয়, বৰঞ্চ তেওঁৰ অমায়িক ব্যৱহাৰ আৰু নম্ৰতাহে মোৰ মনত গভীৰ সাঁচ বহুৱালে। জীৱনত ইমানখিনি সফলতা অৰ্জন কৰাৰ পিছতো তেওঁৰ মাজত আছিল অপৰিসীম উদাৰতা।