গুৱাহাটী
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ, বিশিষ্ট আইনজ্ঞ, ক্ৰীড়া সংগঠক, এসময়ৰ জনপ্ৰিয় ফুটবল ধাৰাভাষ্যকাৰ তথা সাংবাদিক ইস্কে আলমৰ ৮৭ সংখ্যক জন্মদিন আৰু ওকালতি জীৱনৰ ৫৮ বছৰ পূৰ্তি উপলক্ষে আজি তেজপুৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট আইনজ্ঞগৰাকীৰ জীৱন আৰু কৰ্মৰাজি সামৰি প্ৰকাশ কৰা এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়।
আলমৰ চিকিৎসক পুত্ৰ তনবীৰ আলমৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে বাণ থিয়েটাৰৰ সম্পাদক পংকজ বৰুৱাই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ পি জি আগৰৱালা, মীৰ আলফাজ আলী, তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস, সমাজকৰ্মী মীনাক্ষী ভূঞা, অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথ, তেজপুৰ উকিল সন্থাৰ সভাপতি পুতুল বৰা, অসমীয়া ক্লাবৰ সভাপতি পংকজ কুমাৰ বৰা, গ্ৰন্থখনৰ সম্পাদক ছৈয়দ ছালাটুল আলম আৰু ছৈয়দ ইস্কে আলমে সমূহীয়াভাৱে গ্ৰন্থখন উন্মোচন কৰে।
কণ্ঠশিল্পী তপন দাস, প্ৰীতি ঊষা পাচনি আৰু লক্ষ্যজ্যোতি শইকীয়াৰ সমবেত গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিশিষ্ট ব্যক্তিয়ে আলমক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।
অনুষ্ঠানত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ পি জি আগৰৱালাই আলমক এগৰাকী নিষ্ঠাবান আৰু দক্ষ অধিবক্তা হিচাপে অভিহিত কৰি তেওঁ কেতিয়াও ন্যায়ালয়ক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা নাছিল বুলি মন্তব্য কৰে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মীৰ আলফাজ আলীয়েও বক্তব্য আগবঢ়ায়। সমাজকৰ্মী মীনাক্ষী ভূঞাই আলমৰ সামাজিক দায়বদ্ধতাৰ প্ৰশংসা কৰি তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।
নিজৰ অনুভৱ ব্যক্ত কৰি আলমে গ্ৰামাঞ্চলৰ পৰা আহি প্ৰতিকূলতাৰ মাজেৰে তেজপুৰ আৰু কটন কলেজত শিক্ষাগ্ৰহণৰ স্মৃতি ৰোমন্থন কৰে। লগতে সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। গ্ৰন্থখনৰ সম্পাদক ছৈয়দ ছালাটুল আলমে শলাগ জ্ঞাপন কৰা অনুষ্ঠানত বিশিষ্ট সাহিত্যিক গুৰুমাইল সিং, জিলা আৰু সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকা আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ হবিবুল ইছলামক পৰিয়ালৰ তৰফৰ পৰা বিশেষভাৱে সন্মান জনোৱা হয়।