নতুন দিল্লী
দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে সামৰিক আৰু প্ৰতিৰক্ষা সম্পৰ্ক অধিক শক্তিশালী কৰাৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰিছে ভাৰতে। বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, এছিয়ান (ASEAN) দেশসমূহৰ সৈতে টহলদাৰী জাহাজ, ৰাডাৰ, আকাশ প্ৰতিৰক্ষা ব্যৱস্থা, হেলিকপ্টাৰ, ড্ৰোনকে ধৰি বিভিন্ন আধুনিক প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ ভাৰত সাজু।
নতুন দিল্লীৰ মনোহৰ পাৰিকৰ প্ৰতিৰক্ষা অধ্যয়ন আৰু বিশ্লেষণ প্ৰতিষ্ঠানত অনুষ্ঠিত প্ৰথমখন এছিয়ান-ভাৰত প্ৰতিৰক্ষা থিংক টেংক ফ’ৰামৰ উদ্বোধনী অধিৱেশনত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, প্ৰতিৰক্ষা সহযোগিতা কেৱল সামৰিক সা-সঁজুলি ক্ৰয়-বিক্ৰয়ৰ মাজতে সীমাবদ্ধ ৰখা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে যৌথভাৱে প্ৰযুক্তিৰ বিকাশ, উৎপাদন, সামৰিক সঁজুলিৰ ৰক্ষণাবেক্ষণ, মেৰামতি, প্ৰশিক্ষণ আৰু দীৰ্ঘম্যাদী কাৰিকৰী সহযোগিতাৰ ওপৰতো বিশেষ গুৰুত্ব দিব লাগিব।
এই সন্দৰ্ভত তেওঁ কয়, "কেৱল সামৰিক সঁজুলি ক্ৰয় কৰাত সীমাবদ্ধ নাথাকি আমি যৌথ উন্নয়ন, যৌথ উৎপাদন, ৰক্ষণাবেক্ষণ, মেৰামতি আৰু পুনৰ কাৰ্যক্ষম কৰি তোলাৰ ব্যৱস্থা, প্ৰশিক্ষণ তথা দীৰ্ঘম্যাদী কাৰিকৰী সহযোগিতাৰ দিশতো আগবাঢ়িব লাগিব। এনে পদক্ষেপে স্থানীয় পৰ্যায়ত দক্ষতা বৃদ্ধি কৰাৰ লগতে উদ্যোগসমূহক উৎসাহিত কৰিব আৰু সামগ্ৰী যোগানৰ ব্যৱস্থাক অধিক নিৰ্ভৰযোগ্য কৰি তুলিব।"
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ভাৰতে এনে এখন ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ পোষকতা কৰে, য’ত সৰু-বৰ প্ৰতিখন দেশে স্বাধীনভাৱে নিজৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, জাতীয় স্বাৰ্থ সুৰক্ষিত কৰিব পাৰে আৰু শান্তিপূৰ্ণ পৰিৱেশত উন্নয়নৰ পথত আগবাঢ়িব পাৰে।
তেওঁ কয়, "আমি বিশ্বাস কৰোঁ যে, দেশসমূহে যেতিয়া একেলগে নিজৰ সামৰ্থ্য বৃদ্ধি কৰে, আন্তঃৰাষ্ট্ৰীয় আইনক সন্মান জনায় আৰু আলোচনাৰ জৰিয়তে পাৰস্পৰিক বিশ্বাস অটুট ৰাখে, তেতিয়াহে সামূহিক নিৰাপত্তা অধিক শক্তিশালী হয়।"
উল্লেখযোগ্য যে, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনে নিজৰ প্ৰভাৱ বৃদ্ধি কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। অঞ্চলটোত সামৰিক ঘাটি স্থাপন, সৰু দেশসমূহৰ ওপৰত নিজৰ সামুদ্ৰিক দাবীৰ সমৰ্থনত চাপ সৃষ্টি কৰা আৰু তুলনামূলকভাৱে দুৰ্বল দেশসমূহৰ পৰা কৌশলগত সুবিধা আদায়ৰ প্ৰচেষ্টাক লৈ উদ্বেগ প্ৰকাশ পাই আহিছে। এনে পৰিস্থিতিত আছিয়ান দেশসমূহৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ প্ৰচেষ্টাই বিশেষ তাৎপৰ্য বহন কৰিছে।
ভাৰতে দীৰ্ঘদিন ধৰি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত এক মুক্ত, উন্মুক্ত আৰু সকলোকে সামৰি লোৱা আঞ্চলিক ব্যৱস্থা গঢ়ি তোলাৰ পোষকতা কৰি আহিছে। এই দৃষ্টিভংগীৰ মূল ভিত্তি হৈছে প্ৰতিখন দেশৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি সন্মান, আন্তঃৰাষ্ট্ৰীয় আইনৰ পালন আৰু আলোচনাৰ জৰিয়তে বিবাদৰ শান্তিপূৰ্ণ সমাধান।
এই প্ৰসংগত ৰাজনাথ সিঙে কয়, "আমাৰ সামূহিক লক্ষ্য হ’ব লাগে পাৰস্পৰিক বিশ্বাস গঢ়ি তোলা, ইজনে সিজনৰ সাৰ্বভৌমত্বক সন্মান জনোৱা, আন্তঃৰাষ্ট্ৰীয় আইন মানি চলা আৰু আলোচনাৰ পথ সদায় মুকলি ৰখা। মতানৈক্যসমূহ বিবাদলৈ ৰূপান্তৰিত হোৱাৰ পূৰ্বেই আলোচনাৰ জৰিয়তে শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ চেষ্টা কৰিব লাগে।"
তেওঁ লগতে কয় যে, অঞ্চলটোৰ দেশসমূহে যাতে কোনো বৃহৎ শক্তিৰ পক্ষ ল’বলৈ বাধ্য নোহোৱাকৈ পৰস্পৰৰ সৈতে সহযোগিতা আগবঢ়াব পাৰে, তেনে এক আঞ্চলিক পৰিৱেশ গঢ়ি তোলাটো অতি প্ৰয়োজনীয়।
ৰাজনাথ সিঙে কয়, "আমি এনে এক আঞ্চলিক ব্যৱস্থাক সমৰ্থন কৰিব লাগে, য’ত দেশসমূহে কোনো পক্ষ বাছি ল’বলৈ বাধ্য নোহোৱাকৈ একেলগে কাম কৰিব পাৰে।"
ইফালে, দক্ষিণ চীন সাগৰক কেন্দ্ৰ কৰি চীনৰ সৈতে এছিয়ানৰ কেইবাখনো সদস্য ৰাষ্ট্ৰৰ দীৰ্ঘদিনীয়া ভূখণ্ডগত আৰু সামুদ্ৰিক বিবাদ অব্যাহত আছে। বিশেষকৈ মালয়েছিয়া, ফিলিপাইনছ আৰু ভিয়েটনামৰ সৈতে দক্ষিণ চীন সাগৰৰ বিভিন্ন অঞ্চলৰ অধিকাৰক লৈ চীনৰ মতানৈক্য আছে।
এনে এক জটিল ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজত এছিয়ান দেশসমূহৰ সৈতে সামৰিক প্ৰযুক্তি, প্ৰতিৰক্ষা উৎপাদন আৰু নিৰাপত্তা সহযোগিতা অধিক সম্প্ৰসাৰণৰ বাবে ভাৰতে প্ৰকাশ কৰা আগ্ৰহে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দেশখনৰ বৰ্ধিত কৌশলগত ভূমিকা আৰু আঞ্চলিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।