নতুন দিল্লী
প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় হঠাৎ অসুস্থ হৈ পৰে৷ ইতিমধ্যে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ অজ্ঞান হৈ পৰাৰ ফলত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীক দিল্লীৰ AIIMSত ভৰ্তি কৰোৱা হয়।
যোৱা সপ্তাহত দুবাৰকৈ অজ্ঞান হৈ পৰাৰ পিছত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সোমবাৰে সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (AIIMS)ত এম আৰ আই স্কেন কৰিবলৈ ভৰ্তি কৰা হয়। যোৱা ১০ জানুৱাৰীত বাথৰূমত তেওঁ দুবাৰকৈ অজ্ঞান হৈ পৰিছিল।
এইমছৰ মিডিয়া চেলৰ ভাৰপ্ৰাপ্ত অধ্যাপিকা ৰীমা দাদাই উল্লেখ কৰে যে সোমবাৰে তেওঁ AIIMSলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে আহিছিল, তেতিয়াই চিকিৎসকে তেওঁক ভৰ্তি হ'বলৈ পৰামৰ্শ দিয়ে। মন কৰিবলগীয়া যে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকী এনেদৰে সময়ে সময়ে অজ্ঞান হৈ পৰাটো নতুন কথা নহয়৷
ইয়াৰ পূৰ্বেও উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত তেওঁ গুজৰাট, উত্তৰাখণ্ড, কেৰালা আৰু দিল্লীত ৰাজহুৱা অনুষ্ঠানৰ সময়ত কেইবাবাৰো অজ্ঞান হৈ পৰিছিল। এই ধৰণৰ স্বাস্থ্যজনিত কাৰণতে জগদীপ ধনখড়ে যোৱা বছৰৰ ২১ জুলাইত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছিল।
সেই সময়ত ৰাষ্ট্ৰপতিলৈ লিখা পদত্যাগ পত্ৰত ধনখড়ে লিখিছিল, "মোৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দি আৰু মোৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰণ কৰি সংবিধানৰ ৬৭(ক) অনুচ্ছেদৰ অধীনত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ পত্ৰ আগবঢ়াইছো।" ইয়াৰ পিছত উপ-ৰাষ্ট্ৰপতি পদৰ বাবে পুনৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল, য’ত চি পি ৰাধাকৃষ্ণন নতুন উপ-ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হয়।