গুৱাহাটী
২০২৩ চনৰ মণিপুৰৰ জাতিগত হিংসাৰ গোচৰত দাখিল কৰা অভিযোগনামাৰ প্ৰতিলিপি ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালক যোগান ধৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে চি বি আই আৰু মণিপুৰ ৰাজ্যিক এছ আই টিক এই প্ৰতিলিপি যোগান ধৰিবলৈ কয়।
উল্লেখযোগ্য যে ২০২৩ চনৰ ৩ মে’ত মণিপুৰত প্ৰথমবাৰৰ বাবে হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱাৰ পাছৰে পৰা ২০০ৰো অধিক লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছে। আনহাতে, বহু লোক গৃহহাৰা হৈছে।
এই বিষয় সন্দৰ্ভত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত ন্যায়াধীশ জয়মাল্য বাগচী আৰু বিপুল এম পাঞ্চোলিৰে গঠিত বিচাৰপীঠে শুনানি গ্ৰহণ কৰে। অধিবক্তা বৃন্দা গ্ৰ’ভাৰে গোচৰৰ ভাগ্যক লৈ ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়াল অন্ধকাৰত আছে বুলি দাবী কৰাৰ পিছত বিচাৰপীঠে চি বি আই আৰু ৰাজ্যিক আৰক্ষীৰ এছ আই টিক অভিযোগনামাৰ প্ৰতিলিপি ক্ষতিগ্ৰস্ত লোকসকলক যোগান ধৰিবলৈ কয়।
বিচাৰপীঠে মণিপুৰ ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণক প্ৰতিগৰাকী ভুক্তভোগীক বিনামূলীয়াকৈ আইনী সাহায্যৰ পৰামৰ্শ প্ৰদান কৰিবলৈও নিৰ্দেশ দিয়ে। আনহাতে, গোচৰসমূহৰ বিচাৰৰ বাবে গুৱাহাটীলৈ যোৱা আইনী সাহায্য অধিবক্তাৰ ভ্ৰমণ আৰু থকা-খোৱাৰ বিল পৰিশোধ কৰিবলৈ মণিপুৰ ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণক নিৰ্দেশ দিয়ে।
বিচাৰপীঠে কয় যে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যই বিশেষ ন্যায়ালয়ৰ সন্মুখত সকলো অভিযোগ দাখিল কৰিবৰ বাবে স্বাধীন। কিয়নো ন্যায়ালয়ে অভিযোগনামাৰ ওপৰত কোনো কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই বা ইয়াৰ দুৰ্বলতাৰ ওপৰতো কোনো ধৰণৰ মন্তব্য কৰা নাই।
বিচাৰপীঠে কয় যে গুৱাহাটীৰ নিম্ন আদালতৰ সন্মুখত ভাৰ্চুৱেলভাৱে ভুক্তভোগীয়ে নিজৰ বক্তব্য লিপিবদ্ধ কৰাৰ অনুমতি দিয়া পূৰ্বৰ নিৰ্দেশ বলৱৎ থাকিব।
শুনানিৰ সময়ত বিচাৰপীঠে জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গীতা মিট্টালৰ নেতৃত্বত গঠিত তিনিজনীয়া ন্যায়াধীশ পেনেলক কোনো ধৰণৰ পাৰিতোষিক নিদিয়াৰ বাবে সমালোচনা কৰে। এই পেনেলখনক ভুক্তভোগীসকলৰ পুনৰ্বাসনৰ ওপৰত নজৰ ৰখাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। লগতে মহাৰাষ্ট্ৰ আৰক্ষীৰ প্ৰাক্তন মুৰব্বী দত্তত্ৰয় পদছালগীকাৰে অপৰাধমূলক গোচৰসমূহৰ তদন্তৰ ওপৰত নজৰ ৰাখিছে।
উচ্চতম ন্যায়ালয়ে কয়, “অন্তৰ্ৱৰ্তীকালীন ব্যৱস্থা হিচাপে ন্যায়াধীশ মিট্টাতলক ১২ লাখ টকা আৰু বম্বে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ শালিনী পি যোশী আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আশা মেননক (যিসকলো পেনেলৰ অংশ) ১০ লাখ টকাকৈ দিয়াটো আমি উপযুক্ত বুলি বিবেচনা কৰোঁ।”
এই মুহূৰ্তত পদছালগীকাৰক তেওঁৰ সেৱাৰ বাবে ১০ লাখ টকা দিবলৈও বিচাৰপীঠে কয় আৰু পৰৱৰ্তী সময়ত পেনেলৰ সদস্য আৰু প্ৰাক্তন ডিজিপিৰ সহায়ৰ বাবে পাৰিতোষিকৰ ধন নিৰ্ধাৰণ কৰিব বুলিও কয়।