অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বিশিষ্ট ৰাজনীতিবিদ যতীন মালিৰ দেহাৱসান

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বিশিষ্ট ৰাজনীতিবিদ যতীন মালি
প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বিশিষ্ট ৰাজনীতিবিদ যতীন মালি
 
গুৱাহাটী
 
অসমৰ ৰাজনীতি জগতৰ এগৰাকী পৰিচিত ব্যক্তি তথা ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালিৰ আজি মৃত্যু হয়। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
 
প্ৰাপ্ত তথ্য অনুসৰি, তেওঁ দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ আছিল। শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকৰ সকলো প্ৰচেষ্টা ব্যৰ্থ কৰি তেওঁ ইহলীলা সম্বৰণ কৰে।
 
যতীন মালি আছিল কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক। তেওঁ অসম চৰকাৰৰ এগৰাকী দক্ষ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজনৈতিক জীৱনৰ এক বিশেষ পৰ্যায়ত তেওঁ পলাশবাৰী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপেও প্ৰতিদ্বন্দ্বিতা কৰিছিল।
 
তেওঁৰ বিয়োগত অসমৰ ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰখনত এক গভীৰ শোকৰ ছাঁ পৰিছে। বিভিন্ন দল-সংগঠন আৰু গণ্য-মান্য ব্যক্তিয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।