পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, লোকভৱনত ৩৫ গৰাকী মন্ত্ৰীয়ে ল'লে শপত

Story by  atv | Posted by  Munni Begum • 1 d ago
লোকভৱনত ৩৫ গৰাকী মন্ত্ৰীয়ে ল'লে শপত
লোকভৱনত ৩৫ গৰাকী মন্ত্ৰীয়ে ল'লে শপত
 
কলকাতা
 
সোমবাৰে কলকাতাৰ লোকভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৩৫ জন নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। ইয়াৰ পিছতে পশ্চিমবংগ মন্ত্ৰীসভা  সম্প্ৰসাৰিত হয়।
 
ৰাজ্যপাল আৰ এন ৰবিয়ে নতুন মন্ত্ৰীসকলক শপতবাক্য পাঠ কৰায়। ইয়াৰ ফলত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ নেতৃত্বাধীন মন্ত্ৰী পৰিষদৰ সদস্য সংখ্যা ৪১ জনলৈ বৃদ্ধি পায়। ৰাজ্য চৰকাৰৰ প্ৰশাসনিক কাঠামো অধিক শক্তিশালী কৰি শাসন ব্যৱস্থা সুদৃঢ় কৰাৰ লক্ষ্যৰে এই বৃহৎ ৰদবদল কৰা হৈছে।
 
নতুনকৈ শপত লোৱা মন্ত্ৰীসকলৰ ভিতৰত বিধায়ক দীপক বৰ্মন, অৰ্জুন সিং, শংকৰ ঘোষ, গৌৰীশংকৰ ঘোষ, তপশ ৰায়, মনোজ কুমাৰ ওৰাঁও, জগন্নাথ চট্টোপাধ্যায়, অজয় পোদ্দাৰ, স্বপন দাশগুপ্ত, ডাঃ শৰদ্বত মুখাৰ্জী আৰু কল্যাণ চক্ৰৱৰ্তী অন্যতম।
 
লোক ভৱনত অনুষ্ঠিত এই শপত গ্ৰহণ অনুষ্ঠানত নতুন মন্ত্ৰীসকলৰ মাজত বিভিন্ন দায়িত্ব আৰু বিভাগ বণ্টনৰ প্ৰক্ৰিয়াৰ প্ৰতিফলন দেখা যায়। ইফালে, নতুন মন্ত্ৰীসভাৰ অংশ হোৱা বিজেপি বিধায়ক অৰ্জুন সিঙে সোমবাৰে কয় যে, তেওঁ দল আৰু জনসাধাৰণৰ আশা-আকাংক্ষা অনুসৰি নতুন দায়িত্ব গ্ৰহণ কৰিবলৈ সম্পূৰ্ণ সাজু। 
 
এএনআইৰ সৈতে হোৱা বাৰ্তালাপত সিঙে কয়, "মই সদায় নতুন দায়িত্ব গ্ৰহণ কৰোঁ আৰু সেই দায়িত্ব সফলভাৱে পালন কৰাৰ চেষ্টা কৰোঁ। আজিও মই এটা নতুন দায়িত্ব গ্ৰহণ কৰিবলৈ ওলাইছোঁ। চৰকাৰে, দলে বা জনসাধাৰণে যি আশা কৰে, সেই অনুসৰি আগবাঢ়ি যোৱাটোৱেই আমাৰ প্ৰাধান্য।' 
 
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী সুৱেন্দু আধিকাৰীয়ে দেওবাৰে ঘোষণা কৰিছিল যে, শপত গ্ৰহণ অনুষ্ঠানত আৰু ৩৫ জন মন্ত্ৰীক ৰাজ্য চৰকাৰত অন্তৰ্ভুক্ত কৰা হ'ব।