গুৱাহাটী
গুৱাহাটীৰ বশিষ্ঠ উৰণ সেতুৰ এটা খুঁটাত লাডাখৰ প্ৰখ্যাত পৰিৱেশ কৰ্মী তথা শিক্ষাবিদ সোনম ৱাংচুকৰ প্ৰতিচ্ছবি অংকন কৰাক লৈ মহানগৰীত চাঞ্চল্যৰ সৃষ্টি হৈছে। অনুমতি অবিহনে ৰাজহুৱা স্থানত ছৱি অংকন কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে নিশা অভিযান চলাই দুজন যুৱকক আটক কৰে।
উল্লেখজযোগ্য যে, যুৱক দুজনে চৰকাৰী তথা প্ৰশাসনৰ কোনো পূৰ্ব অনুমতি নোলোৱাকৈ উৰণ সেতুৰ খুঁটাত ছৱি অংকন কৰিছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতেই স্পষ্ট নিৰ্দেশনা জাৰি কৰিছিল যে,চৰকাৰী অনুমতি অবিহনে উৰণ সেতু বা কোনো ৰাজহুৱা দেৱালত যধে-মধে দেৱাল লিখন বা ছৱি অংকন কৰিব নোৱাৰিব। চহৰখনৰ সৌন্দৰ্যবৰ্ধন অক্ষুণ্ণ ৰাখিবলৈ এই নিয়ম কঠোৰ কৰা হৈছে। এই নিৰ্দেশনা উলংঘা কৰাৰ বাবেই তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়।
আটক কৰা যুৱকদুজন 'চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়'ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। দিল্লীত শিক্ষা আৰু ছাত্ৰ সমাজৰ বাবে অনশনত বহা সোনম ৱাংচুকৰ প্ৰতি শ্ৰদ্ধা জনাই আৰু তেওঁৰ আদৰ্শক সমৰ্থন কৰিবলৈ স্বতন্ত্ৰভাৱে তেওঁলোকে এই দেৱালত সোণম ৱাংচুকৰ ছৱি আঁকিছিল।
যুৱককেইজনে স্পষ্ট কৰি দিয়ে যে, তেওঁলোক কোনো ৰাজনৈতিক দল বা সংগঠনৰ সৈতে জড়িত নহয়। এয়া কেৱল এগৰাকী মহান উদ্ভাৱক তথা পৰিৱেশ কৰ্মীৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ এক শৈল্পিক প্ৰয়াস আছিল।
ইফালে যন্তৰ মন্তৰত যোৱা ২০ দিন ধৰি অনশন কৰি থকা সোণম ৱাংচুকক শনিবাৰে পুৱা দিল্লী আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ যায়। ইফালে ককৰোচ জনতা পাৰ্টিৰ নেতা অভিজিৎ দীপকে শনিবাৰে ঘোষণা কৰে যে তেওঁ অনিৰ্দিষ্টকালৰ বাবে অনশনত বহিব। দীপকে অভিযোগ কৰে যে তেওঁক যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলীত সোমোৱাত বাধা দিয়া হৈছিল। লগতে দিল্লী আৰক্ষীয়ে তেওঁক মাৰধৰ কৰি আটক কৰে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে।