গুৱাহাটী
অসমৰ বিভিন্ন খণ্ডৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অহা পাঁচ বছৰত ৰাজ্য চৰকাৰে ৫০,০০০ কোটি টকা বিনিয়োগ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে।
দেওবাৰে গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এই বিনিয়োগৰ ধন প্ৰাথমিক স্বাস্থ্যসেৱা, বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ, চাহ বাগিচাৰ শ্ৰমিকৰ বাবে আৱাস, বিদ্যুৎ, পথ, মহিলা বজাৰ আৰু ছাত্ৰাবাসৰ লগতে বান্ধ নিৰ্মাণ আদি বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব।
মুখ্যমন্ত্ৰীয়ে কয়, “ৰাজ্যিক কেবিনেটে ‘বিকশিত অসম: ইনফ্ৰা ভিছন’ আঁচনিৰ অধীনত ৫০,০০০ কোটি টকা বিনিয়োগৰ অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে বিভিন্ন আন্তঃগাঁথনি উন্নয়নৰ কাম কৰা হ’ব।”
কেবিনেটে কামৰূপ মহানগৰ আৰু নগাঁও জিলাত মুঠ ১,১৭৪ বিঘা ভূমি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগক উদ্যোগিক ক্ষেত্ৰ আৰু লেণ্ড বেংক গঢ়ি তোলাৰ বাবে আবণ্টনৰো অনুমোদন জনায়।
ইয়াৰ উপৰি ধেমাজি জিলাৰ ৰংগাজান গাঁৱত ২৭ বিঘা ভূমি পশুপালন আৰু পশুচিকিৎসা বিভাগক দুগ্ধ প্ৰকল্প স্থাপনৰ বাবে আবণ্টন দিয়াৰ সিদ্ধান্ত লোৱা হয়।
ব্যৱসায় কৰাৰ পৰিৱেশ অধিক সহজ কৰি তোলাৰ লক্ষ্যৰে কেবিনেটে অসম ট্ৰেড আৰ্টিকলছ অৰ্ডাৰ, ২০২৬-তো অনুমোদন জনায়। ইয়াৰ জৰিয়তে পেট্ৰ’লিয়াম সামগ্ৰীৰ খুচুৰা বিক্ৰীৰ বাবে প্ৰয়োজন হোৱা অনুজ্ঞাপত্ৰৰ ব্যৱস্থা বাতিল কৰা হ’ব।
লগতে অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি, ২০১৯ সংশোধনৰ অনুমোদন জনোৱা হয়। এই সংশোধনৰ জৰিয়তে পঞ্জীয়নভুক্ত বাহন স্ক্ৰেপিং সুবিধাক ২০২২ চনৰ অসম বাহন স্ক্ৰেপেজ নীতিৰ অধীনত বিত্তীয় প্ৰোৎসাহনৰ বাবে যোগ্য ঔদ্যোগিক কাৰ্যকলাপ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।
চাহ বাগিচা বা চাহ ভূমিৰ বজাৰ মূল্য নিৰ্ধাৰণ কৰি হস্তান্তৰ দলিলৰ ষ্টাম্প ডিউটি আৰু পঞ্জীয়ন মাচুল গণনা কৰাৰ ক্ষেত্ৰত থকা এককালীন সুযোগৰ সময়সীমাও কেবিনেটে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। লগতে এককালীন এছ অ’ পি মূল্যায়ন ব্যৱস্থাও অব্যাহত ৰখাৰ অনুমোদন দিয়া হৈছে।
কেবিনেটে শোণিতপুৰ জিলাৰ তেজপুৰত ফাৰ্মবক্স বায়’ প্ৰাইভেট লিমিটেডৰ ৩০০ কোটি টকাৰ প্ৰকল্পতো অনুমোদন জনায়। ইয়াৰ লগতে গোৱালপাৰা জিলাৰ ৰক্ষ্যসিনী জংঘল ব্লকত ৩০ মেগাৱাট সৌৰশক্তি আৰু ২৫ মেগাৱাট বেটাৰী এনার্জি ষ্ট’ৰেজ ছিষ্টেমৰ এক সংহত প্ৰকল্প স্থাপনৰ অনুমোদন দিয়া হয়।
মুখ্যমন্ত্ৰীৰ মতে, হাৱাইপুৰ ষ্টেচনৰ সমীপত ৰে’ল অভাৰব্ৰিজ নিৰ্মাণ আৰু পশ্চিম কাৰ্বি আংলঙৰ খেৰনী চাৰিআলিক বামুণগাঁৱৰ ওচৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰা বাইপাছ পথ নিৰ্মাণৰ বাবে ১৫৫.৯৮ কোটি টকা অনুমোদন কৰা হৈছে। এই প্ৰকল্প সম্পূৰ্ণ হ’লে লংকা চহৰত যানজঁটৰ সমস্যা বহু পৰিমাণে হ্ৰাস পাব বুলি আশা কৰা হৈছে।
ইফালে, ২০২৬-২৭ বিত্তীয় বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১১০ কোটি টকা অনুমোদন জনোৱা হৈছে। এই ধনেৰে বিশ্ববিদ্যালয়খনৰ কেইবাটাও দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা কাম সম্পূৰ্ণ কৰা হ’ব।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (NFSA)ৰ ৰেচন কাৰ্ডধাৰীসকলৰ বাবে মচুৰ দাইল প্ৰতি কিলোগ্ৰামত ৭০ টকা আৰু চেনি প্ৰতি কিলোগ্ৰামত ৩৫ টকা মূল্যত উপলব্ধ কৰা হ’ব।
বানপানীত ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অৰুণোদই আঁচনিৰ হিতাধিকাৰীসকলে এই মাহত ২,০০০ টকাকৈ লাভ কৰিব। সাধাৰণতে তেওঁলোকে লাভ কৰা ১,২৫০ টকাৰ পৰিৱৰ্তে এইবাৰ এই অতিৰিক্ত সাহায্য প্ৰদান কৰা হ’ব। আন জিলাসমূহৰ হিতাধিকাৰীসকলে ১,২০০ টকাকৈ লাভ কৰিব।
মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে, ৰাজ্য চৰকাৰে ১ ছেপ্টেম্বৰত বাকী থকা বানপীড়িত পৰিয়ালসমূহক প্ৰাথমিক সাহায্য হিচাপে ১৫,০০০ টকাকৈ প্ৰদান কৰিব।