আজি মিছাইল মেন ড° এপিজে আব্দুল কালামৰ ৯৫ সংখ্যক জন্মবাৰ্ষিকী; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Story by  atv | Posted by  [email protected] • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
কিছুমান স্মৃতি বা অৱদান সময়ৰ লগত ম্লান হৈ পৰে, কিন্তু ড° এ পি জে আব্দুল কালামৰ অৱদান আৰু আদৰ্শ দিনক দিনে অধিক শক্তিশালীহে হৈ গৈছে। প্ৰতি বছৰে ১৫ অক্টোবৰ তাৰিখে ভাৰতবৰ্ষই প্ৰাক্তন ৰাষ্ট্ৰপতি, বিজ্ঞানী আৰু অভিযন্তাগৰাকীৰ জন্মবাৰ্ষিকী পালন কৰে, যিগৰাকী ব্যক্তি আজিও দেশৰ যুৱপ্ৰজন্মৰ বাবে আটাইতকৈ আদৰণীয় আৰু প্ৰেৰণাদায়ক কণ্ঠস্বৰ হৈ আছে।
 
ড° কালামে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰাৰ কোনো সুযোগেই প্ৰায় নুই নকৰিছিল। তেখেতে ছাত্ৰ-ছাত্ৰীসকলক সদায় ডাঙৰ সপোন দেখিবলৈ আৰু এখন এনেকুৱা ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে কাম কৰিবলৈ উৎসাহিত কৰিছিল, “যিখন ৰাষ্ট্ৰ আটাইতকৈ প্ৰতিভাশালী পণ্ডিত, বিজ্ঞানী আৰু বিনিয়োগকাৰীসকলৰ বাবে সৰ্বশ্ৰেষ্ঠ গন্তব্যস্থান হৈ পৰে।”
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছে; "ভাৰতৰ মহাকাশ বিজ্ঞান আৰু প্ৰতিৰক্ষা গৱেষণাৰ অন্যতম মহান কাণ্ডাৰী ড° এ পি জে আব্দুল কালাম ডাঙৰীয়া আছিল জ্ঞান, সৰলতা আৰু দেশপ্ৰেমৰ এক অনন্য প্ৰতীক। ৰাষ্ট্ৰপতিৰ সৰ্বোচ্চ আসন অলংকৃত কৰিও তেখেতে দেশৰ সাধাৰণ জনতা, বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু যুৱপ্ৰজন্মৰ সৈতে এক আত্মিক সম্পৰ্ক গঢ়ি তুলিছিল। তেখেতৰ জীৱনগাথাৰ প্ৰতিটো অধ্যায়তে নিহিত হৈ আছে অসম্ভৱক সম্ভৱ কৰাৰ সপোন আৰু সেই সপোনক বাস্তৱ ৰূপ দিবলৈ কঠোৰ পৰিশ্ৰম কৰাৰ অনুপ্ৰেৰণা। বিজ্ঞান আৰু প্ৰযুক্তিৰ শক্তিৰে এখন আত্মনিৰ্ভৰ, শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ যি সপোন তেখেতে দেখিছিল; সেই সপোনে আজিও দেশৰ যুৱপ্ৰজন্মক পথ দেখুৱাই আছে।
 
"অসমৰ মাটি আৰু অসমৰ ছাত্ৰ-যুৱক-যুৱতীসকলৰ মাজতো ড° কালামৰ এই প্ৰেৰণাই এক বিশেষ অনুৰণন সৃষ্টি কৰি আহিছে। সপোন দেখিবলৈ, জ্ঞান আহৰণ কৰিবলৈ আৰু দেশৰ বাবে কাম কৰিবলৈ তেখেতে দি যোৱা আহ্বান আমাৰ নতুন প্ৰজন্মৰ বাবে সদায়েই এক অমূল্য পাথেয় হৈ থাকিব। যুগ-মনীষী ড° এ পি জে আব্দুল কালামদেৱৰ পৱিত্ৰ জয়ন্তীত তেখেতলৈ জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত", মুখ্যমন্ত্ৰী শৰ্মাই লিখে।
 
ৰাষ্ট্ৰপতি ভৱনৰ কাৰ্যকালৰ সময়ছোৱাকে ধৰি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সঘনাই কৰা বাৰ্তালাপ আৰু তেখেতৰ ভাষণসমূহৰ জৰিয়তে, ড° কালামে প্ৰজন্মৰ পিছত প্ৰজন্মক জ্ঞান অন্বেষণ, নৱ-উদ্ভাৱন আৰু জাতি গঠনৰ দিশত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰি গৈছে।