গুৱাহাটীত পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক: কাহিলীপাৰাত সন্ত্ৰাস চলোৱা দুই দুৰ্ধৰ্ষ ডকাইত এনকাউণ্টাৰত গুলীবিদ্ধ

Story by  atv | Posted by  [email protected] • 1 h ago
প্ৰশান্ত বড়ো আৰু ৰাহুল দাস
প্ৰশান্ত বড়ো আৰু ৰাহুল দাস
 
গুৱাহাটী
 
অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে গুৱাহাটী মহানগৰ আৰক্ষীয়ে পুনৰ কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰি ফুৰা অপৰাধীক এসেকা দিবলৈ পুনৰ গৰজি উঠিল মহানগৰ আৰক্ষীৰ বন্দুক। শেহতীয়াভাৱে মহানগৰীৰ খানাপাৰা আৰু পাঞ্জাবাৰীৰ মাজৰ এক অঞ্চলত আৰক্ষীৰ এনকাউণ্টাৰত দুজনকৈ দুৰ্ধৰ্ষ ডকাইত গুলীবিদ্ধ হৈছে।
 
আৰক্ষীৰ গুলীত আহত হোৱা এই দুই অভিযুক্ত হৈছে ক্ৰমে প্ৰশান্ত বড়ো আৰু ৰাহুল দাস। জানিব পৰা মতে, গুলীবিদ্ধ দুয়োকে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান তেওঁলোকৰ চিকিৎসা চলি আছে।
 
উল্লেখ্য যে, যোৱা ৫ অক্টোবৰৰ পুৱা প্ৰায় ৫.৪৫ বজাত কাহিলীপাৰাৰ জনকপুৰত এক শিহৰণকাৰী ডকাইতিৰ ঘটনা সংঘটিত হৈছিল। এখন বাইক বা স্কুটীত অহা দুজন 'চিলনী চোৰে' এগৰাকী নিৰীহ মহিলাক অনুসৰণ কৰি অৱশেষত তেওঁৰ হাতৰ বেগটো থপিয়াই নিছিল। কেৱল সেয়াই নহয়, বেগটো লৈ পলায়ন কৰাৰ সময়ত দুৰ্বৃত্তই মহিলাগৰাকীক ৰাস্তাৰে বহু দূৰলৈকে চোঁচৰাই নিছিল, যাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। এই সমগ্ৰ ক্ৰুৰ ঘটনাটো ওচৰৰে এটা চিচিটিভি (CCTV) কেমেৰাত বন্দী হৈ পৰিছিল, যিয়ে সমগ্ৰ মহানগৰীতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। কেৱল জনকপুৰতে নহয়, একেদিনাই অৰ্থাৎ ৫ অক্টোবৰতে লালমাটি অঞ্চলতো এই দুই অভিযুক্তই অনুৰূপ ধৰণৰ আন এক অপৰাধ সংঘটিত কৰিছিল।
 
ঘটনা সংঘটিত কৰাৰ পাছতে দুই অভিযুক্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল। পৰৱৰ্তী সময়ত, যোৱা ৯ অক্টোবৰত বশিষ্ঠ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই এই দুই অভিযুক্তক সফলতাৰে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত দুজনৰ জিম্মাৰ পৰা অপৰাধত ব্যৱহাৰ কৰা এখন স্কুটী আৰু কেইবাটাও চুৰি ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।
 
আৰক্ষীৰ সঘন জেৰা আৰু তদন্তৰ অন্তত পোহৰলৈ আহে আন এক চাঞ্চল্যকৰ তথ্য। জানিব পৰা মতে, ডকাইতিৰ সময়ত ব্যৱহাৰ কৰা আৰু জব্দ কৰা স্কুটীখন যোৱা ৩ অক্টোবৰত ভঙাগড় অঞ্চলৰ পৰা চুৰি কৰা হৈছিল।
 
বৰ্তমান GMCH-ত চিকিৎসাধীন হৈ থকা এই দুই অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে পৰৱৰ্তী আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। মহানগৰ আৰক্ষীৰ এনে কঠোৰ পদক্ষেপে সাধাৰণ ৰাইজৰ মাজত নিৰাপত্তাবোধ ঘূৰাই অনাৰ লগতে অপৰাধী চক্ৰলৈ এক কঠোৰ সতৰ্কবাণী প্ৰেৰণ কৰিছে।