গুৱাহাটী
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন কৰে।
নতুন কেন্দ্ৰটোত অষ্ট্ৰিয়া, চাইপ্ৰাছ, চেক গণৰাজ্য, ইজিপ্ট, এষ্টোনিয়া, ফ্ৰান্স, আয়াৰলেণ্ড, ইটালী, জাপান, লাটভিয়া, মাল্টা (ডি-ভিছাৰ আবেদন), মৰক্কো, ছুইজাৰলেণ্ড আৰু ব্ৰিটেইনকে ধৰি ১৪খন দেশ ভ্ৰমণৰ বাবে ভিছাৰ আবেদন প্ৰক্ৰিয়াকৰণ কৰা হ’ব।
ছুইজাৰলেণ্ড, চেক গণৰাজ্য, ইটালী আৰু ফ্ৰান্সৰ কূটনৈতিক মিছনৰ প্ৰতিনিধিসকলৰ উপস্থিতিত শৰ্মাই কয়, “এই কেন্দ্ৰই অঞ্চলটোৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিব। পূৰ্বে ভিছাৰ বাবে মানুহ কলকাতা বা দিল্লীলৈ যাবলগীয়া হৈছিল, কিন্তু এতিয়া তেওঁলোকে এই কেন্দ্ৰতে ভিছা লাভ কৰিব পাৰিব।”
তেওঁ কয় যে কেন্দ্ৰটোৱে অনুমোদনৰ বাবে ভিছাৰ আবেদনসমূহ সংশ্লিষ্ট দূতাবাসলৈ প্ৰেৰণ কৰিব আৰু ভিছাৰ মোহৰ লগোৱা পাছপ’ৰ্টসমূহ এই কেন্দ্ৰৰ পৰাই সংগ্ৰহ কৰিব পৰা যাব।
ভিএফএছ গ্ল’বেলে এই কেন্দ্ৰ মুকলি কৰাৰ ফলত ৰাইজৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ অধিক সহজলভ্য আৰু সুবিধাজনক হ’ব বুলিও তেওঁ কয়।
ভিএফএছ গ্ল’বেলৰ দক্ষিণ এছিয়াৰ মুখ্য পৰিচালন বিষয়া য়ুম্মি তলৱাৰে কয়, “গুৱাহাটীত আমাৰ নতুন ভিছা আবেদন কেন্দ্ৰ উদ্বোধন কৰিবলৈ পাই আমি আনন্দিত। ই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে ভিছা সেৱা লাভৰ সুবিধা অধিক সুদৃঢ় কৰিব।”
তলৱাৰে লগতে কয়, “আমাৰ ওপৰত আস্থা প্ৰকাশ কৰাৰ বাবে আমি অসম চৰকাৰ আৰু আমাৰ অংশীদাৰ কূটনৈতিক মিছনসমূহৰ প্ৰতি কৃতজ্ঞ।”
অনুষ্ঠানত অসমৰ মন্ত্ৰী অজন্তা নেওগ আৰু চৰণ বড়োৱেও অংশগ্ৰহণ কৰে।