গুৱাহাটীত ভয়ংকৰ ভূমিস্খলন; একে পৰিয়ালৰে তিনিজনৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 37 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
গুৱাহাটী মহানগৰীৰ নুনমাটিৰ মঠঘৰীয়াত ভয়ংকৰ ভূমিস্খলন। মঠঘৰীয়াৰ নিজৰা পাৰৰ লক্ষ্মী মন্দিৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা। এই ভূমিস্খলনৰ ফলত একেটা পৰিয়ালৰে তিনিজনৰ মৃত্যু হয়। কৰুণ মৃত্যুক সাবটি ল’লে পিতৃ-মাতৃৰ লগতে কন্যাই। ধ্বংসস্তূপৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয় পুত্ৰক।
 
ঘৰৰ মুৰব্বী নগেন ৰাজবংশী, তেওঁৰ পত্নী চুনু ৰাজবংশী আৰু কন্যা মীনা ৰাজবংশীয়ে শোকাৱহ মৃত্যুক সাবটি লয়। পাহাৰৰ মাটি খহি হেঁচা মাৰি ধৰিছিল পৰিয়ালটোক। কথমপি প্ৰাণ ৰক্ষা পৰে পুত্ৰ বিপ্লৱ ৰাজবংশীৰ।
 
উল্লেখযোগ্য যে, মুষলধাৰ বৰষুণৰ ফলত পৰিয়ালটোৰ ঘৰৰ ওপৰত খহি পৰিছিল পাহাৰৰ মাটি। খহি পৰা মাটিয়ে ঘৰটো হেঁচা মাৰি ধৰাত কোনোফালে ওলাবলৈ সক্ষম নহ’ল পৰিয়ালটো। যাৰ ফলত ঘৰৰ ভিতৰতে কৰুণ মৃত্যুক সাবটি লয় তিনি সদস্যই।


শেহতীয়া খবৰ