গুৱাহাটী
সামান্য এজাক বৰষুণতে বুৰ যোৱা গুৱাহাটী মহানগৰীত মঙলবাৰে পুৱাই দেখা গ'ল সেই একেই পৰিৱেশ। মঙলবাৰেও ব্যতিক্ৰম নহ'ল গুৱাহাটীৰ পৰিৱেশ। এজাক বৰষুণৰ পিছতে কৃত্ৰিম বানত বুৰ গ'ল মহানগৰীৰ একাংশ ঠাই।
মঙলবাৰে পুৱাৰে পৰা অহা এজাক মুষলধাৰ বৰষুণৰ ফলত ৰাজধানী মহানগৰী গুৱাহাটী হৈ পৰিছে জলমগ্ন। কেইঘণ্টামানৰ বৰষুণৰ ফলতে মহানগৰীৰ প্ৰধান পথৰ লগতে উপ-পথসমূহো একপ্ৰকাৰ নদীৰ দৰে হৈ পৰিছে। চৌদিশে কেৱল পানী আৰু পানী।
বাট-পথসমূহ একাঁঠুপৰ্যন্ত পানীৰে উপচি পৰাত ব্যাহত হৈ পৰিছে সাধাৰণ জনজীৱন। ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থাও। পুৱাই কৰ্মস্থলীলৈ বুলি ওলাই অহা অগণন লোক আৰু সাধাৰণ ৰাইজ সন্মুখীন হ'বলগীয়া হৈছে তীব্ৰ অসুবিধাৰ। গুৱাহাটীত এতিয়া এক অচলাৱস্থাৰ পৰিৱেশ। ঘৰৰ পৰা ওলাব নোৱৰা পৰিৱেশে বিৰাজ কৰিছে মহানগৰীত।
মহানগৰীৰ হাতীগাঁও, ৰুক্মিণীগাঁও, অনিল নগৰ, নবীন নগৰ, হেঙেৰাবাৰী, বৰাগাঁও, পদুমবৰী, ছয়মাইল, চানমাৰি আদিকে ধৰি একাধিক ঠাইত দেখা গৈছে কৃত্ৰিম বান। পুৱাতেই কৰ্মস্থলীলৈ আহি কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে বহুজন। পানীৰ মাজেৰেই গন্তব্যস্থলীলৈ বুলি দুৰ্গম যাত্ৰা কৰিছে যান-বাহন চালকে। পানীৰ মাজত বিকল হৈ পৰিছে বহু দুচকীয়া, চাৰিচকীয়া বাহন। যাৰ ফলত বিভিন্ন স্থানত যান-জঁটৰো সৃষ্টি হোৱা দেখা গৈছে।