গুৱাহাটী
ভাৰতীয় মহাকাশ গৱেষণাৰ ইতিহাসত এক নতুন বিপ্লৱৰ সূচনা কৰি সম্পূৰ্ণ ব্যক্তিগত খণ্ডৰ প্ৰযুক্তিৰে নিৰ্মিত ‘বিক্ৰম-১’ৰকেটে মহাকাশলৈ উৰা মাৰিবলৈ সাজু হৈছে। হায়দৰাবাদস্থিত ষ্টাৰ্ট-আপ কোম্পানী ‘স্কাইৰুট এৰ’স্পেচ’ৰ দ্বাৰা নিৰ্মিত এই ৰকেটটোৰ উৎক্ষেপণক ভাৰতৰ ব্যক্তিগত মহাকাশ খণ্ডৰ বাবে আটাইতকৈ ডাঙৰ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে।
এই 'বিক্ৰম-১' ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে বিকশিত কৰা ‘অৰ্বিটেল-ক্লাছ’ৰকেট। ইয়াৰ অৰ্থ হৈছে এই ৰকেটটোৱে উপগ্ৰহসমূহক পৃথিৱীৰ চাৰিওফালে থকা নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰিবলৈ সক্ষম। ভাৰতীয় মহাকাশ বিজ্ঞানৰ পিতৃপুৰুষ ড° বিক্ৰম সাৰাভায়ৰ সন্মানত এই ৰকেট শৃংখলাটোৰ নাম ‘বিক্ৰম’ৰখা হৈছে। ৰকেটটো প্ৰায় এটা ৭ মহলীয়া অট্টালিকাৰ সমান ওখ। ই এটা বহু-স্তৰীয় উৎক্ষেপণ বাহন।
বিক্ৰম-১ ৰকেটৰ মূল গাঁথনিটো উচ্চ প্ৰযুক্তিযুক্ত কাৰ্বন কম্প’জিট সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছে, যাৰ ফলত ই অত্যন্ত পাতল কিন্তু তীখাতকৈও অধিক শক্তিশালী। এই ৰকেটত ব্যৱহাৰ কৰা ইঞ্জিনসমূহ অত্যাধুনিক 3D প্ৰিণ্টিং প্ৰযুক্তিৰে প্ৰস্তুত কৰা হৈছে, যি বিশ্বৰ মহাকাশ প্ৰযুক্তিত অতি বিৰল। ই প্ৰায় ৩০০ কিলোগ্ৰাম পৰ্যন্ত ওজনৰ উপগ্ৰহ নিম্ন পৃথিৱীৰ কক্ষপথলৈ কঢ়িয়াই লৈ যাব পাৰে।
উল্লেখযোগ্য যে, স্কাইৰুট এৰ’স্পেচে এই বিশেষ উৎক্ষেপণ অভিযানটোক ‘মিছন আগমন’ নাম দিছে। ইয়াৰ পূৰ্বে ২০২২ চনত কোম্পানীটোৱে ‘বিক্ৰম-এছ’নামৰ এটা চাব-অৰ্বিটেল ৰকেট সফলতাৰে উৎক্ষেপণ কৰিছিল, কিন্তু কক্ষপথত উপগ্ৰহ স্থাপন কৰিব পৰা ক্ষমতা থকা পূৰ্ণাংগ ৰকেট হিচাপে বিক্ৰম-১ ৰ এইয়াই প্ৰথম উৰণ। ইছৰোৰ ৰকেটসমূহৰ তুলনাত বিক্ৰম-১ অতি কম খৰচতে আৰু কম সময়ৰ প্ৰস্তুতিৰে উৎক্ষেপণ কৰিব পাৰি। ইয়াৰ ফলত বিশ্বৰ বাণিজ্যিক উপগ্ৰহ উৎক্ষেপণৰ বজাৰত ভাৰতৰ আধিপত্য বৃদ্ধি পাব। এই মিছনৰ সফলতাই ভাৰতৰ মহাকাশ ষ্টাৰ্ট-আপসমূহলৈ দেশী-বিদেশী পুঁজি আৰু নতুন প্ৰযুক্তিৰ আগমন ঘটাব।
আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিযানক এক ‘ঐতিহাসিক নতুন আৰম্ভণি’ বুলি অভিহিত কৰিছে। ইছৰো আৰু ইন-স্পেচ ৰ সহযোগত ব্যক্তিগত খণ্ডই লাভ কৰা এই সফলতাই অনাগত দিনত ভাৰতক মহাকাশ বাণিজ্যৰ বিশ্বজোৰা কেন্দ্ৰবিন্দু কৰি তুলিব।