অনুপ্ৰৱেশ আৰু বিদেশী নিয়ম, ২০২৫ৰ পৰিৱৰ্তনৰ ঘোষণা কেন্দ্ৰৰ

Story by  atv | Posted by  Munni Begum • 15 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
অনুপ্ৰৱেশ আৰু বিদেশী নিয়ম, ২০২৫ ত পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। সেই অনুসৰি, ১৮০ দিন বা তাতকৈ কম সময়ৰ বাবে ভিছা লৈ ভাৰতলৈ অহা বিদেশীসকলে ভিছাৰ সময়সীমাৰ বাহিৰত থাকিব বিচাৰিলে এতিয়া "উক্ত ১৮০ দিনৰ সময়সীমা শেষ হোৱাৰ আগতে যিকোনো সময়তে" নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব।
 
সোমবাৰে অধিসূচনা কৰা এই নতুন ব্যৱস্থাটোৱে পূৰ্বৰ নিয়মৰ ঠাই ল’ব, য’ত "ভাৰতত উপস্থিত হোৱাৰ ১৮০ দিনৰ ম্যাদ উকলি যোৱাৰ চৈধ্য দিনৰ ভিতৰত" পঞ্জীয়ন কৰাটো বাধ্যতামূলক আছিল। গেজেটত প্ৰকাশিত অধিসূচনাত কোৱা হৈছে, "অনুপ্ৰৱেশ আৰু বিদেশী নিয়ম ২০২৫ ৰ নিয়ম ১২ (ক) ৰ উপ-নিয়ম (১) ৰ তৃতীয় বিধানত কোৱা হৈছে যে, ভাৰতত প্ৰৱেশৰ ১৮০ দিন উকলি যোৱাৰ পাছত ১৪ দিনৰ ভিতৰত এই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।"
 
এই নতুন নিয়মৰ জৰিয়তে অৱশ্যে সেইসকল সন্তানক সামান্য সকাহ প্ৰদান কৰা হৈছে, যাৰ পিতৃ-মাতৃৰ এজন বা দুয়োজনেই বিদেশী। পূৰ্বৰ নিয়ম অনুসৰি এনে ক্ষেত্ৰত শিশুৰ জন্মৰ লগে লগে অভিভাৱকসকলে ভিছা সেৱা লাভ কৰাৰ বাবে ৩০ দিনৰ ভিতৰত পঞ্জীয়ন বিষয়াক ইলেক্ট্ৰনিকভাৱে যোগাযোগ কৰিব লাগে, য’ত নতুন ভিছা প্ৰদান কৰা আৰু নিৰ্দিষ্ট অনলাইন প’ৰ্টেল বা মোবাইল এপ্লিকেচনত প্ৰস্থানৰ অনুমতিও অন্তৰ্ভুক্ত।
 
অধিসূচনা অনুসৰি এনে ক্ষেত্ৰত এই উপ-নিয়ম প্ৰযোজ্য নহ’ব, য’ত পিতৃ-মাতৃৰ কোনো এজন ভাৰতীয় নাগৰিক আৰু এনে পিতৃ-মাতৃয়ে শিশুটিৰ ভাৰতীয় নাগৰিকত্ব বজাই ৰাখিব বিচাৰে। 
 
ইয়াত অৱশ্যে কোৱা হৈছে যে, যদিহে শিশুটিয়ে পৰৱৰ্তী পৰ্যায়ত ভাৰতত থকাৰ সময়ত কোনো অন্য দেশৰ নাগৰিকত্ব লাভ কৰে, তেন্তে শিশুটিয়ে সেই দেশৰ নাগৰিকত্ব লাভ কৰাৰ ত্ৰিশ দিনৰ ভিতৰত পিতৃ-মাতৃৰ কোনো এজনে পঞ্জীয়ন বিষয়াক সেই বিষয়ে অৱগত কৰিব লাগিব।
 
এই অধিসূচনাখনত প্ৰতিখন চিকিৎসালয়, নাৰ্চিং হোম বা তেওঁলোকৰ চৌহদত চিকিৎসা, থকা বা শুই থকাৰ সুবিধা প্ৰদান কৰা আন যিকোনো চিকিৎসা প্ৰতিষ্ঠানৰ বাবে প্ৰতিবেদন দিয়াৰ প্ৰয়োজনীয়তা আৰু প্ৰশাসনিক পদ্ধতিৰ সৈতে জড়িত বিধানসমূহো সংশোধন কৰা হৈছে।