শ্ৰীনগৰ
আগন্তুক জুলাই মাহৰ পৰা সপ্তাহত দুবাৰকৈ বন্ধ থাকিব শ্ৰীনগৰৰ শ্বেখ উল আলম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ৷ চলিত বৰ্ষৰ জুলাই মাহৰ পৰা ছেপ্টেম্বৰলৈকে প্ৰতি সপ্তাহত দুদিনকৈ যাত্ৰীবাহী বিমান চলাচলৰ বাবে বন্ধ থাকিব এই বিমানবন্দৰটো৷ এক নতুন ৰাণৱে নিৰ্মাণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই ৷ বিমানবন্দৰ কৰ্তৃপক্ষৰ এনে সিদ্ধান্তই গ্ৰীষ্মকালীন সময়ছোৱাত প্ৰায় দুই লাখতকৈও অধিক যাত্ৰীৰ যাত্ৰাত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে৷
বাৰ্ষিক অমৰনাথ যাত্ৰাৰ লগত সংগতি ৰাখি এনে সিদ্ধান্তই ভ্ৰমণকাৰী, পৰ্যটক, ট্যুৰ অপাৰেটৰ আৰু তীৰ্থযাত্ৰীসকলৰ মাজত সমস্যা সৃষ্টি কৰাৰ আশংকা কৰা হৈছে ৷ বিমানবন্দৰটোৰ সঞ্চালক জাভেদ অঞ্জুমে কয়, "বিমানবন্দৰটোত থকা ৰাণৱেৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ কামৰ বাবে ১ জুলাইৰ পৰা প্ৰতি সোমবাৰ আৰু মঙলবাৰে যাত্ৰীবাহী বিমান সেৱা বন্ধ হৈ থাকিব। বিশেষকৈ ৰাণৱেৰ মেৰামতিৰ কামৰ বাবে জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰৰ মাহত প্ৰতি সোমবাৰ আৰু মঙলবাৰে বিমানবন্দৰটোত যাত্ৰীবাহী বিমানৰ চলাচল বন্ধ থাকিব।"
ভাৰতীয় বায়ুসেনাই পূর্বে জাৰি কৰা এখন সূচীৰ পুনৰীক্ষণৰ সিদ্ধান্ত লোৱা হৈছে৷ ফেব্ৰুৱাৰী মাহত জাৰি কৰা এক অধিসূচনাত শ্ৰীনগৰ বায়ুসেনা ষ্টেচনে ৰাণৱে মেৰামতি আৰু আনুষংগিক আন্তঃগাঁথনিৰ কামৰ বাবে ১ আগষ্টৰ পৰা ১৫ অক্টোবৰলৈ শনিবাৰ আৰু দেওবাৰে বিমানবন্দৰটো বন্ধ কৰাৰ প্ৰস্তাৱ দিছিল। এতিয়া কৰ্তৃপক্ষই এই পৰিকল্পনা সংশোধন কৰি ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ সোমবাৰ আৰু মঙলবাৰে বিমানবন্দৰটো বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে।
বৰ্তমান সময়ত ৩১নং ৰাণৱেৰ দৈৰ্ঘ ১১৬৫ মিটাৰলৈ হ্ৰাস কৰা হৈছে আৰু তাৰফলত বিমানৰ পৰিচালনা আৰু বিমানবন্দৰৰ ক্ষমতাত প্ৰভাৱ পৰিছে।
এই নিষেধাজ্ঞা আৰোপ কৰাৰ পূৰ্বে শ্ৰীনগৰ বিমানবন্দৰৰ পৰা পুৱা ৮ বজাৰ পৰা নিশা ১০ বজাৰ ভিতৰত আগমন আৰু প্ৰস্থানকে ধৰি প্ৰায় ৬০ খন বিমানে চলাচল কৰিছিল। বৰ্তমান অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ অনুমোদিত গ্ৰীষ্মকালীন সময়সূচী অনুসৰি এই বিমানবন্দৰটোত দৈনিক প্ৰায় ৩৫-৪০ খন বিমানে চলাচল কৰে।
বিমানবন্দৰৰ বিষয়াসকলে পূৰ্বে অনুমান কৰিছিল যে, প্ৰস্তাৱিত এই বন্ধৰ ফলত প্ৰায় ৫৫০ খন বিমানৰ চলাচলত প্ৰভাৱ পৰিব পাৰে৷ যাৰ ফলত প্ৰায় ২.১ লাখৰো অধিক যাত্ৰীৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। এই সময়ছোৱাত দৈনিক প্ৰায় ২,৪০০ গৰাকী যাত্ৰী সমস্যাৰ সন্মুখীন হ’ব পাৰে।
যিহেতু এইটো বৰ্ষৰ ৩ জুলাইৰ পৰা আৰম্ভ হোৱা অমৰনাথ যাত্ৰাৰ ২৮ আগষ্টত সামৰণি পৰিব। তেনেক্ষেত্ৰত তীৰ্থযাত্ৰীসকল সমস্যাৰ সন্মুখীন হোৱাৰ প্ৰবল আশংকা আছে৷ এই তীৰ্থযাত্ৰাৰ সময়ত সমগ্ৰ ভাৰতৰ পৰা হাজাৰ হাজাৰ তীৰ্থযাত্ৰী বিমানযোগে কাশ্মীৰলৈ যাত্ৰা কৰে, যাৰ ফলত শ্ৰীনগৰ বিমানবন্দৰ এক অতি গুৰুত্বপূৰ্ণ পৰিবহণ কেন্দ্ৰত পৰিগণিত হয়।
ট্ৰেভেল অপাৰেটৰসকলে কয় যে, সংশোধিত বন্ধৰ সময়সূচীৰ ফলত তীৰ্থযাত্ৰাৰ ক্ষেত্ৰত বিমানৰ উপলব্ধতাত প্ৰভাৱ পৰিব পাৰে। শ্ৰীনগৰস্থিত ট্ৰেভেল এজেণ্ট ইৰফান ল’নে কয়, "অমৰনাথ যাত্ৰা আৰু গ্ৰীষ্মকালীন পৰ্যটনৰ বতৰৰ বাবে কাশ্মীৰ ভ্ৰমণৰ বাবে জুলাই আৰু আগষ্ট মাহ বছৰটোৰ আটাইতকৈ ব্যস্ত সময়।"