অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছোদিয়াক দোষমুক্ত ঘোষণা আদালতৰ

Story by  atv | Posted by  [email protected] • 13 h ago
অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছোদিয়া
অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছোদিয়া
 
নতুন দিল্লী
 
ৰাজধানী দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ বাবে এক ডাঙৰ খবৰ। দিল্লী আবকাৰী নীতি অৰ্থাৎ সুৰা কেলেংকাৰী গোচৰৰ পৰা দুয়োকে সসন্মানে মুকলি কৰি দিছে আদালতে।
 
দিল্লীৰ এখন আদালতে অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছোদিয়াক উক্ত গোচৰত অভিযোগমুক্ত ঘোষণা কৰিছে ৷ দিল্লীৰ ৰৌজ এভিনিউ আদালতে কয় যে মুখ্য়মন্ত্ৰী হিচাপে কেজৰিৱালে গ্ৰহণ কৰা আবকাৰী বিভাগৰ নীতিত কোনো আসোঁৱাহ নাই বা ইয়াৰ আঁৰত অপৰাধমূলক উদ্দেশ্য় নাছিল৷
 
উল্লেখযোগ্য যে, আদালতৰ পৰ্যবেক্ষণ যে তথাকথিত কেন্দ্ৰীয় ষড়যন্ত্ৰমূলক ভূমিকাক প্ৰমাণিত কৰিব পৰা নগ'ল। আদালতে লগতে পৰ্যবেক্ষণ কৰে যে এই অভিযোগ 'ন্যায়িক নিৰীক্ষণত ব্যৰ্থ' হৈছে আৰু মনীষ ছিছোদিয়াৰ তৰফৰ পৰা 'কোনো অপৰাধমূলক উদ্দেশ্য' পোৱা নাই।