নতুন দিল্লী
শুকুৰবাৰে ৰাজস্থানৰ জয়ছালমেৰত স্বদেশী লাইট কম্বেট হেলিকপ্টাৰ প্ৰচণ্ডত উৰা মাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ভাৰত-পাকিস্তান সীমান্তৰ সমীপত লাইট কম্বেট হেলিকপ্টাৰ ‘প্ৰচণ্ড’ত সহ-পাইলট হিচাপে উৰা মাৰি ইতিহাস সৃষ্টি কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে। স্বদেশী যুদ্ধ হেলিকপ্টাৰত সহ-পাইলট হিচাপে উৰা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু।
ভাৰতীয় বায়ুসেনাৰ জয়ছালমেৰস্থিত ষ্টেচনৰ পৰা উৰা মাৰে আই চি এইচ প্ৰচণ্ড। যাত্ৰাৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীক কেপ্তেইনে অৱগত কৰে। অলিভ গ্ৰীণ ৰঙৰ ইউনিফৰ্ম আৰু হেলমেট পিন্ধি তেওঁ যোৱাৰ পূৰ্বে ককপিটৰ পৰা হাত জোকাৰি সম্ভাষণ গ্ৰহণ কৰে।
ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বাধিনায়ক ৰাষ্ট্ৰপতিগৰাকীয়ে যাত্ৰাৰ সময়ত ককপিটৰ পৰা দেশবাসীলৈ বাৰ্তা প্ৰদান কৰে। তেওঁ কয়, “প্ৰচণ্ড হেলিকপ্টাৰ আত্মনিৰ্ভৰশীলতাৰ এক শক্তিশালী প্ৰতীক। বৰ্তমান মই জয়ছালমেৰ জিলাৰ ওপৰেৰে উৰা মাৰিছো। আমাৰ বীৰ জোৱানসকলৰ প্ৰতি আন্তৰিক শুভেচ্ছা আৰু গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো। আপোনালোকলৈ মোৰ শ্ৰদ্ধাঞ্জলি। জয় হিন্দ, জয় ভাৰত।”
প্ৰায় ২৫ মিনিট সময় চলে এই হেলিকপ্টাৰ। হেলিকপ্টাৰখন পোখৰাণ ফায়াৰিং ৰেঞ্জৰ ওপৰেৰে পাৰ হৈ যায়, য’ত ভাৰতীয় বায়ুসেনাই সন্ধিয়া “বায়ু শক্তি” নামৰ অগ্নিশক্তি প্ৰদৰ্শন কৰিব। ইয়াৰ পূৰ্বে জয়ছালমেৰ এয়াৰ ফৰ্চ ষ্টেচনত এয়াৰ ষ্টাফৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল এ পি সিঙে ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়।