জুবিনৰ অন্তিমখন চিনেমা চাই আবেগিক গৰিমা শইকীয়া গাৰ্গ

Story by  atv | Posted by  [email protected] • 1 Months ago
জুবিনৰ অন্তিমখন চিনেমা চাই আবেগিক গৰিমা শইকীয়া গাৰ্গ
জুবিনৰ অন্তিমখন চিনেমা চাই আবেগিক গৰিমা শইকীয়া গাৰ্গ
 
গুৱাহাটী
 
শুকুৰবাৰে নিশা মহানগৰীৰ ফাঁচী বজাৰৰ ‘কেলভিন চিনেমাজ’ত জুবিন গাৰ্গৰ সপোনৰ চিনেমা ‘ৰৈ ৰৈ বিনালে’ চালে গৰিমা শইকীয়া গাৰ্গ আৰু চিনেমাখনৰ দলটোৱে। চিনেমাখন চাই ওলাই আহি আৱেগিক হৈ পৰিল গৰিমা শইকীয়া গাৰ্গ। কান্দি কান্দি সংবাদ মাধ্যমত কৰিলে কেইবাটাও মন্তব্য।
 
পোনতে ‘ৰৈ ৰৈ বিনালে’ৰ দলটোক ধন্যবাদ জনালে গৰিমা শইকীয়াই। তেওঁ কয়, ‘‘গোটেই ইউনিটটোক ধন্যবাদ জনাইছোঁ। আজিৰ দিনটোতে জুবিনে বিচৰাধৰণে তেওঁৰ সপোনৰ প্ৰজেক্টটো উলিয়াই অনাৰ কাৰণে।’’
 
জুবিন গাৰ্গৰ স্মৃতি সুঁৱৰি গৰিমাই কয়, ‘‘জুবিনে ডাবিং কৰি যাব পৰা নাছিল, ডাবিংটো থাকি গৈছিল। কিন্তু অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমায়ে এনেকুৱা এটা মিৰাকল কৰিলে, যাৰ বাবে তেওঁৰ মাতটো গোটেই চিনেমাখনত থাকিল। যি লোকেশ্যন চাউণ্ডত আছিল, যেনেকৈ আছিল তেনেকৈয়ে থাকিল। গোটেই টীমটোৱে জুবিনক জীৱন্ত কৰি ৰাখিলে।’’
 
আৱেগিক হৈ গৰিমাই লগতে কয়, ‘‘আমি অসমবাসীয়ে আজি জুবিনক কাষতে পাইছোঁ। অনাগত দিনতো সদায়েই পাম। মইতো সদায় পাম। এনে লাগিছে মই যেন চিনেমাখন সদায়েই চাম। এনেকৈয়ে যেন তেওঁক অনুভৱ কৰিব পাৰিম। তেওঁক অনুভৱ কৰি থাকিম।’’