মুখ্যমন্ত্ৰীৰ মহানুভৱতা; এদিনতে আৱাসগৃহ লাভ কৰিলে গৃহহীন মুজিবুৰ ৰহমান মজুমদাৰে

Story by  atv | Posted by  [email protected] • 10 Months ago
মুখ্যমন্ত্ৰীৰে কথা পতাৰ সময়ত মুজিবুৰ ৰহমান মজুমদাৰ
মুখ্যমন্ত্ৰীৰে কথা পতাৰ সময়ত মুজিবুৰ ৰহমান মজুমদাৰ

শতানন্দ ভট্টাচাৰ্য / শিলচৰ

মুজিবুৰ ৰহমান মজুমদাৰ, এজন চুটি চাপৰ মানুহ। কিন্তু তেওঁ অত্যন্ত বুধিয়ক। দীৰ্ঘদিন ধৰি প্ৰচেষ্টা চলাই, আবেদন কৰিও তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা ঘৰ পোৱা নাছিল। কিন্তু অলপতে মুজিবুৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাত লাভ কৰে আৰু ইয়াৰ লগে লগে তেওঁৰ বহুদিনীয়া আশা পূৰণ হয়। মুখ্যমন্ত্ৰীয়ে তেওঁক কোলাত উঠাই লোৱাৰ দৃশ্য ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 
 
মুজিবুৰৰ ঘৰ বৰাক উপত্যকাৰ কাছাৰ জিলাৰ কচুদৰম গাওঁত। ২৫ বছৰ বয়সৰ যুৱকজনৰ উচ্চতা মাত্ৰ তিনিফুট। শাৰীৰিক অৱয়বৰ বাবে প্ৰথম দেখাত তেওঁক সকলোৱে সৰু ল'ৰা বুলিয়ে ভাবে। 
 
"প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত মই এটা আৱাসগৃহ পোৱাৰ যোগ্য যদিও মোৰ আবেদন কেতিয়াও বিবেচনা কৰা হোৱা নাই। বহুত দিনৰ পৰা চেষ্টা কৰিও সফল হোৱা নাই। সেয়ে, মই সিদ্ধান্ত ল'লো যে বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰাটো ভাল হ'ব। কিন্তু এই সুযোগ মোৰ হাতলৈ অহা নাছিল। শেহতীয়াকৈ মুখ্যমন্ত্ৰী শিলচৰলৈ আহিব বুলি গ'ম পাই মই ঘৰৰ পৰা পোনে পোনে শিলচৰ আহিছিলো।"মুজিবুৰে কয়।
কিন্তু হাজাৰ হাজাৰ মানুহ আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত মুখ্যমন্ত্ৰীৰ কাষ চপাটো তেওঁৰ বাবে অসম্ভৱ হৈ পৰিছিল। তেনেতে এজন  হৃদয়বান ব্যক্তিয়ে মুজিবুৰক কোলাত তুলি মুখ্যমন্ত্ৰীৰ সম্মুখলৈ লৈ আনে। মুখ্যমন্ত্ৰীয়ে চুটি-চাপৰ যুৱকজনৰ কথা ভালকৈ শুনি লগে লগে তাত থকা বিভাগীয় বিষয়াক মুজিবুৰৰ বাবে এটা আৱাসগৃহ মঞ্জুৰ কৰিবলৈ নিৰ্দেশ দিয়ে। 
 
উল্লেখ্য যে, হাতত আধাৰ কাৰ্ড আৰু বিভিন্ন কাগজপত্ৰ লৈ মুখ্যমন্ত্ৰীৰ সম্মুখত থিয় হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুজিবুৰক কোলাত তুলি লৈ সৰু ল'ৰাৰ দৰে মৰম যাচে।  মুখ্যমন্ত্ৰীয়ে নিজৰ টুইটাৰ একাউণ্টত চুটি-চাপৰ মুজিবুৰক অত্যন্ত পৰিশ্ৰমী যুৱক আখ্যা দিয়ে আৰু তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে।  
 
ইফালে, মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পিছদিনাৰ পৰা মুজিবুৰৰ ঘৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। কচুদৰম গাওঁ পঞ্চায়তৰ প্ৰতিনিধি আৰু চৰকাৰী বিষয়াৰ সন্মুখত মুজিবুৰে নিজেই ঘৰৰ আধাৰশিলা স্থাপন কৰে। বিষয়াসকলে জনায় যে একসপ্তাহৰ ভিতৰত ঘৰটোৰ কাম সম্পূৰ্ণ হ'ব।
 
মুজিবুৰে কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আচলতে এগৰাকী দয়ালু আৰু জনদৰদী ব্যক্তি। মোৰ দৰে এজন দুখীয়া মানুহক সহায় কৰাৰ বাবে তেওঁক মই গভীৰ কৃতজ্ঞতা ব্যক্ত কৰিছোঁ"।