আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰলৈ চৰকাৰৰ স্বীকৃতি

Story by  atv | Posted by  Munni Begum • 17 h ago
আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰ
আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰ
 
গুৱাহাটী
 
বন্যপ্ৰাণী অপৰাধৰ তদন্ত আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰি অসম চৰকাৰে আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰ (ৱাইল্ডলাইফ জেনেটিকছ্… লেবৰেটৰী) আৰু ইয়াৰ সঞ্চালক উদয়ন বৰঠাকুৰলৈ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ৰ ৩২৯(৪) ধাৰাৰ অধীনত স্বীকৃতি আগবঢ়াইছে।  
 
এই স্বীকৃতিৰ পৰিপ্ৰেক্ষিতত বন্যপ্ৰাণী অপৰাধৰ তদন্তত আৰণ্যকৰ পৰীক্ষাগাৰ আৰু বিশেষজ্ঞৰ বন্যপ্ৰাণী জিনতত্ত্ব আৰু বন্যপ্ৰাণী ফৰেণচিক বিশ্লেষণক আইনী মান্যতা দিয়া হ’ব। ৰাজ্যপালে যোৱা ৪ আগষ্টত জাৰি কৰা এক আদেশৰ পাছত অসম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ বিশেষ মুখ্য সচিবে এই সম্পৰ্কীয় অধিসূচনা জাৰি কৰিছে। 
 
ডি এন এ বিশ্লেষণ পদ্ধতিৰ ব্যৱহাৰেৰ ফৰেণচিক সাক্ষ্য সংগ্ৰহৰ জৰিয়তে বন্যপ্ৰাণী অপৰাধৰ তদন্ত আৰু নিয়্ন্ত্ৰণত সহায়ৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ) ২০২৩ৰ অধীনত এটা পৰীক্ষাগাৰ আৰু এগৰাকী বিশেষজ্ঞক স্বীকৃতি দিয়াৰ ঘটনা অসমত এয়াই প্ৰথম। 
 
এই অভাৱনীয় সাফল্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰৰ প্ৰতিষ্ঠাপক উদয়ন বৰঠাকুৰে কয়, "আমি চৰকাৰৰ এই অধিসূচনাক আমি এই ক্ষেত্ৰখনত প্ৰায় দুটা দশক ধৰি কৰা কামৰ এক গুৰুত্বপূৰ্ণ স্বীকৃতি হিচাপে গণ্য কৰিছোঁ। এই স্বীকৃতিক আমি আমাৰ কান্ধত ন্যস্ত এক গুৰু দায়িত্ব বুলিও গণ্য কৰিছোঁ আৰু এই জটিল দায়িত্ব অৰ্পণ কৰাৰ বাবে আমি অসম চৰকাৰক কৃতজ্ঞতা জনাইছোঁ।"
 
বৰঠাকুৰে কয় যে, "বিএনএছএছ ২০২৩"ৰ ৩২৯(৪)নং ধাৰাৰ অধীনৰ এই অধিসূচনাই পৰীক্ষাগাৰটো আৰু ইয়াৰ জীৱবিজ্ঞানীক বন্যপ্ৰাণী অপৰাধসমূহত আইন বলৱৎকাৰী সংস্থাসমূহক ফৰেণচিক বিশ্লেষণৰ কাৰণে সাক্ষ্য সংগ্ৰহত সহায় কৰাৰ বাবে বৈজ্ঞানিক বিশেষজ্ঞ হিচাপে মান্যতা দিব আৰু ই অনাগত দিনবোৰত বন্যপ্ৰাণী অপৰাধৰ গোচৰত দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধিত অৰিহণা যোগাব। 
 
আৰণ্যকৰ সচিব প্ৰধান আৰু কাৰ্যবাহী সঞ্চালক ড° বিভৱ কুমাৰ তালুকদাৰে আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰাক অৰ্পণ কৰা দায়িত্বৰ বাবে অসমৰ বন বিভাগ আৰু ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু কয় যে, তেওঁলোকে চৰকাৰৰ সংৰক্ষণৰ লক্ষ্যত উপনীত হোৱাৰ চেষ্টাত পৰিপূৰক হিচাপে কাম কৰি আহিছে আৰু অনাগত বছৰবোৰতো তাক অক্ষুন্ন ৰাখিব। 
 
উল্লেখ্য যে, ২০০৮ চনত স্থাপিত আৰণ্যকৰ এই পৰীক্ষাগাৰটো সংৰক্ষণ জিনতত্ত্ব আৰু বন্যপ্ৰাণীৰ ডিএনএ ফৰেনছিক বিশ্লেষণৰ সুবিধাসম্পন্ন উত্তৰ পূৱৰ একমাত্ৰ পৰীক্ষাগাৰ। যোৱা দশকটোত এই পৰীক্ষাগাৰে চৰকাৰী তদন্তকাৰী সংস্থাক ১৩৫টা বিভিন্ন বন্যপ্ৰাণী অপৰাধৰ তদন্তত জিনতত্ত্ব বিশ্লেষণ আৰু ক্ষেত্ৰভিত্তিক ডিএনএ নমুনা সংগ্ৰহ কৰাত সহায় কৰিছে। ফৰেনছিক কাম-কাজৰ উপৰিও এই পৰীক্ষাগাৰটোৱে ভাৰত আৰু বিদেশৰ বিপন্ন বন্যপ্ৰাণী প্ৰজাতিৰ জিনতত্ত্ব সংৰক্ষণ বিষয়ক দুই ডজনৰো অধিক গৱেষণা প্ৰকল্প ৰুপায়ণ কৰিছে।