দহ গ্রাম সোণৰ মূল্য এক লাখ টকা অতিক্রম; ৩ বছৰত ১০০% মূল্যবৃদ্ধি

Story by  atv | Posted by  [email protected] • 2 d ago
দহ গ্রাম সোণৰ মূল্য এক লাখ টকা অতিক্রম
দহ গ্রাম সোণৰ মূল্য এক লাখ টকা অতিক্রম
 
মুম্বাই
 
অনুমান কৰাতকৈ বহু পূর্বেই আজি ২৪ কেৰেট স্বৰ্ণৰ প্ৰতি ১০ গ্ৰামৰ মূল্যই আজি ১ লাখ টকাৰ ঘৰ অতিক্ৰম কৰিলে দেশত। দেশৰ দুই বৃহৎ মহানগৰীত ৯৯.৯ বিশুদ্ধ ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্রামৰ মূল্য হয়গৈ ১,০১,৫০০ টকা।
 
৩ বছৰত স্বর্ণব মূল্য বৃদ্ধি ঘটিল এশ শতাংশপর্যন্ত। চলিত বর্ষটোতে মূল্যবৃদ্ধি ঘটে ২৩ শতাংশ। ৩০ এপ্রিলত অক্ষয় তৃতীয়াৰ আগমুহূর্তত সোণৰ মূল্যই সর্বকালৰ অভিলেখ ভংগই সাধাৰণ ক্রেতাৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। আন্তর্জাতিক বজাৰত সোণৰ মূল্যবৃদ্ধিৰ ফলতে ভাৰতৰ বজাৰত স্বর্ণব মূল্য ঊর্ধ্বগামী হৈছে।
 
মার্কিন বাষ্ট্রপতি হিচাপে ড'নাল্ড ট্রাম্পৰ পুনৰাগমনৰ পিচত ক্রমাগতভাবে ডলাৰৰ মূল্য হ্রাস পোৱাৰ পিচতে বিভিন্ন দেশৰ কেন্দ্রীয় বেংকসমূহে সোণ ভ্রয়ত উঠিপৰি লাগে। শেহতীয়াভারে যুক্তবাষ্ট্রই আৰম্ভ কৰা শুল্ক যুদ্ধৰ পিচত ডলাৰৰ বিপৰীতে আন্তর্জাতিক বজাৰত স্বর্ণ আৰু ৰূপৰ চাহিদা বৃদ্ধি পায়।
 
শুল্ক যুদ্ধৰ পিচতে বিশ্বৰ দ্বিতীয় বৃহৎ অর্থনীতি চীনে ব্যাপক হাৰত স্বর্ণ ক্রয় আবস্ত কৰে। এইকেইদিনতে চীনে স্বর্ণ ভাণ্ডাৰত মজুতকৰণ ২.৩ শতাংশ বৃদ্ধি ঘটায়। চীনৰ ওচৰত বর্তমানে মজুত আছে ৩.৫ ট্রিলিয়ন ডলাব মূল্যব সোগ। ২০২৫ চনৰ জানুৱাৰীৰ পৰা মার্চৰ ভিতৰত প্রথম চতুর্থাংশত চীনে ১২.৮ টন সোণ ক্রয় কবে। চীনৰ ইতিহাসত এয়া এক সর্বকালব অভিলেখ।
 
বৈদেশিক মুদ্রা ভাণ্ডাৰৰ সমান্তৰালকৈ স্বর্ণভাণ্ডাৰ মজবুত কবি চীনৰ অর্থনীতিক সুস্থিবতা প্রদানব লক্ষ্যবেই জিনপিং চৰকাৰে এই ব্যবস্থা গ্রহণ কৰিছে বুলি অর্থনৈতিক বিশ্লেষকসকলে মত পোষণ কৰিছে। শুল্ক যুদ্ধৰ সূচনা হোৱাৰ পিচত অন্যান্য অধিকাংশ বৃহৎ অর্থনীতিয়ে স্বর্ণভাণ্ডার বৃদ্ধি কৰিছে। নিজা নিজা দেশব মুদ্রাব সুস্থিবতাৰ স্বাৰ্থতে এই ব্যবস্থা গ্রহণ কৰিবলৈ বাধ্য হৈছে কেন্দ্রীয় বেংকসমূহে। পিচপৰি থকা নাই ভাৰতীয় বিজার্ভ বেংকো।