নতুন দিল্লী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ২২ ছেপ্টেম্বৰৰ পৰা পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) সংস্কাৰ ৰূপায়ণৰ কথা ঘোষণা কৰি আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰিছে। পূৰ্বে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, সংস্কাৰৰ ফলত দেশজুৰি 'জিএছটি বাচট উৎসৱ'ৰ সূচনা হ’ব। যাৰ ফলত দৰিদ্ৰ, মধ্যবিত্ত, কৃষক, ব্যৱসায়ী, উদ্যোগীসকল সমানে উপকৃত হ’ব।
নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ সূৰ্য্য উদয়ৰ পৰাই দেশবাসীয়ে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দিশত আন এক গুৰুত্বপূৰ্ণ আৰু ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিব। কাইলৈ নৱৰাত্ৰিৰ প্ৰথম দিনা অৰ্থাৎ ২২ ছেপ্টেম্বৰত সূৰ্য্যদেৱৰ উত্থানৰ লগে লগে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ কাৰ্যকৰী হ’ব বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে কয়।
কাইলৈৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হ'ব 'জি এছ টি বাচট উৎসৱ'। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, এই উৎসৱৰ বতৰত সকলোৰে উদযাপনৰ কাৰণ থাকিব, আৰু দেশৰ প্ৰতিটো পৰিয়ালৰ সুখ বাঢ়িব। কিয়নো কাইলৈৰ পৰা নিতৌ প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা অট'মোবাইললৈকে সকলোধৰনৰ সামগ্ৰীৰে দাম কমিব, কিয়নো প্ৰায় ৩৭৫ বিধ সামগ্ৰীৰ ওপৰত হ্ৰাস পাব জিএছটি।
ইয়াক উৎসৱৰ উপহাৰ আখ্যা দি প্ৰধানমন্ত্ৰীয়ে কয় যে, সংস্কাৰে ভাৰতৰ বৃদ্ধিৰ কাহিনী ত্বৰান্বিত কৰিব, ব্যৱসায় সহজ কৰি তুলিব, বিনিয়োগ আকৰ্ষণ কৰিব, আৰু প্ৰতিখন ৰাজ্য উন্নয়নৰ সমান অংশীদাৰ হোৱাটো নিশ্চিত কৰিব।
২০১৭ চনত যেতিয়া ভাৰতে জি এছ টি ৰূপায়ণৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিল, তেতিয়া ইয়াৰদ্বাৰা এটা পুৰণি ব্যৱস্থা সলনি কৰি নতুন ইতিহাসৰ সৃষ্টিৰ আৰম্ভণি হৈছিল। দশক দশক ধৰি আপোনালোক সকলোকে আৰু আমাৰ ব্যৱসায়ীকে ধৰি আমাৰ দেশৰ জনসাধাৰণ একাধিক কৰৰ জালত আবদ্ধ হৈ আছিল বুলি তেওঁ কয়।
২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’বলগীয়া চলিত মাহৰ আৰম্ভণিতে জি এছ টি পৰিষদৰ ৫৬ সংখ্যক বৈঠকৰ সময়ত সামগ্ৰী আৰু সেৱা কৰ গাঁথনিৰ সংস্কাৰ অনুমোদন জনোৱা হৈছে।
দ্ৰুতগতিত চলি থকা গ্ৰাহক সামগ্ৰী (এফএমচিজি) আৰু দুগ্ধ খণ্ডত আমুল আৰু মাদাৰ ডেইৰীৰ দৰে ডাঙৰ ব্ৰেণ্ডে জিএছটি হ্ৰাসৰ সম্পূৰ্ণ লাভ প্ৰতিফলিত কৰি যথেষ্ট মূল্য হ্ৰাসৰ কথা ঘোষণা কৰিছে। গাখীৰ, মাখন, ঘিউ, পানীৰ, পনিৰ, আইচক্ৰীম, জলপান, আৰু ফ্ৰ’জেন খাদ্যৰ দৰে সামগ্ৰী ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে, যাৰ বাবে ১০০ গ্ৰাম আমুল মাখনৰ মূল্য এতিয়া ৬২ টকাৰ পৰিৱৰ্তে ৫৮ টকা হ’ব, আৰু আল্ট্ৰা হাই টেম্পেৰেচাৰ গাখীৰ (ইউএইচটি) প্ৰতি লিটাৰত ৭৭ টকাৰ পৰা ৭৫ টকালৈ হ্ৰাস পাইছে। মাদাৰ ডেইৰীয়ে মিল্কশ্বেক, পানীৰ, ঘিউ, ফ্ৰ’জেন সামগ্ৰীৰ মূল্যও হ্ৰাস কৰিছে।
বিভিন্ন এফএমচিজি কোম্পানীয়ে জিএছটি সংশোধন পূৰ্বতেই কম কৰাৰ কথা ঘোষণা কৰিছিল। অধিকাংশ ঔষধ আৰু গ্লুক'মিটাৰ আৰু অত্যাৱশ্যকীয় সেৱা যেনে চিকিৎসা সামগ্ৰীত ৫ শতাংশ জিএছটি কম কৰি সাধাৰণ জনতা সকাহ দিয়াৰ উদ্দেশ্যৰে এই ঘোষণা কৰা হৈছিল।
ইয়াৰ উপৰিও, ঘৰ নিৰ্মাতাসকলো ইয়াৰ জৰিয়তে লাভান্বিত হ'ব পাৰিব। কিয়নো চীমেণ্টত জিএছটি ২৮ শতাংশৰ পৰা হ্ৰাস পাই ১৮ শতাংশ কৰা হৈছিল। চৰকাৰে প্ৰথমেই ফাৰ্মাচীসমূহক নিৰ্দেশ দিছিল যে, তেওঁলোকে মূল্য সংশোধন কৰক তথা জিএছটি হ্ৰাস কৰি লাভৰ প্ৰতি লক্ষ্য ৰাখি ঔষধ কম দামত বিক্ৰী কৰক।
অটোমোবাইল খণ্ডত দেখা গৈছে অন্যতম প্ৰভাৱশালী সংস্কাৰ। ৩৫০ চিচি পৰ্যন্ত দুচকীয়া বাহন, সৰু গাড়ী, আৰু অটোৰ পাৰ্টছ ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰিছে। ১৮০০ চিচিৰ তলৰ ট্ৰেক্টৰসমূহ এতিয়া মাত্ৰ ৫ শতাংশ জিএছটি হ্ৰাস হব, যিটো ১২ শতাংশৰ পৰা হ্ৰাস কৰা হৈছে, আনহাতে বাণিজ্যিক সামগ্ৰীৰ বাহন আৰু বাছতো ১৮ শতাংশ কৰ আৰোপ কৰা হ’ব। এই পৰিৱৰ্তনে বাহনৰ বিক্ৰী বৃদ্ধি কৰিব, গিগ শ্ৰমিক আৰু কৃষকসকলক উপকৃত কৰিব, আৰু সমগ্ৰ অটোমোটিভ মূল্য শৃংখলত কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
সেৱা খণ্ডও পিছপৰি ৰোৱা নাই। প্ৰতিদিনে ৭৫০০ টকা পৰ্যন্ত হোটেলত থকাৰ মূল্য এতিয়া ১২ শতাংশৰ পৰিৱৰ্তে ৫ শতাংশ জি এছ টি আকৰ্ষণ কৰাৰ বিপৰীতে জিম, চেলুন, নাপিত, যোগ কেন্দ্ৰ আদি সেৱাৰ হাৰ ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস পাইছে।
শিক্ষাৰ ক্ষেত্ৰত পেঞ্চিল, ক্ৰেয়ন, ইৰেজাৰ, এক্সাৰচাইজ বুক আদি সঁজুলিবোৰক জি এছ টিৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে। পূৰ্বে ১২ শতাংশ কৰ আৰোপ কৰা জ্যামিতিৰ বাকচ আৰু অন্যান্য বিদ্যালয়ৰ সামগ্ৰীসমূহ এতিয়া ৫ শতাংশৰ স্তৰত অন্তৰ্গত হ’ব। শিক্ষা আৰু মূল স্বাস্থ্যসেৱা সেৱাসমূহ ৰেহাই দিয়া হ’ব।
বস্ত্ৰ আৰু হস্তশিল্প উদ্যোগসমূহো ইয়াৰ প্ৰধান হিতাধিকাৰী। মানৱসৃষ্ট আঁহৰ ওপৰত ওলোটা শুল্কৰ গঠন সংশোধন কৰা হৈছে, আৰু সূতা আৰু আঁহৰ ওপৰত জি এছ টি ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। ৰে’ল মন্ত্ৰালয়ে ৰে’ল নীৰ পেকেজড খোৱাপানীৰ মূল্যও হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে, ১ লিটাৰৰ বটলৰ মূল্য এতিয়া ১৪ টকা কৰা হৈছে, যিটো পূৰ্বে ১৫ টকা আছিল, যিটো ২২ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব।
চৰকাৰী সূত্ৰই জনোৱা মতে, চাবোন, চেম্পু, পেকেটত ভৰোৱা খাদ্যৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ জিএছটি ৫ শতাংশলৈ কৰ্তন কৰা হৈছে, আনহাতে এচি আৰু ডাঙৰ টিভিৰ দৰে সঁজুলি এতিয়া ১৮ শতাংশৰ অধীনত পৰিছে।
এতিয়া বেছিভাগ সামগ্ৰী আৰু সেৱাই সৰলীকৃত দুটা স্তৰৰ ব্যৱস্থাৰ অন্তৰ্গত যদিও ধঁপাত, পান মছলা, উচ্চমানৰ মটৰ চাইকেল, ইয়ট, আৰু পানীয়ৰ ওপৰত অতিৰিক্ত ৪০ শতাংশ হাৰত কৰ আৰোপ কৰা হ’ব।