নতুন দিল্লী
জি এছ টি সংক্রান্তীয় মন্ত্রী গোটে বৃহস্পতিবাৰে জি এছ টি ব্যৱস্থাত সংস্কাৰৰ অনুমোদন জনায়। সমাগত দীপাৱলীৰ উপহাৰ হিচাপে জি এছ টিত আমূল পৰিবৰ্তন অনা হ'ব বুলি স্বাধীনতা দিৱসৰ ভাষণত প্রধানমন্ত্রী মোদীয়ে ঘোষণা কৰাৰ পিছতে বিহাৰৰ উপ-মুখ্যমন্ত্রী সম্রাট চৌধাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰী গোটৰ বৈঠকত চাৰি স্তৰীয় জি এছ টি দুই স্তৰত সীমিত ৰখাত কেন্দ্ৰৰ প্ৰস্তাৱত অনুমোদন জনায়।
মন্ত্রী গোটৰ পৰামৰ্শ অনুসৰি বিলুপ্তি ঘটিব ১২ আৰু ২৮ শতাংশৰ জি এছ টি স্তৰ, ৰ'বগৈ ৫ আৰু ১৮ শতাংশ স্তৰ। মন্ত্রী গোটৰ অনুমোদন মর্মে ৫ শতাংশ জি এছ টি আৰোপ হ'ব নিত্যব্যৱহার্য ৯৯ শতাংশ সামগ্রীত, ২৮ শতাংশ জি এছ টি আৰোপিত সামগ্ৰীৰ জি এছ টি ১৮ শতাংশ স্তৰলৈ হ্রাস পাব।
ব্যতিক্রম হিচাপে চিগাৰেট, ধপাতযুক্ত অন্যান্য সামগ্রী, বিলাসী গাড়ী আদি সীমিত সামগ্রীত ৪০ শতাংশ কৰ অৰ্থাৎ লেভী আৰোপত অনুমোদন জনায় মন্ত্রী গোটে। লগতে জীৱন বীমা আৰু স্বাস্থ্য বীমাক জি এছ টিৰ পৰা ৰেহাই দিয়াৰ বাবেও মন্ত্রী গোটে প্রস্তাৱ আগবঢ়ায়।
জি এছ টি সংক্রান্তীয় মন্ত্রী গোটৰ দাবী ঘাইকৈ ১২ শতাংশ জি এছ টি আৰোপিত সামগ্ৰীৰ জি এছ টি ৫ শতাংশলৈ আৰোপ হোৱাৰ পাচত কমেও ৯০ শতাংশ সামগ্ৰীৰ মূল্য হ্রাস পাব। ঔষধ, পেকেটযুক্ত খাদ্য, প্রচেছড খাদ্য, বস্ত্র, জোতা-চেণ্ডেল আৰু অন্যান্য নিত্য ব্যৱহার্য সামগ্ৰীৰ জি এছ টি ৫ শতাংশলৈ হ্রাস পোৱাটো হ'ব সৰ্বসাধাৰণৰ বাবে বিৰাট সকাহ।
২৮ শতাংশ জি এছ টি আৰোপিত টিভি, ফ্রীজ, ম'বাইল ফোন বা অন্যান্য ইলেক্ট্রিক সামগ্রীৰ জি এছ টি ১৮ শতাংশলৈ হ্রাসে বজাৰত ইতিবাচক প্রভাৱ পেলাব বুলি প্রত্যাশা কৰা হৈছে।
বিহাৰৰ উপ-মুখ্যমন্ত্রী সম্রাট চৌধাৰীৰ অধ্যক্ষতাৰ জি এছ টি মন্ত্রী গোটৰ বৈঠকত অংশগ্রহণ কৰে উত্তৰ প্ৰদেশৰ বিত্ত মন্ত্রী সুৰেশ কুমাৰ খান্না, ৰাজস্থানৰ স্বাস্থ্য মন্ত্রী গজেন্দ্র সিং, পশ্চিমবংগৰ বিত্ত মন্ত্রী চন্দ্রিমা ভট্টাচার্য, কর্ণাটকৰ ৰাজহ মন্ত্রী কৃষ্ণ গৌড়া আৰু কেৰালাৰ বিত্ত মন্ত্রী কে এল বালাগোপালে।
মন্ত্রী গোটৰ অনুমোদনাৱলী কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণৰ অধ্যক্ষতাৰ জি এছ টি পৰিষদলৈ প্ৰেৰণ কৰা হ'ব। দীপাৱলীৰ পূৰ্বে অনুষ্ঠিতব্য জি এছ টি পৰিষদৰ বৈঠকত জি এছ টিত দ্বিতীয় পর্যায়ৰ (২.০) সংস্কাৰত চূড়ান্ত অনুমোদন জনোৱা হ'ব।
২০১৭ চনত দেশত বলৱৎ কৰা জি এছ টি ব্যৱস্থাত এয়াই হ'ব সর্ববৃহৎ আৰু ব্যাপক সংস্কাৰ। ঔষধ, পেকেটযুক্ত খাদ্য, জোতা-চেণ্ডেল, কাপোৰ, ম'বাইল ফোন, টি ভি, ফ্রীজ আদি সামগ্রীৰ মূল্য হ্রাসে ইতিমধ্যে সংকুচিত হৈ পৰা অর্থনীতিক নতুন গতি দিব বুলি আশা কৰা হৈছে।