গুৱাহাটীৰ পৰা চেন্নাই অভিমুখী বিমান বেংগালুৰুত জৰুৰীকালীনভাৱে অৱতৰণ

Story by  atv | Posted by  [email protected] • 3 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

ভাৰতৰ আকাশত যেন কালিমা লাগিছে। আকাশী যাত্ৰাত পুনৰ এক ভয়ংকৰ দূৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিলে ইণ্ডিগ’ৰ এখন বিমান। গুৱাহাটীৰ পৰা চেন্নাই অভিমুখে গৈ থকা ইণ্ডিগ’ৰ বিমানখনে আধা বাটত বিপৰ্যয়ৰ সন্মুখীন হোৱাত পাইলটে ‘মেডে’ ঘোষণা কৰে আৰু ইয়াৰ পিছতে ১৬৮জন যাত্ৰীসহ বিমানখন বেংগালুৰুত জৰুৰীকালীনভাৱে অৱতৰণ কৰা হয়। 
 
মাত্ৰ এসপ্তাহ পূৰ্বে আহমেদাবাদৰ পৰা লণ্ডনলৈ যাবলগীয়া এয়াৰ ইণ্ডিয়া ড্ৰিমলাইনাৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আতংক মাৰ নৌযাওতেই ভাৰতৰ আকাশী যাত্ৰাত সংঘটিত এই ঘটনাই বিমানযাত্ৰী সকলক পুনৰ আতংকিত কৰি তুলিছে। বৃহস্পতিবাৰে সংঘটিত এই ঘটনা কিছু পলমকৈ পোহৰলৈ আহিছে।
 
ইয়াৰ পূৰ্বে ১২ জুনৰ দুপৰীয়া আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কিছু সময়ৰ পূৰ্বে এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানৰ পাইলটে মে’ডে কল জাৰি কৰিছিল আৰু ইয়াৰ কেইটামান ছেকেণ্ড পিছতে আৱাসিক অট্টালিকাত খুন্দা মাৰি বিস্ফোৰিত হৈছিল। জানিব পৰা মতে, পৰ্যাপ্ত পৰিমাণৰ ইন্ধন নথকাৰ বাবে ইণ্ডিগ' বিমানখনে বেংগালুৰুত জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হয়। নিৰাপদে অৱতৰণ কৰাত তাত থকা ১৬৮গৰাকী যাত্ৰীয়ে স্বস্তিৰ নিশ্বাস ত্যাগ কৰে।
 
ইফালে, শুকুৰবাৰে মাদুৰাই অভিমুখী ইণ্ডিগোৰ এখন বিমানে মাজ আকাশত কাৰিকৰী অসুবিধাৰ সন্মুখীন হয় আৰু জৰুৰীভাৱে চেন্নাইত অৱতৰণ কৰাৰ অনুমতি বিচাৰিছিল বুলি এক সূত্ৰই জনাইছে। প্ৰায় ৬৮ জন যাত্ৰী কঢ়িয়াই নিয়া বিমানখন নিৰাপদে অৱতৰণ কৰাৰ লগতে যথাযথ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি সকলো যাত্ৰীক আন বিমানত গন্তব্য স্থানলৈ প্ৰেৰণ কৰা হয়।