যোগে সমগ্ৰ বিশ্বক একত্ৰিত কৰিছে: বিশাখাপট্টনমৰ পৰা প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by  [email protected] • 8 h ago
যোগে সমগ্ৰ বিশ্বক একত্ৰিত কৰিছে: বিশাখাপট্টনমৰ পৰা প্ৰধানমন্ত্ৰী মোদী
যোগে সমগ্ৰ বিশ্বক একত্ৰিত কৰিছে: বিশাখাপট্টনমৰ পৰা প্ৰধানমন্ত্ৰী মোদী
 
নতুন দিল্লী
 
অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে এক বৃহৎ ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষত অনুষ্ঠানটোৰ নেতৃত্ব দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায়।
 
যোগ দিৱসৰ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ লগতে বিশ্ববাসীক সম্ভাষণ জনায়। তেওঁ কয় যে আজি ২১ জুনত সমগ্ৰ বিশ্বই একাদশ বাৰৰ বাবে একেলগে যোগাসন কৰিছে। যোগৰ সহজ অৰ্থ হ'ল - সংযোগ স্থাপন কৰা, আৰু যোগে সমগ্ৰ বিশ্বক এটা সূতাত বান্ধি ৰখাটো এটা সুখদায়ক অভিজ্ঞতা।
 
তেওঁ লগতে কয় যে আজি জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে যোগ। ই বিশ্বক শান্তি, স্বাস্থ্য আৰু ঐক্যৰ দিশত পথ প্ৰদৰ্শন কৰি আছে। ভাৰতৰ প্ৰস্তাৱত ৰাষ্ট্ৰসংঘই ২০১৪ বৰ্ষত ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি দিছিল। মাত্ৰ কেইমাহমানৰ ভিতৰতে ১৭৫খন দেশে এই প্ৰস্তাৱক সমৰ্থন কৰিছিল। এয়া কেৱল এটা প্ৰস্তাৱৰ সমৰ্থন নহয়, ই মানৱতাৰ মংগলৰ বাবে এক বিশ্বব্যাপী প্ৰচেষ্টা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।
উল্লেখযোগ্য যে, আজি আৰ কে বিচৰ পৰা ভোগাপুৰমলৈকে ২৬ কিলোমিটাৰ দৈৰ্ঘ্যত একেলগে প্ৰায় ৩ ৰ পৰা ৫ লাখ লোকে যোগাসন কৰাৰ সম্ভাৱনা আছে। এই অনুষ্ঠানটোক বিশ্বৰ অন্যতম বৃহৎ যোগাসন হিচাপে গণ্য কৰা হৈছে।
 
ইফালে দেশৰ বিভিন্ন স্থানত যোগ দিৱসত অংশ লৈছে কেন্দ্ৰীয় মন্ত্ৰী সকলে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ নেতৃত্বত হাৰিয়ানাৰ ফৰিদাবাদস্থিত অৰুণ জেটলী নেচনেল ইনষ্টিটিউট অৱ ফাইনেন্সিয়েল মেনেজমেণ্টত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অধিৱেশন অনুষ্ঠিত হয়।
 
দিল্লীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশ লয় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই। সমান্তৰালকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহমেদাবাদৰ প্ৰহ্লাদনগৰ গাৰ্ডেনত পুৱা ৭ বজাত আহমেদাবাদ পৌৰ নিগমৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বিপৰীতে বদনগৰত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে অংশগ্ৰহণ কৰে।
 
লগতে উধমপুৰ সামৰিক কেন্দ্ৰত সেনা জোৱানসকলৰ সৈতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।