কেৰালাত ধাৰাসাৰ বৰষুণ; ৮ জনৰ মৃত্যু, নিৰুদ্দেশ ৮ জন

Story by  atv | Posted by  [email protected] • 10 h ago
কেৰালাত ধাৰাসাৰ বৰষুণ; ৮ জনৰ মৃত্যু, নিৰুদ্দেশ ৮ জন
কেৰালাত ধাৰাসাৰ বৰষুণ; ৮ জনৰ মৃত্যু, নিৰুদ্দেশ ৮ জন
 
নতুন দিল্লী
 
ধাৰাসাৰ বৰষুণৰ ফলত কেৰালাৰ বহু অঞ্চল বানত আক্ৰান্ত হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই দেওবাৰে প্ৰকাশ কৰা অনুসৰি বৰষুণ আৰু ধুমুহাৰ ফলত মুঠ ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৮ জন নিৰুদ্দেশ হৈছে।
 
ইয়াৰ উপৰিও ১৩ জন লোক আহত হৈ চিকিৎসাধীন হৈ আছে। ২৭টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে ১৯৬টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ উপৰিও ৫,৭৯২ জন লোকক ২০৯টা সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে।
 
আই এম ডিয়ে সোমবাৰে ৰাজ্যখনত ‘ইয়ে’ল্ল এলাৰ্ট’ জাৰি কৰিছে। ক্ষতিগ্ৰস্ত অঞ্চলত জৰুৰীকালীন সাৱধানতা অৱলম্বন কৰাৰ লগতে দ্ৰুতগতিত সাহায্য অভিযান চলোৱা হৈছে।
 
বেয়া বতৰৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলাত ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সোমবাৰে শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হৈছে। ইয়াৰে ভিতৰত পাঠানমথিত্তা, কান্নুৰ, কাছাৰগোড, কোঝিকোড়, ৱায়ানাড়, থ্ৰিছুৰ, কোট্টাইম, ইডুক্কি, মালাপ্পুৰম, পলাক্কাড় আদি অন্যতম। আলাপ্পুঝা জিলাৰ কুট্টানাড আৰু চেংগানুৰ তালুকতো বন্ধ ঘোষণা কৰা হৈছে।
 
পাঠনামথিত্তাৰ জিলা আয়ুক্ত এ নিজামুদ্দিনে কয়, "অংগনৱাড়ী কেন্দ্ৰৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয় আৰু টিউচন চেণ্টাৰলৈকে সকলো শিক্ষানুষ্ঠান সোমবাৰে বন্ধ ঘোষণা কৰা হৈছে। অৱশ্যে পূৰ্বতে নিৰ্ধাৰিত ৰাজহুৱা আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষা পৰিকল্পনা অনুসৰি অনুষ্ঠিত হ’ব।"
 
জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ তথা জিলা আয়ুক্ত পি বিষ্ণুৰাজে কান্নুৰত বন্ধ ঘোষণা কৰিছে। তেওঁ কয় যে সোমবাৰে সকলো চৰকাৰী, সাহায্যপ্ৰাপ্ত, আৰু বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, টিউচন কেন্দ্ৰ, মাদ্ৰাছা বন্ধ থাকিব। একেদৰে আয়ুক্ত অৰ্জুন পাণ্ডিয়ানে কাছাৰগোড়ত বন্ধ ঘোষণা কৰে, য’ত কলেজ, স্কুল, অংগনৱাড়ী, টিউচন চেণ্টাৰ, আইচিএছই আৰু চিবিএছই স্কুল, কেন্দ্ৰীয় বিদ্যালয়, মাদ্ৰাছাকে ধৰি সকলো শিক্ষানুষ্ঠান সোমবাৰে বন্ধ থাকিব।
 
এই সময়ছোৱাত নিৰ্ধাৰিত বিশ্ববিদ্যালয় আৰু ৰাজহুৱা পৰীক্ষাসমূহ কোনো বাধা নোহোৱাকৈ চলি থাকিব বুলি বিষয়াসকলে উল্লেখ কৰে।
 
উল্লেখযোগ্য যে, অবিৰত বৰষুণৰ ফলত কেইবাটাও অঞ্চলত পানী জমা হোৱাৰ লগতে সামান্য ভূমিস্খলন আৰম্ভ হৈছে। নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগতে নিম্নভূমি পানীত বুৰ যোৱাত ৰাইজক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। চৰকাৰ তথা জিলা প্ৰশাসনে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু এই কঠিন বতৰত ৰাইজক সজাগ আৰু সুৰক্ষিত হৈ থাকিবলৈ সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।