নতুন দিল্লী
জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত ভাৰতীয় নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদ বিৰোধী অভিযানত এক বৃহৎ সফলতা অৰ্জন কৰিছে। জিলাখনৰ এক দুৰ্গম বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা তীব্ৰ সংঘৰ্ষত বৃহস্পতিবাৰে দুটাকৈ সন্ত্ৰাসবাদী নিহত হয়। ভাৰতীয় সেনাৰ ‘হোৱাইট নাইট কৰ্পছ’ এ বৃহস্পতিবাৰে পুৱা সামাজিক মাধ্যম ‘এক্স’ৰ জৰিয়তে এক পোষ্টযোগে এই খবৰ নিশ্চিত কৰিছে।
সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বুধবাৰে নিশা প্ৰায় ৯ বজাত উধমপুৰৰ মাজালতাৰ দুৰ্গম ব্ৰাটেল, ছ’নে আৰু খুব্বান অঞ্চলত কেইটামান সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ অৱস্থিতি আৰু বিচৰণৰ গোপন তথ্য লাভ কৰা হৈছিল। এই নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত পলম নকৰি ভাৰতীয় সেনা, জম্মু-কাশ্মীৰ আৰক্ষী আৰু চি আৰ পি এফে যৌথভাৱে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি এক বিশাল অনুসন্ধান অভিযান আৰম্ভ কৰে।
ভাৰতীয় সেনাৰ হোৱাইট নাইট কৰ্পছে তেওঁলোকৰ এক্স পোষ্টটোত সমগ্ৰ অভিযানৰ বিষয়ে বিতংভাৱে উল্লেখ কৰি কয়, "২০২৬ চনৰ ১৬ আৰু ১৭ ছেপ্টেম্বৰৰ মাজনিশা এক নিশ্চিত চোৰাংচোৱা তথ্যৰ ভিত্তিত চলোৱা এই যৌথ অভিযানৰ সময়ত উধমপুৰৰ ব্ৰাটেল অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিশ্বাসযোগ্য প্ৰমাণ পোৱা গৈছিল। প্ৰতিকূল বতৰ, অতিশয় দুৰ্গম পাহাৰীয়া ভূখণ্ড আৰু নিশাৰ অন্ধকাৰৰ বাবে কম দৃশ্যমানতাৰ দৰে কঠিন প্ৰত্যাহ্বান নেওচি হোৱাইট নাইট কৰ্পছ, জম্মু-কাশ্মীৰ আৰক্ষী আৰু চি আৰ পি এফৰ এটা নিৰ্ভীক দলে নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰি সন্ত্ৰাসবাদ বিৰোধী অভিযান চলায় আৰু দুটা সন্ত্ৰাসবাদীক সফলতাৰে নিপাত কৰিবলৈ সক্ষম হয়।"
সেনা বিষয়াই জনোৱা মতে, বুধবাৰে নিশা অভিযান আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতেই অৰ্থাৎ মাজনিশাৰ ভাগত পৰিস্থিতিয়ে তীব্ৰ ৰূপ ধাৰণ কৰে। নিৰাপত্তা বাহিনীয়ে বনাঞ্চলৰ ভিতৰত থকা সন্ত্ৰাসবাদীৰ সন্দেহযুক্ত আত্মগোপনৰ স্থানসমূহ লক্ষ্য কৰি আগবাঢ়ি যোৱাৰ সময়তে দুয়োপক্ষৰ মাজত গুলীয়াগুলী আৰম্ভ হয় আৰু গহীন বনাঞ্চলৰ মাজত ধাৰাবাহিকভাৱে বন্দুকৰ গুলী তথা বিস্ফোৰণৰ শব্দ শুনা যায়।
বৰ্তমানো উক্ত অঞ্চলটোত সেনাৰ এই অভিযান সমাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে। সেনাই স্পষ্ট কৰি দিছে যে বাকী থকা যিকোনো সাম্ভাব্য ভাবুকিক চিনাক্ত কৰি সমূলি নিৰ্মূল কৰাৰ উদ্দেশ্যে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা বাহিনীক কঠোৰ পহৰাত নিয়োগ কৰা হৈছে আৰু বৰ্তমানো ব্যাপক অনুসন্ধান তথা চোৰাংচোৱা অভিযান অব্যাহত আছে।