হাৰ্টথ্ৰৱ জুৱিন গাৰ্গৰ মৃত্যুৰ বাবে পিছুৱালে কাইলৈ অনুষ্ঠিত হবলগীয়া ছমহীয়া পৰীক্ষা

Story by  atv | Posted by  Munni Begum • 1 Months ago
হাৰ্টথ্ৰৱ জুৱিন গাৰ্গ
হাৰ্টথ্ৰৱ জুৱিন গাৰ্গ
 
গুৱাহাটী
 
বিশ্ববৰণ্য শিল্পী তথা অসমীয়া জাতিৰ হাৰ্টথ্ৰৱ জুৱিন গাৰ্গৰ অকাল মৃত্যুৰ পৰিপেক্ষিতত কাইলৈ অৰ্থাৎ ২০ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া ছমহীয়া পৰীক্ষা পিচুৱাই দিবলৈ শিক্ষাবিভাগে নিৰ্দেশ জাৰী কৰিছে। 
 
আজি ৰাজ্য চৰকাৰৰ হৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৰাজ্যৰ সকলো বিদ্যালয়ে কিংবদন্তি শিল্পীগৰাকীৰ নশ্বৰদেহৰ অন্তোষ্টিক্ৰিয়া নোহোৱা পৰ্যন্ত পৰীক্ষা পিচুৱাই দিবলৈ নিৰ্দেশ দিছে। 
প্ৰয়াত জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয় পৰিদৰ্শক/ডিইঅ'ক নিৰ্দেশ দিয়া হৈছে যে, কাইলৈ ​​নিৰ্ধাৰিত ছমহীয়া পৰীক্ষা কিংবদন্তি শিল্পীগৰাকীৰ মৰ্ত্যৰ মৃতদেহ দাহ নোহোৱালৈকে পিছুৱাই দিব লাগে।