ছৌদি সমৰ্থিত ভাৰত-মধ্যপ্ৰাচ্য কৰিড'ৰ ভাৰতৰ বাবে কেনেকৈ ‘গেম চেঞ্জাৰ’ হ'ব ?

Story by  atv | Posted by  Munni Begum • 2 Months ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ছৌদি ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ এক মূহূৰ্ত
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ছৌদি ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ এক মূহূৰ্ত
 
অৱাজ-দ্য ভইচ অসম ব্যুৰো
 
জি-২০ শীৰ্ষ সন্মিলনত শেহতীয়াকৈ ঘোষিত ছৌদি সমৰ্থিত ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিড'ৰ (আইএমইচি) ভাৰতৰ বাবে এক উল্লেখযোগ্য পৰিৱৰ্তনশীল শক্তি হ’বলৈ গৈ আছে। ই ভাৰতক বিশ্বৰ বজাৰত অতুলনীয় প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব। ছৌদি আৰব, আমেৰিকা, ইউৰোপীয় ইউনিয়ন, ভাৰত, ইউ এ ই, ফ্ৰান্স, জাৰ্মানী, আৰু ইটালীৰ দ্বাৰা স্বাক্ষৰিত এই যুগান্তকাৰী চুক্তিখনে অৰ্থনৈতিক উন্নয়ন আৰু একতাক উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে এক ঐতিহাসিক চুক্তিৰ ৰূপ ধাৰণ কৰিছে।
 
ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিড'ৰ (আইএমইচি)এ দুটা সুকীয়া কৰিড'ৰেৰে গঠিত ৪৮০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশাল বাণিজ্যিক পথ সামৰি লৈছে। ইয়াৰে এটা হৈছে ভাৰতক আৰব উপসাগৰৰ সৈতে সংযোগ কৰা পূব কৰিড'ৰ আৰু উপসাগৰীয় ৰাষ্ট্ৰসমূহক ইউৰোপৰ সৈতে সংযোগ কৰা উত্তৰ কৰিড'ৰ। এই বহুমৌলিক পথটোৱে কেৱল সামগ্ৰী আৰু সেৱাৰ চলাচলতে নহয়, বৈদ্যুতিক আৰু ডিজিটেল সংযোগৰ লগতে বিশুদ্ধ হাইড্ৰ’জেন ৰপ্তানিৰ বাবে পাইপলাইনো সহজ কৰি তুলিব।
 
ভাৰত-ছৌদি আৰৱ কৌশলগত অংশীদাৰী পৰিষদৰ (এছপিচি) বৈঠক
 
বিশেষজ্ঞসকলৰ মতে এই কৰিড'ৰ হৈছে এক প্ৰকৃত গেম চেঞ্জাৰ। ভাৰতীয় উদ্যোগ সংঘৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমাৰ জ্যেষ্ঠ সঞ্চালক মনীষ মোহনে ইয়াৰ ঐতিহাসিক তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ই উত্তৰ আফ্ৰিকা আৰু উত্তৰ আমেৰিকালৈ ভাৰতৰ প্ৰসাৰ সম্প্ৰসাৰণ কৰাৰ লগতে সমৃদ্ধিশালী মধ্যপ্ৰাচ্য আৰু ইউৰোপীয় বজাৰসমূহৰ বাবে বিকল্প বাণিজ্যিক পথৰ সুবিধা প্ৰদান কৰিব। তদুপৰি জাহাজৰ পৰা ৰেললৈ ট্ৰেনজিট ব্যৱস্থাই জাহাজৰ খৰচ আৰু ট্ৰেনজিট সময় যথেষ্ট হ্ৰাস কৰিব, যাৰ ফলত সীমা অতিক্ৰম কৰি হোৱা বাণিজ্য অধিক কাৰ্যক্ষম হ’ব।
 
ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ সভাপতি সুব্ৰকান্ত পাণ্ডাই উল্লেখ কৰে যে ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিড'ৰে ব্যৱসায় বাণিজ্যলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিব, স্বচ্ছ শক্তিৰ সমাধানৰ সূচনা কৰিব, আৰু ডিজিটেল উদ্ভাৱনক প্ৰসাৰিত কৰিব। ই অৰ্থনৈতিক সমৃদ্ধিক উদ্দীপনা যোগাব, চাকৰিৰ সৃষ্টি কৰিব, আৰু সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাত অৰিহণা যোগাব বুলি আশা কৰা হৈছে।
 
এই অভিলাষী প্ৰকল্পটোৱে কেৱল অঞ্চলটোক একত্ৰিত কৰাই নহয়, এক বিশ্বব্যাপী মূল্য শৃংখলো স্থাপন কৰে, যিয়ে কেৱল এখন দেশেই নহয়, সমগ্ৰ অঞ্চলটোক উপকৃত কৰে। তদুপৰি, ই ভাৰতীয় আৰু ছৌদি ব্যৱসায়ীসকলৰ বাবে সহযোগিতা আৰু পাৰস্পৰিক লাভৰ সুযোগ উপস্থাপন কৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিড'ৰে ইতিমধ্যে শক্তিশালী ছৌদি-ভাৰতৰ সম্পৰ্কক আৰু অধিক সৱল কৰিছে। এই সম্পৰ্ক ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সময়ছোৱাত গতি লাভ কৰিছে। এই নতুন বাণিজ্য পথে সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ লগতে উপসাগৰীয় আন এক গুৰুত্বপূৰ্ণ মিত্ৰ তথা শীৰ্ষ বাণিজ্যিক অংশীদাৰ ইউ এ ইৰ সৈতে ভাৰতৰ সম্পৰ্ক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
 
ৱাশ্বিংটন ডি চিৰ মিডল ইষ্ট ইনষ্টিটিউটত কৰ্মৰত মহম্মদ ছলিমানৰ মতে ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (IMEC)-এ ভাৰত আৰু মধ্যপ্ৰাচ্যৰ মাজৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠ কৰি তুলিছে। ইতিমধ্যে ভাৰতে ছৌদি আৰব আৰু ইউ এ ইৰ সৈতে বহু বাণিজ্য কৰে, আৰু আই এম ই চিয়ে তেওঁলোকৰ অৰ্থনৈতিক অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰি তুলিব। ইয়াৰ উপৰিও ভাৰতৰ বাবে বাণিজ্য, শক্তি লাভ, অঞ্চলটোত আন্তঃগাঁথনি নিৰ্মাণৰ নতুন সুযোগ সৃষ্টি কৰিব পাৰে।
 
ভূ-ৰাজনৈতিক দৃষ্টিকোণৰ পৰা অৰ্থনৈতিক কৰিড'ৰৰ যথেষ্ট প্ৰভাৱ আছে, কিয়নো ইয়াৰ আঠখন স্বাক্ষৰকাৰী দেশেই বিশ্বৰ অৰ্থনীতিৰ প্ৰায় আধা অংশ প্ৰতিনিধিত্ব কৰে। ই সমগ্ৰ ইউৰেছিয়ান ৰিমলেণ্ডত বাণিজ্য আৰু আন্তঃগাঁথনিৰ সংযোগ বৃদ্ধি কৰিব বিচাৰে আৰু ইউৰেছিয়াৰ শক্তিৰ ভাৰসাম্যক পুনৰ গঢ় দিয়াৰ লক্ষ্য ৰাখে।
 
ৰেল ট্ৰেনজিট ব্যৱস্থা
 
কিছুমানে আইএমইচি আৰু চীনৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভৰ মাজত তুলনা কৰিলেও বিশেষজ্ঞসকলে জোৰ দি কয় যে আইএমইচিয়ে অংশগ্ৰহণকাৰী দেশসমূহক অধিক স্বায়ত্তশাসন আৰু অধিক বৈচিত্ৰ্যপূৰ্ণ অংশীদাৰিত্বৰ গোট প্ৰদান কৰে। 
 
সামৰণিত ক’বলৈ গ’লে ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিড'ৰটো সুদূৰপ্ৰসাৰী অৰ্থনৈতিক, কৌশলগত আৰু ভূ-ৰাজনৈতিক প্ৰভাৱৰ সৈতে এক পৰিৱৰ্তনশীল শক্তি হিচাপে পৰিগণিত হৈছে। ই এক ঐতিহাসিক চুক্তিক প্ৰতিনিধিত্ব কৰে যিয়ে ইউৰেছিয়ান (Eurasian) অঞ্চলত বাণিজ্য আৰু সংযোগক পুনৰ গঢ় দিব পাৰে আৰু বৰ্তমানৰ বিশ্ব আন্তঃগাঁথনিৰ পদক্ষেপসমূহৰ এক অনন্য বিকল্প আগবঢ়ায়।