নতুন দিল্লী
মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ কাৰ্যকালত বাংলাদেশত সংখ্যালঘুৰ বিৰুদ্ধে ২৯০০ৰো অধিক হিংসাৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰি ভাৰতে শুকুৰবাৰে বাংলাদেশৰ মৈমনসিং জিলাত দিপু চন্দ্ৰ দাসৰ হত্যাকাণ্ডক গৰিহণা দিয়ে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰন্ধিৰ জয়ছোৱালে নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি কয়, "মৈমনসিঙত শেহতীয়াকৈ এজন হিন্দু যুৱকৰ হত্যাকাণ্ডক আমি গৰিহণা দিছো৷ আমি আশা কৰিছো যে এই অপৰাধৰ আঁৰত থকা দোষীক ন্যায়ৰ কাঠগড়াত থিয় কৰোৱা হ’ব৷ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ কার্যকালত সংখ্যালঘুৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক কাণ্ডৰ ২৯০০ৰো অধিক ঘটনা সূত্রৰ দ্বাৰা নথিভুক্ত কৰা হৈছে৷”
তেওঁ কয় যে হিন্দু, খ্ৰীষ্টান, বৌদ্ধকে ধৰি সংখ্যালঘুসকলৰ বিৰুদ্ধে শত্ৰুতা অব্যাহত থকাক লৈ ভাৰতে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে। এই কাণ্ডবোৰক কেৱল সংবাদ মাধ্যমৰ অতিৰঞ্জন বুলিয়েই এৰাই চলিব নোৱাৰি বা ৰাজনৈতিক হিংসা বুলি উলাই কৰিব নোৱাৰি বুলিও তেওঁ কয়।
"বাংলাদেশত সৃষ্টি কৰা ভুৱা ভাৰতবিৰোধী আখ্যান ভাৰতে নাকচ কৰি আইন-শৃংখলা আৰু নিৰাপত্তা বজাই ৰখাটো বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব বুলি পুনৰ উল্লেখ কৰিছে।" জয়ছৱালে কয়।
উল্লেখ্য যে, দিপু দাস নামৰ ২৫ বছৰীয়া কাৰখানাত কৰ্মৰত এজন যুৱকক ভগৱানক অপমান কৰাৰ অভিযোগত ৰাইজে আক্ৰমণ কৰে। দিপু দাসক গছত ওলোমাই জ্বলাই দিয়া হয়। এই গোচৰৰ সৈতে জড়িত কমেও ১০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।