ডিচেম্বৰত ভাৰতে মানৱৰূপী 'ভ্যোম্মিত্রা'ক মহাকাশলৈ প্ৰেৰণ কৰিবঃ ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণন

Story by  atv | Posted by  Munni Begum • 1 Months ago
 মানৱৰূপী 'ভ্যোম্মিত্রা' আৰু ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণন
মানৱৰূপী 'ভ্যোম্মিত্রা' আৰু ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণন
 
কইম্বাটুৰ 
 
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ অধ্যক্ষ ভি নাৰায়ণনে বৃহস্পতিবাৰে কইম্বাটুৰত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কয় যে, অহা ডিচেম্বৰ মাহত মানুহৰ সলনি "ভ্যোম্মিত্রা" নামৰ এটা অর্ধ-হিউমেনইডক পাঠোৱা হ’ব।
 
তেওঁ কয়, “বৰ্তমান আমি উন্নত পৰ্যায়ত আছো। অহা ডিচেম্বৰত প্ৰথমখন মানৱবিহীন অভিযান প্ৰেৰণৰ পৰিকল্পনা কৰিছো, য’ত এজন মানৱৰ সলনি  "ভ্যোম্মিত্রা"ক পাঠোৱা হ’ব। এইটো সফল হ’লে, আগন্তুক বছৰত দুটাকৈ মানৱবিহীন অভিযান আৰু সম্পন্ন কৰা হ’ব।”
 
গগণযাত্ৰীৰ ক্ষেত্ৰত উল্লেখ কৰি ভি নাৰায়ণনে কয়, “২০২৭ চনৰ প্ৰথম প্ৰহৰত আমি আমাৰ নিজৰ গগণযাত্ৰীক মহাকাশলৈ প্ৰেৰণ কৰি সুৰক্ষিতভাৱে ঘূৰাই আনিবলৈ লক্ষ্য স্থিৰ কৰিছো। গগণযান মিছনৰ বাবে দল নিৰ্বাচিত কৰা হৈছে। তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু আমি নিজৰ অভিযানৰ বাবে প্ৰস্তুতি লই আছো।” 
ইয়াৰ উপৰিও, গগণযান মিছনৰ প্ৰস্তুতিৰ অংশস্বৰূপে ইছৰোৱে প্ৰথমটো Integrated Air Drop Test (IADT-01) সফলতাৰে সম্পন্ন কৰিছে। ইছৰোৰ মতে, এই সফল পৰীক্ষা হৈছে এক যৌথ প্ৰচেষ্টা, য’ত ভাৰতীয় বায়ুসেনা, ৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (DRDO), নৌসেনা আৰু কাষ্টগাৰ্ডে অংশগ্ৰহণ কৰিছিল। 
 
ইছৰোই এক্সত এক পোষ্টত লিখিছে, “গগণযান মিছনৰ বাবে পেৰাছুট-ভিত্তিক ডিচেলাৰেচন ছিষ্টেমৰ সম্পূৰ্ণ পৰীক্ষাৰ বাবে প্ৰথম Integrated Air Drop Test (IADT-01) সফলতাৰে সম্পন্ন কৰিছে। এই পৰীক্ষাটো  ইছৰো, বায়ুসেনা, ৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা, নৌসেনা আৰু কাষ্টগাৰ্ডৰ যৌথ প্ৰচেষ্টাত সম্পন্ন কৰা হৈছে।”
 
ইতিপূৰ্বে, বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে বুধবাৰে কয় যে, ভাৰতৰ প্ৰথম মানৱ মহাকাশযাত্ৰা কাৰ্যসূচী "গগণযান"-ৰ বাবে Human Rated Launch Vehicle (HLVM3)-ৰ উন্নয়ন আৰু স্থল পৰীক্ষা ইতিমধ্যেই সম্পন্ন কৰা হৈছে।  
 
মানৱ মহাকাশ অভিযান কাৰ্যসূচী হৈছে এটা স্থায়ী মহাকাশ অভিযাত্রী ৰাষ্ট্ৰ হিচাপে ভাৰতক প্ৰতিষ্ঠিত কৰাৰ লক্ষ্যপূৰ্ণ পদক্ষেপ। ‘বিকশিত ভাৰত’-ৰ লক্ষ্যপূৰণৰ বাবে প্ৰযুক্তি আৰু উৎপাদন ক্ষমতাৰ বিকাশ এক ৰূপান্তৰকাৰী গৱেষণা-প্ৰযুক্তি পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিব।
 
তেওঁ লগতে কয়, গগণযান কাৰ্যসূচীৰ জৰিয়তে মানৱৰ মহাকাশ অভিযানৰ মূল ক্ষমতা প্ৰমাণ কৰাৰ পিছত পৰৱৰ্তী গুৰুত্বপূৰ্ণ লক্ষ্য হ’ব নিম্নপৃথিৱী কক্ষপথত এটা মানৱ আবাস বা মহাকাশ ষ্টেচন নিৰ্মাণ কৰি দীঘলীয়া মহাকাশ অভিযানৰ পথ প্ৰসাৰ কৰা। এই দিশত ভাৰতীয় মানৱ মহাকাশ কাৰ্যসূচীৰ দীৰ্ঘম্যাদী ভৱিষ্যত পৰিকল্পনাত ২০৩৫ চনৰ ভিতৰত "ভাৰতীয় অন্তৰীক্ষ ষ্টেচন (BAS)" আৰু ২০৪০ চনৰ ভিতৰত "ভাৰতৰ চন্দ্ৰ অৱতৰণ" অন্তৰ্ভুক্ত কৰা আছে।