১১০ বছৰৰ ভিতৰত তৃতীয় সর্বাধিক শীতকালৰ কবলত পৰিব ভাৰত

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
এইবাৰ ভাৰতৰ কোনো কোনো অঞ্চল হাড় কঁপোৱা জাৰৰ কবলত পৰিব বুলি বতৰ বিজ্ঞানীসকলে প্রকাশ কৰিছে। বিজ্ঞানীসকলৰ মতে, এয়া হ'ব ১১০ বছৰৰ ভিতৰত তৃতীয় সর্বাধিক ঠাণ্ডাৰ শীতকাল। পূর্বানুমান অনুসৰি মধ্যপ্রদেশ আৰু ৰাজস্থানত তাপমাত্রা ১৫ ডিগ্রী চেলছিয়াছপর্যন্ত হ্রাস হ'ব। 
 
ইতিমধ্যে উচ্চ হিমালয়ৰ ৮৬ শতাংশ অঞ্চল নিৰ্ধাৰিত সময়ৰ দুমাহ পূৰ্বে বৰফেৰে ঢাক খাই পৰিছে। উত্তৰাখণ্ডৰ শিখসকলৰ পবিত্র স্থান হেমকুণ্ড ছাহিবত বর্তমান এফুটপর্যন্ত বৰফ পৰিছে। হিমালয় অঞ্চলৰ তাপমাত্রা সম্প্রতি স্বাভাৱিকতকৈ ২-৩ ডিগ্রী চেলছিয়াছ কমিছে। 
 
ভাৰতৰ শীতৰ এটা প্রধান কাৰণ হ'ল 'লা নিনা' বতৰৰ প্ৰভাৱ, যি সাধাৰণতে ভাৰতত স্বাভাৱিকতকৈ বেছি ঠাণ্ডা পেলায় আৰু শীত নমায়। প্রশান্ত মহাসাগৰৰ পানী শীতল হোৱাৰ ফলতে 'লা নিনা' পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ প্ৰভাৱতে উত্তৰ ভাৰতৰ লগতে মধ্য আৰু পশ্চিম ভাৰততো তীব্র শীত প্রবাহৰ সম্ভাৱনাই দেখা দিয়ে। 
 
বিজ্ঞানীসকলৰ মতে, ডিচেম্বৰৰ ভিতৰতে হাড় কঁপোৱা ঠাণ্ডা সমগ্ৰ উত্তৰ ভাৰতত অনুভূত হ'ব আৰু তাপমাত্রা হিমাংকৰ ওচৰা-উচৰি হ'ব পাৰে। মধ্যপ্রদেশত এইবাৰ আগতীয়াকৈ আহিছে শীত। ৰাজধানী ভূপালত সর্বনিম্ন তাপমাত্রা ১৫.৮ ডিগ্রী চেলছিয়াছলৈ অৱনমিত হৈছে, যিটো স্বাভাৱিকতকৈ ৩.৬ ডিগ্রী চেলছিয়াছ কম। অক্টোবৰৰ প্রথম পষেকত বিগত ২৬ বছৰত এয়া হৈছে ভূপালত তৃতীয় সর্বনিম্ন তাপমাত্রা। 
 
ৰাজস্থানত দিন আৰু ৰাতিৰ তাপমাত্রাত বৃহৎ পার্থক্য দেখা গৈছে। ছিকৰত ৰাতি ১৫ ডিগ্রী চেলছিয়াছৰ তললৈ নামিছে তাপমাত্রা। উত্তৰাখণ্ডৰ বিখ্যাত কেদাৰনাথ মন্দিৰ প্ৰাংগণত বৰফ জমা হৈছে। নেপালৰ পৰা কাশ্মীৰলৈকে দেখা গৈছে বৰফৰ শুভ্র আচ্ছাদন। 
 
বিজ্ঞানীৰ মতে, বৰফে হিমালয়ৰ গ্লেচিয়াৰসমূহক সমৃদ্ধ কৰি তুলিব। নিম্ন তাপমাত্ৰাৰ বাবে হিমালয়ৰ বৰফ সম্প্ৰতি নগলে আৰু ফলত ৫ বছৰৰ বাবে গ্লেচিয়াৰসমূহ বৃদ্ধি হ'ব। ফলত উত্তৰ ভাৰতৰ নদীসমূহতো পানীৰ অভাৱ নহ'ব। 
 
শীতৰ প্ৰাৰম্ভণিতে ছিকিম, কাশ্মীৰ, উত্তৰাখণ্ড, হিমাচলৰ পৰা নেপাললৈকে বৰফে ঢাকি পেলাইছে। ইয়াৰ বাবেই অক্টোবৰৰ পৰাই মধ্য আৰু নিম্ন হিমালয় অঞ্চলৰ লগতে সমভূমিতো তাপমাত্রা খৰতকীয়াকৈ হ্রাস হ'বলৈ লৈছে।