ভাৰতীয় বায়ুসেনাত এতিয়া আৰু নাথাকিব 'মিগ-২১' যুঁজাৰু জেট বিমান

Story by  atv | Posted by  Munni Begum • 13 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
ভাৰতীয় বায়ুসেনাৰ নিসন্দেহে যুঁজাৰু ঘোঁৰা হৈছে 'মিগ-২১'। কিন্তু ছেপ্টেম্বৰৰ ভিতৰত 'মিগ-২১'ৰ সক্ৰিয় সেৱা পৰ্যায়ক্ৰমে বন্ধ কৰি দিয়া হ’ব।  ইয়াৰ ঠাইত নতুন আৰু চঞ্চল টেজাছ Mk1A যুঁজাৰু জেট বিমান নিৰ্মাণ কৰা হ'ব। 
 
৯০০ খন 'মিগ-২১' বিমানৰ ভিতৰত ৩৬ খন  ভাৰতীয় বায়ুসেনাৰ অস্ত্ৰভাণ্ডাৰত বৰ্তমান মজুত আছে। ৰাছিয়াৰ প্ৰযুক্তিৰে নিৰ্মান কৰা এই বিমানৰ প্ৰায় ৬৬০খন ভাৰতত নিৰ্মাণ কৰা হৈছিল। যিয়ে দেশৰ আকাশ আৰু ভূখণ্ডক সফলতাৰে নিৰাপত্তা আৰু সুৰক্ষা প্ৰদান কৰিছিল।  
 
ৰাছিয়াত নিৰ্মিত জেট বিমানখনে প্ৰথমবাৰৰ বাবে ভাৰতত ১৯৬৩ চনত সেৱাত যোগদান কৰিছিল। ২০২৩ চনৰ অক্টোবৰ মাহত ৪ নং স্ক্ৱাড্ৰনৰ মিগ-২১ যুদ্ধ বিমানে শেষবাৰৰ বাবে ৰাজস্থানৰ বাৰ্মেৰ চহৰৰ ওপৰেৰে উৰা মাৰিছিল। 
 
তেতিয়াৰ বায়ুসেনাৰ মুৰব্বী এয়াৰ চিফ মাৰ্শ্বাল ভি আৰ চৌধাৰীয়ে কয় যে, ২০২৫ চনৰ ভিতৰত আমি মিগ-২১ যুঁজাৰু বিমানৰ উৰণ বন্ধ কৰি দিম আৰু ইয়াৰ ঠাইত এল চি এ মাৰ্ক-১এ বিমান নিযুক্ত কৰিম।