এক ডলাৰত ভাৰতীয় টকাৰ মূল্য হ'লগৈ ৮৯.৩৫ টকা

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী 
 
বিগত ১১ মাহ ধৰি ডলাৰৰ বিপৰীতে টকাৰ মূল্যই ক্রমাগত মূল্যহ্ৰাসৰ পাচত এক ডলাৰৰ মূল্য প্রায় ৯০ টকা (৮৯.৮৩ টকা)ৰ কাষ চাপিছে। সোমবাৰে ডলাৰৰ বিপৰীতে টকাৰ এই অৱমূল্যায়নে সর্বকালৰ অভিলেখ ৰচনা কৰিছে। ৫ ট্রিলিয়ন অর্থনীতিৰ স্বপ্নৰ পিচে পিচে দৌৰা ভাৰতীয় অর্থনীতিৰ বাবে সোমবাৰৰ দিনটো চৰম বিপৰ্যয়ৰ দিন হিচাপে পৰিগণিত হৈছে। শুকুৰবাৰে এই মূল্যমান আছিল ৮৯.৩৫ টকা, অর্থাৎ তিনি দিনত ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৪৮ পইচা হ্রাস পালে। ১১ মাহত টকাৰ মূল্যৰ পতনৰ হাৰ ৪.৩ শতাংশ। 
 
ঘৰুৱা অর্থনীতিত শ্বেয়াৰ বজাৰৰ ঊর্ধ্বমুখিতা সুখবৰ হ'লেও ডলাৰৰ বিপৰীতে টকাৰ ব্যাপক অৱমূল্যায়নৰ ফলত ভাৰতৰ ৰপ্তানি বাণিজ্যত প্রতিকূল প্রভাৱ পৰা আৰম্ভ হৈছে। বিশেষকৈ খাৰুৱা তেলৰ দৰে আমদানিকৃত সামগ্ৰীত দেশীয় মুদ্রাৰ বিপৰীতে ডলাৰৰ মূল্য বৃদ্ধিয়ে ঘৰুৱা বজাৰত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিব। 
 
ব্ৰ'কাৰেজ ফাৰ্মসমূহৰ মতে টকাৰ মূল্য অৱনমনৰ বিপৰীতে মালয়েছিয়াৰ বিংগিট, তাহবানিজ ডলাৰ, থাইলেণ্ডৰ বাট আৰু চীনৰ ৰেনজিনবি/য়ুৱানে ডলাৰৰ সন্মুখত মূৰ তুলি আছে। এছিয়াৰ আটাইতকৈ দুর্বল মুদ্রাৰ সর্বনিম্ন স্থানত আছে ভাৰতীয় টকা। তাৰ আগত আছে বাংলাদেশৰ টাকা, ইণ্ডোনেছিয়াৰ ৰুপিয়াহ, ফিলিপাইনছৰ পেছো আৰু ভিয়েটনামৰ ডঙেৰ।
 
ভাৰতীয় ৰপ্তানি বাণিজ্যত এক নম্বৰ স্থানত থকা মার্কিন যুক্তৰাষ্ট্ৰবে শুল্ক সংঘাত আৰম্ভ হোৱাৰ পাচত ভাৰতীয় ৰিজার্ভ বেংকলৈ ডলাৰৰ ক্ৰমাগত অতি নিম্নগামী হৈ পৰে। ভাৰতে বিকল্প বজাৰৰ সন্ধান কৰিলেও বহিঃবাণিজ্যৰ বাবে ভাৰতক প্রয়োজন বৃহৎ পৰিমাণৰ ডলাৰ। বিদেশী মুদ্রা ভাণ্ডাৰ সুস্থিৰ কৰি ৰাখিবলৈ ৰিজার্ভ বেংকে ডলাৰ আৰু সোণ ক্রয়ৰ পৰিমাণ বৃদ্ধি কৰিছে। ফলত বৃদ্ধি পায় ডলাৰৰ চাহিদা। স্পষ্টতঃ মার্কিন যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতৰ বাণিজ্যিক যুদ্ধ শীঘ্রে অন্ত নপৰিলে প্রতি ডলাৰৰ মূল্যই যে, এশ টকাৰ ঘৰ অতিক্ৰম কৰিব তাত সন্দেহ নাই। 
 
বিশেষজ্ঞসকলৰ মতে, আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিয়েও টকাৰ মূল্যৰ ওপৰত তীব্র চাপ পেলাইছে। বৈশ্বিক খাৰুৱা তেলৰ মূল্যমান নির্ধাৰক ব্রেন্ট ক্রুডৰ মূল্য প্রতি বেৰেলত ১.৫৭ শতাংশ বৃদ্ধি ঘটি হৈছেগৈ ৬৩.৩৫ ডলাৰ। ভাৰতীয় ৰপ্তানিত মার্কিন প্রশাসনে আগষ্ট মাহত ৫০ শতাংশ শুল্ক আৰোপৰ পাচৰে পৰা টকাৰ মূল্যৰ দ্রুত পতন আৰম্ভ হয়। 
 
বিদেশী প্রাতিষ্ঠানিক বিনিয়োগকাৰীয়ে বছৰটোত ১৬.৫ বিলিয়ন ডলাৰ ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা প্ৰত্যাহাৰ কৰাৰ ঘটনায়ো ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্রাসত ইন্ধন যোগাইছে। অৱশ্যে ঘৰুৱা বজাৰত ছেনছেক্স আৰু এন এছ ই নিফটি সূচকাংকৰ উর্ধ্বমুখিতাই তাৰ মাজতো ইতিবাচকতাৰ সূচনা কৰিছে। ছেনছেক্স ৪৫২.৩৫ পইন্ট বৃদ্ধি পাই হয়গৈ ৮৬,১৫৯.০২ পইন্ট আৰু এন এছ ই নিফটি সূচকাংক ১২২.৮৫ পইন্ট বৃদ্ধি ঘটি অভিলেখ ২৬,৩২৫.৮০ পইণ্টৰ ঘৰ চুইছে। ডলাৰৰ বিপৰীতে টকাৰ মূল্যমান সুস্থিৰ কৰাৰ ক্ষেত্ৰত ভাৰতীয় ৰিজার্ভ বেংকৰ মুদ্রা নীতিয়ে গুৰুত্বপূর্ণ স্থান লাভ কৰি আহিছে। 
 
ৰিজার্ভ বেংকৰ বাবে ভাৰতৰ বাণিজ্যিক ঘাটিৰ দ্রুত বৃদ্ধি এক জটিল প্রত্যাহ্বান হিচাপে দেখা গৈছে। অক্টোবৰ মাহত মার্কিন যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি ৬.৩ বিলিয়ন ডলাৰলৈ হ্রাস পোৱাৰ পিচত ভাৰতৰ বাণিজ্যিক ঘাটি ৪১.৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়। এই ঘাটি শেহতীয়া মাহবিলাকৰ ভিতৰত সৰ্বাধিক। তেনেক্ষেত্রত কাইলৈৰ পৰা ৫ ডিচেম্বৰপর্যন্ত চলিব লগা ভাৰতীয় ৰিজার্ভ বেংকৰ মুদ্রানীতি কমিটীৰ বৈঠকখনে বিশেষ গুৰুত্ব লাভ কৰিছে। ৰিজার্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোট্টাই দিয়া ইংগিতমতে ৰেপ'ৰেট বা সুতৰ হাৰ হ্ৰাসৰ ক্ষেত্রত ৰিজার্ভ বেংকে নির্ণায়ক সিদ্ধান্ত ল'ব পাৰে।