গুৱাহাটী
দেশৰ অন্যতম অগ্ৰণী জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ইয়াৰ ৩৫ বছৰীয়া জয়ন্তীৰ বছৰজোৰা উদযাপনৰ অংশ হিচাপে আগবঢ়াবলৈ লোৱা “তৃণমূল সংৰক্ষণ বঁটা, ২০২৫”ৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছে আৰু মনোনয়নৰ আহ্বান জনাইছে।
এই বঁটাৰ জৰিয়তে প্ৰকৃতি সংৰক্ষণক নিজৰ জীৱন আৰু জীৱনশৈলীৰে সংপৃক্ত কৰি লোৱা উত্তৰ পূৱ ভাৰতৰ একনিষ্ঠ আৰু অবন্দিত প্ৰকৃতিপ্ৰেমীসকলক সমাজৰ আগত দাঙি ধৰা হ’ব।
প্ৰকৃতি সংৰক্ষণ আৰু সামাজিক উন্নয়নত নিয়োজিত ব্যক্তি আৰু গোটৰ লগতে প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত দৃষ্টান্তমূলক বৰঙণি আগবঢ়োৱা উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠীয় সমূদায়ৰ প্ৰতিনিধিক এই বঁটাৰে সন্মানিত কৰা হ’ব।
তিনিজন ব্যক্তি আৰু এটা গোটক এই বঁটা প্ৰদান কৰা হ’ব। গোট শিতানত “প্ৰয়াত বিপুল দাস সোঁৱৰণী তৃণমূল সংৰক্ষণ বঁটা” প্ৰদান কৰা হ’ব । আনহাতে গাইগুটীয়া শিতানত “প্ৰয়াত মেহেৰুণ নেছা” (বয়স ৫০ বছৰৰ উৰ্দ্ধৰ), “ প্ৰয়াত অনন্ত বৰা” (বয়স ৪০-৫০ বছৰ) আৰু “ প্ৰয়াত চেলিনা চুলতানা” (বয়স ৩০-৪০ বছৰ) সোঁৱৰণী বঁটা প্ৰদান কৰা হ’ব।
তৃণমূল পৰ্যায়ত কাম কৰা প্ৰকৃতিবিদ/গৱেষক/কৃষক/স্থানীয় সমুদায়ৰ প্ৰতিনিধি/ সংৰক্ষণৰ হকে কাম কৰা সংস্থাৰ প্ৰতি প্ৰশংসনীয় সহযোগিতা আগবঢ়োৱা স্বেচ্ছাসেৱক, নাগৰিক বিজ্ঞান, উদ্ধাৰ আৰু পুনৰসংস্থাপন (বন্যপ্ৰাণী), প্ৰজাতি আৰু বাসস্থান সংৰক্ষণৰ বাবে কাম কৰা ব্যক্তি; প্ৰকৃতি সংৰক্ষণক উদগনি যোগোৱা পৰ্যটন, শিল্প আৰু সংস্কৃতি; সেউজ প্ৰতিবেদন লিখা সংবাদ কৰ্মীয়ে আবেদন আৰু মনোনয়ন প্ৰক্ৰিয়া মুকলি কৰি দিয়া হৈছে।
মনোনয়নসমূহ প্ৰখ্যাত সংৰক্ষণবিদ, প্ৰকৃতিবিদ আৰু উন্নয়ন বিশেষজ্ঞক লৈ গঠিত এখন সমিতিয়ে পৰীক্ষা কৰি প্ৰতিটোৰ শাখাৰ বাবে চূড়ান্ত বাছনি কৰিব।
এই বঁটাৰ বিষয়ে অধিক জানিবলৈ, আবেদন অথবা মনোনীত কৰিবলৈ অনুগ্ৰহ কৰি https://aaranyak.org/announcement/ চাব পাৰে।
(অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি আৰণ্যকৰ আয়োজক বিষয়া প্ৰণৱ গোস্বামী (8638701236/[email protected] ) ৰ সৈতে যোগাযোগ কৰিব পাৰে)