ইছলামবাদে ভৰতৰ বাবে বন্ধ কৰিছে আকাশমাৰ্গ; দীঘলীয়া পথেৰে যাত্ৰা কৰিব লাগিব ভাৰতীয় বিমানে

Story by  atv | Posted by  [email protected] • 11 h ago
ইছলামবাদে ভৰতৰ বাবে বন্ধ কৰিছে আকাশমাৰ্গ
ইছলামবাদে ভৰতৰ বাবে বন্ধ কৰিছে আকাশমাৰ্গ
 
নতুন দিল্লী
 
পেহেলগামত সংঘটিত সন্ত্রাসবাদীৰ আক্ৰমণত প্রতিক্রিয়াৰূপে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণৰ পিচত শেহতীয়াকৈ ইছলামাবাদেও ভাৰতীয় বিমান প্রতিষ্ঠানসমূহৰ বাবে নিজ দেশৰ আকাশমার্গ বন্ধৰ সিদ্ধান্ত গ্রহণ কৰিছে। ইয়াৰ ফলত ভাৰতীয় বিমান প্রতিষ্ঠানসমূহৰ অধীনত চলাচল কৰি থকা আন্তঃৰাষ্ট্ৰীয় বিমানসমূহে দীঘলীয়া গতিপথেৰে বিভিন্ন দেশলৈ যাত্রা কৰিব লাগিব।
 
এটা সূত্ৰৰ মতে দীঘলীয়া গতিপথৰ ফলত হ'বলগীয়া অত্যধিক ব্যয়ৰ বাবে একাংশ বিমান প্রতিষ্ঠানে কেতবোৰ বিমান সেৱা বাতিল কৰাৰ লগতে গতিপথ সলনিৰো পৰিকল্পনা কৰিছে। এয়াৰ ইণ্ডিয়া বিমান প্রতিষ্ঠানটোৰ বাবে পাকিস্তানৰ আকাশমার্গ বন্ধ হোৱাৰ ফলত আমেৰিকা আৰু ইউৰোপলৈ বিমান যাত্ৰাৰ সময় অতিৰিক্তভাৱে প্রায় ২ ঘণ্টা বৃদ্ধি পাব।
 
একেদৰে ইণ্ডিগ', স্পাইচজেট, আকাশা এয়াৰ আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ দৰে প্ৰতিষ্ঠানৰ নতুন দিল্লীৰ পৰা মধ্যপ্রাচ্যৰ দেশলৈ যাত্ৰা কৰা বিমানৰ সময় ২০-৩০ মিনিট পর্যন্ত বৃদ্ধি পাব। সূত্ৰটোৰ মতে নতুন দিল্লীৰ পৰা উত্তৰ আমেৰিকালৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ বিমানসমূহে এতিয়া প্রথমে আহমেদাবাদলৈ যাব। তাৰ পৰা পাকিস্তানৰ আকাশমার্গ পৰিহাৰ কৰি সোঁফালেৰে মাস্কাট হৈ ইৰানৰ ওপৰেৰে উত্তৰ আমেৰিকালৈ যাত্ৰা কৰিব।
 
ইয়াৰ ফলত উৰণৰ সময় প্রায় দুঘণ্টা বৃদ্ধি পাব আৰু এনে বিমানসমূহে ইন্ধনৰ বাবে শ্বাৰজাহত অৱতৰণ কৰিবলগীয়াও হ'ব পাৰে।