পিজ্জা, মাটন সকলো ত্যাগ কৰি কেৱল ক্ৰিকেটত মনোনিৱেশ; ১৪ বছৰীয়া বৈভৱ সূৰ্য্যবংশীৰ আইপিএল যাত্ৰা

Story by  atv | Posted by  [email protected] • 3 h ago
বৈভৱ সূৰ্য্যবংশী
বৈভৱ সূৰ্য্যবংশী
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'
 
যি সময়ত ১৩-১৪ বছৰীয়া ল’ৰাই ৰেষ্টুৰেণ্টত নিজৰ প্ৰিয় খাদ্যৰ সোৱাদ লৈছে, সেই বয়সতে পিজ্জা, মাটনৰ লোভ ত্যাগ কৰি ক্ৰিকেটৰ বৃহত্‍ মঞ্চত উজলি উঠিছে বৈভৱ সূৰ্য্যবংশী নামৰ এজন যুৱক। ক্ৰিকেটৰ সপোন পূৰণৰ বাবে তেওঁ ইতিমধ্যে নিজৰ প্ৰিয় খাদ্য পিজ্জা আৰু মাটন ত্যাগ কৰিছে। এই  অনুশাসন আৰু ত্যাগে তেওঁক ফল দিছে।
 
বিহাৰৰ সমস্তীপুৰৰ এই যুৱ বেটছমেনগৰাকীয়ে অলপতে বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ক্ৰিকেট লীগ আইপিএলত অভিষেক ঘটোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম খোদিত কৰে।
যোৱা বছৰ আইপিএলৰ নিলামত ৰাজস্থান ৰয়েলছে ১.১ কোটিত ক্ৰয় কৰাৰ পৰাই ১৪ বছৰীয়া বৈভৱ সূৰ্য্যবংশীক লৈ চৌদিশে চৰ্চা আৰম্ভ হৈছিল। অৱশেষত শনিবাৰে তেওঁ আইপিএলত অভিষেক ঘটাই এটা সৰু অথচ আকৰ্ষণীয় ইনিংছেৰে ব্ৰল প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰে। ৰাজস্থান ৰয়েলছৰ জাৰ্চি পিন্ধি প্ৰথমবাৰৰ বাবে খেলপথাৰত নমা সূৰ্য্যবংশীয়ে ভাৰতৰ অন্যতম তাৰকা মিডিয়াম পেচাৰ শ্বাৰ্দুল ঠাকুৰৰ মুখামুখি হয়।
 
ভাৰতৰ হৈ কেইবাখনো মেচ খেলা অভিজ্ঞ বলাৰজনৰ বলত তেওঁ আইপিএল কেৰিয়াৰৰ প্ৰথমটো বলতে কভাৰৰ ওপৰেৰে এটা গগনচুম্বী ছিক্সাৰ কোবাই ক্ৰিকেট অনুৰাগীক এই শক্তিশালী বাৰ্তা দিয়ে যে, “আগন্তুক বহু বছৰ ধৰি ক্ৰিকেটৰ পথাৰত দপদপাই থাকিবলৈ মই আহি গ'লো।” উল্লেখ্য যে, যোৱা বছৰ সূৰ্যবংশী আই পি এলৰ চুক্তি লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।
 
"মাটন গ্ৰহণ কৰিবলৈ তেওঁক অনুমতি দিয়া হোৱা নাই। পিজ্জা তেওঁৰ ডায়েট চাৰ্টৰ পৰা আঁতৰাই দিয়া হৈছে। তেওঁ কুকুৰা আৰু মাটন খুৱ ভাল পায়। যিহেতু তেওঁ বহুত সৰু ল'ৰা, গতিকে পিজ্জা বহুত ভাল পাইছিল। কিন্তু এতিয়া তেওঁ এইবোৰ বাদ দিছে। আমি যেতিয়া তেওঁক মাটন দিছিলো, যিমানেই নিদিওঁ কিয়, তেওঁ সকলোবোৰ খাই শেষ কৰি দিছিল। কিন্তু ক্ৰিকেটক লৈ দেখা সপোন পূৰণ কৰিবলৈ তেওঁ এইবোৰ ত্যাগ কৰিছে। এতিয়া তেওঁৰ লক্ষ্য আৰু মনোনিৱেশ কেৱল ক্ৰিকেট।"-টাইমছ অৱ ইণ্ডিয়াক দিয়া এক আছুতীয়া সাক্ষাৎকাৰত এইদৰে কয় প্ৰশিক্ষক মনীষ ওঝাই।
 
ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমচনৰ সৈতে বৈভৱ সূৰ্য্যবংশী
 
"তেওঁ বহু দূৰলৈ যাব। আমি তেওঁৰ ইনিংছ আৰম্ভ কৰাৰ ধৰণটো দেখিছো, আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰো—অনাগত মেচসমূহত তেওঁ ডাঙৰ স্ক’ৰ কৰিব। তেওঁ এজন নিৰ্ভীক বেটছমেন। তেওঁ বাৰে বাৰে কৈছে যে তেওঁ ব্রায়ান লাৰাক খুব ভাল পায়। প্ৰকৃতাৰ্থত তেওঁ যুৱৰাজ সিং আৰু ব্রায়ান লাৰাৰ সংমিশ্ৰণ। তেওঁৰ আক্ৰমণাত্মক শৈলী যুৱৰাজৰ দৰেই।"-প্ৰশিক্ষকজনে পুনৰ কয়।
 
উল্লেখ্য যে, জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ খেলখনৰ এদিন পূৰ্বে ফ্ৰেঞ্চাইজিটোৰ হাই পাৰফৰমেন্স ডাইৰেক্টৰ জুবিন ভাৰুচাৰ চকুৰ সন্মুখত বৈভৱ সূৰ্য্যবংশীয়ে কঠোৰ অনুশীলন কৰিছিল। অনুশীলন শেষ কৰি হোটেললৈ উভতাৰ সময়তে ১৪ বছৰীয়া যুৱকজনে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু নিয়মীয়া অধিনায়ক সঞ্জু ছেমছনৰ পৰা ইংগিত পাইছিল যে শনিবাৰে তেওঁ আইপিএল অভিষেকৰ সুযোগ পাব পাৰে।
 
সেইদিনা সন্ধিয়া প্ৰায় ৮ বজাত তেওঁৰ ফোনটো বাজি উঠিছিল আৰু ৰাজস্থান ৰয়েলছ মেনেজমেণ্টৰ ফালৰ পৰা তেওঁক আনুষ্ঠানিকভাৱে কোৱা হৈছিল, ‘লক্ষ্ণৌৰ বিৰুদ্ধে কালি তুমি আই পি এলত অভিষেক ঘটোৱাৰ বাবে সাজু হোৱা’।
 
"অভিষেকৰ কথা শুনি তেওঁ বৰ সুখী হৈছিল। মোক ফোন কৰি কৈছিল যে দ্ৰাৱিড় ছাৰ আৰু মেনেজমেণ্টে ফোন কৰি মোক কাইলৈ খেলিবলৈ সাজু থাকিবলৈ কৈছে। কথাখিনি কৈ তেওঁ উল্লসিত হৈ পৰিছিল। কিন্তু অলপ ভয় কৰিছিল। মই ক’লোঁ যে একেবাৰে শান্ত হৈ থাকা আৰু যিদৰে অনুশীলনৰ সময়ত খেলা তেনেকৈয়ে নিৰ্ভয় হৈ খেলিবা। তেওঁ কৈছিল যে ছয় মাৰিব পৰা বল আহিলে কোবাম, ৰৈ নাথাকো।"-প্ৰশিক্ষক মনীষ ওঝাই কয়।
 
শ্বাৰ্দুল ঠাকুৰৰ প্ৰথমটো বলতে বিশাল ছিক্সাৰ কোবাই বিস্ফোৰক আৰম্ভণি ঘটোৱা ১৪ বছৰীয়া বৈভৱে ২০ বলত ৩৪ ৰানৰ দৃষ্টিনন্দন ইনিংছ খেলি আউট হয় যদিও ক্ৰিকেট অনুৰাগীৰ হৃদয় জয় কৰি যায়। তেওঁৰ সাহসিক বেটিং প্ৰত্যক্ষ কৰি ডাক-আউটত বহি থকা প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ো অভিভূত হৈ পৰা দেখা যায়।
 
১৯ ৰ অনুৰ্ধ এছিয়া কাপত ভাৰতীয় দলৰ জাৰ্চিত বৈভৱ সূৰ্য্যবংশী
 
প্ৰশিক্ষকগৰাকীয়ে কয়, "তেওঁ এটা সৰু ল’ৰা। তেওঁ যথেষ্ট আৱেগিক। তেওঁ সদায় ৰাহুল দ্ৰাবিড় ছাৰৰ কথা আৰু তেওঁৰ সমৰ্থনৰ কথা কয়। বৈভৱে তেওঁক ভগৱানৰ দৰে সন্মানৰ দৃষ্টিৰে চায়। দ্ৰাবিড় ছাৰেও তেওঁক সদায় সমৰ্থন কৰি আহিছে।"
 
উল্লেখ্য যে, সূৰ্যবংশীৰ জন্ম হৈছিল ২০১১ চনৰ ২৭ মাৰ্চত, যিটো বছৰত ভাৰতে এম এছ ধোনীৰ নেতৃত্বত বিশ্বকাপ জয় কৰিছিল। মাত্ৰ ১৪ বছৰ বয়সতে তেওঁ ইতিমধ্যে বিহাৰৰ হৈ ২০২৪-২৫ বৰ্ষৰ ঘৰুৱা ছিজনত ৫ খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছে। মাত্ৰ চাৰি বছৰ বয়সতে তেওঁৰ খেতিয়ক পিতৃ সঞ্জীৱ সূৰ্যবংশীয়ে পুত্ৰৰ মাজত থকা বিৰল প্ৰতিভা দেখি পিছফালৰ চোতালত এখন সৰু ক্ৰিকেট গ্ৰাউণ্ড তৈয়াৰ কৰি দিছিল। ইয়াতে বৈভৱে নিজৰ প্ৰতিভা আৰু দক্ষতাৰ চোক বৃদ্ধি কৰিছিল।
 
পুত্ৰৰ আবেগ আৰু দায়বদ্ধতাত আপ্লুত হৈ পিতৃ সঞ্জীৱে বৈভৱক সমস্তীপুৰৰ এখন একাডেমীত প্ৰথম প্ৰশিক্ষক ব্ৰজেশ ঝাৰ ওচৰলৈ লৈ যায়।  ঝাৰ অধীনত প্ৰশিক্ষণ লোৱাৰ পিছত তেওঁলোকে আন এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰে। এইবাৰ বৈভৱক পাটনালৈ নি মনীষ ওঝাৰ তত্ত্বাৱধানত প্ৰশিক্ষণ দিয়া হয়। মনীষ ওঝাই যুৱ ক্ৰিকেটাৰজনৰ প্ৰতিভাক অনন্য ৰূপত গঢ়ি তোলে।
 
সমস্তীপুৰৰ পৰা পাটনালৈ ৯০ কিলোমিটাৰ যাত্ৰা সহজ কাম নাছিল যদিও সঞ্জীৱ দৃঢ়প্ৰতিজ্ঞ আছিল। গাড়ী কিনি পুত্ৰক তেওঁ একাডেমীলৈ লৈ গৈছিল। এইদৰে বৈভৱে ওঝাৰ তত্ত্বাৱধানত প্ৰশিক্ষণ লৈ ১৪ বছৰ বয়সলৈকে সমগ্ৰ বিহাৰৰ বিভিন্ন স্থানীয় প্ৰতিযোগিতাত এক ভয়ংকৰ শক্তি হৈ পৰে।
 
হেমান ট্ৰফী, ভিনু মানকাদ ট্ৰফী, ১৯ বছৰ অনুৰ্ধ চেলেঞ্জাৰ্ছ ট্ৰফী, এচিচি ১৯ অনুৰ্ধ এছিয়া কাপকে ধৰি সকলো সৰু-বৰ প্ৰতিযোগিতাত বৈভৱে নিজস্ব শৈলীৰ বেটিঙেৰে চমক দেখুৱায় আৰু দিনক দিনে সফলতাৰ স্তৰ অতিক্ৰম কৰি গৈ আছে।