Bowlers taking Wicket in 1st Ball of the Inns:
— Cricket Addictor (@AddictorCricket) April 25, 2025
4 - Mohammed Shami
3 - Trent Boult
3 - Ashok Dinda
3 - Bhuvenshwar Kumar#CricketonJiostar #IPlonJioStar pic.twitter.com/w5JzIv09fV
আই পি এল ২০২৫ৰ মেগা নিলামত ছানৰাইজাৰ্ছে ১০ কোটি টকাত চুক্তিবদ্ধ কৰা মহম্মদ ছামীয়ে ইয়াৰ পূৰ্বে আই পি এলৰ এখন খেলৰ ইনিংছৰ প্ৰথমটো বলত জেক কালিছ, কে এল ৰাহুল আৰু ফিল ছল্টক আউট কৰিছিল। আই পি এলত ইনিংছৰ প্ৰথমটো বলত মুঠ ৪১জন বলাৰে উইকেট দখল কৰিছে যদিও এই কৃতিত্ব চাৰিবাৰ পুনৰাবৃত্তি কৰা একমাত্ৰ বলাৰজন হৈছে মহম্মদ ছামী।
উল্লেখ্য যে, আই পি এলৰ চলিত ছিজনটো এতিয়ালৈকে ছামীৰ বাবে বিশেষ স্মৰণীয় হোৱা নাই। ৮খন মেচত তেওঁ মাত্ৰ ৬টা উইকেটহে ল’বলৈ সক্ষম হৈছে। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ঘৰুৱা অনুৰাগীৰ সন্মুখত মুম্বাই ইণ্ডিয়ানছৰ হাতত পৰাজয়ৰ সন্মুখীন হোৱা মেচখনৰ সময়ত তেওঁক মূল একাদশৰ পৰা বাদ দিয়াও হৈছিল।Wicket off the first ball for Mohammed Shami.
— CricTracker (@Cricketracker) April 25, 2025
📸: IPL/BCCI pic.twitter.com/xrWsy1jviV