গুৱাহাটী
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৰ্বাংগীণ উন্নয়নৰ বাবে অহা পাঁচ বছৰত প্ৰতিবছৰে এক নির্দিষ্ট বাজেটৰ মাজেৰে চৰকাৰে আগবঢ়াব ২৫০ কোটি টকাৰ অনুদান। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্রিংশতম দীক্ষান্ত সমাৰোহত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰি মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই আজি এই ঘোষণা কৰে।
ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচার্য লক্ষ্মণ প্রসাদ আচাৰ্যই সভাপতিত্ব কৰা দীক্ষান্ত সমাৰোহত শিক্ষার্থীসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী প্রাক্তন শিক্ষার্থী হিচাপে এই সমাবর্তনত উপস্থিত থাকিবলৈ পাই গৌৰৱবোধ কৰা বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৩০০ খনতকৈও অধিক মহাবিদ্যালয়ৰ সৰ্বমুঠ ৩,৭৪৩ গৰাকী শিক্ষার্থীক এই অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাবে সন্মানীয় ডিগ্রী প্রদান কৰা হয়।
লগতে সৰ্বমুঠ ১৪৮ গৰাকী ব্যক্তিলৈ পি এইচ ডি ডিগ্রী আগবঢ়োৱা হয়। দীক্ষান্ত সমাৰোহৰ কাৰ্যসূচীত বি বৰুৱা কৰ্কট প্রতিষ্ঠানৰ প্রাক্তন সঞ্চালক ডাঃ অমল চন্দ্র কটকীলৈ বিজ্ঞানৰ সন্মানীয় ডক্টৰেট ডিগ্রী আগবঢ়ায়। ইয়াৰ লগতে টাই-খামতি ভাষা-সংস্কৃতিৰ বিশেষজ্ঞ তথা অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্রী চাওনা মেইনলৈ সন্মানীয় পি এইচ ডি ডিগ্রী আগবঢ়োৱা হয়। তদুপৰি যশলোক চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰৰ সঞ্চালক ডাঃ তপন কুমাৰ শইকীয়ালৈ সন্মানীয় পি এইচ ডি ডিগ্রী আগবঢ়োৱা হয়। ভাষণ প্রসংগত মুখ্যমন্ত্রী শৰ্মাই যোৱা ২২ এপ্ৰিলত পাকিস্তানৰ সন্ত্রাসবাদীসকলে জম্মু-কাশ্মীৰৰ পেহেলগামত আক্ৰমণ কৰি নিৰীহ লোকক হত্যা কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে নিহতসকলৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
সন্ত্রাসবাদৰ যুঁজখন যাতে এক নির্ণায়ক পর্যায়লৈ লৈ যাব পৰা যায়, তাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ প্রতি মুখ্যমন্ত্ৰীয়ে পূর্ণ আস্থা প্রকাশ কৰে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত শূন্য সহনশীল নীতিৰ জৰিয়তে শত্রু ৰাষ্ট্ৰসমূহক যোগ্য প্রত্যুত্তৰ দিব পৰা যাব বুলিও তেওঁ কয়। ইপিনে, গুৱাহাটী বিশ্ববিদ্যালয়ে নতুন প্রত্যাশা আৰু দৃঢ় সংকল্পৰ মাজেৰে ৰাজ্যখনৰ শৈক্ষিক আকাশত আত্মপ্রকাশ কৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ ৰাইজৰ আশা-আকাংক্ষা আৰু বহু সপোন বুকুত বান্ধি এই বিশ্ববিদ্যালয়খন গঢ় লৈ উঠিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ে লোৱা নতুন পদক্ষেপসমূহে জন্মলগ্নতে গ্রহণ কৰা সপোনক আগুৱাই লৈ যাব বুলি উল্লেখ কৰি তেওঁ কয় যে সেই সপোন আৰু সংকল্প সিদ্ধিত পৰিণত হ'ব। ভাৰতবৰ্ষৰ সভ্যতাই শিক্ষাক কেন্দ্রীয় স্থানত অলংকৃত কৰি আহিছে আৰু ভাৰতবৰ্ষৰ যাত্ৰা হ'ল শৈক্ষিক, জ্ঞান আৰু আলোকৰ বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয়-'আজি ভাৰতবৰ্ষই বিজ্ঞান, সংস্কৃতি, কলা, ক্রীড়া আৰু নতুন নতুন বিষয়সমূহৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।
ভাৰতবৰ্ষৰ বিকাশৰ যাত্ৰাৰ সমান্তৰালভাবে যোৱা দহটা বছৰত অসমে এক নতুন যুগত প্রবেশ কৰিছে।' বহু বছৰৰ পিচত ৰাজ্যখনে ধর্ণা, বন্ধ, আন্দোলন, বন্দুক, গুলী, গ্রেনেডৰ পৰিবৰ্তে এক নতুন যুগত পদার্পণ কৰিবলৈ আগবাঢ়িছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বহুদিনৰ অন্ধকাৰৰ ক'লীয়া ডাৱৰবোৰ লাহে লাহে ৰাজ্যখনৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিছে। মুখ্যমন্ত্রীয়ে কয় যে যোৱা দহ বছৰত ৰাজ্যখনৰ মানুহৰ সম্পৰ্ক সুদৃঢ় হৈ পৰিছে আৰু জনগোষ্ঠীসমূহৰ মাজত আশা আৰু আকাংক্ষাৰ এক নতুন দিগন্ত, নতুন সপোনৰ বীজ বোপণ কৰাটো সম্ভৱ হৈ উঠিছে।
মুখ্যমন্ত্রীয়ে কয় যে টাটাৰ ছেমিকণ্ডাক্টৰৰ দৰে প্ৰকল্পসমূহে এক নির্দিষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। অসম এতিয়া সপোন আৰু আশাক সংকল্পলৈ ৰূপান্তৰ কৰা ৰাজ্য হিচাপে পৰিগণিত হৈছে। অসম এতিয়া অৰিহণা যোগোৱা ৰাজ্য হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে অসম এতিয়া সূৰুযৰ নতুন পোহৰে স্নান কৰা শক্তিশালী ৰাজ্য। লুইতৰ পাৰ জিলিকাবলৈ অসম এতিয়া প্রস্তুত হৈ আছে। তেওঁ লগতে কয় যে অসম এখন নতুন দিনৰ সপোন দেখা ৰাজ্য হিচাপে পৰিগণিত হৈছে। অসমে এতিয়া এনে কল্পনা কৰে যে দুটা দশকৰ ভিতৰত কৰ্ণাটক, মহাৰাষ্ট্ৰ আদিৰ দৰে উন্নত ৰাজ্যত পৰিগণিত হ'ব। ছাত্র সমাজক নতুন পোহৰ দেখাৰ সপোন নির্মাণে সকলোকে অনুপ্ৰেৰণা প্ৰদান কৰিছে বুলিও তেওঁ মন্তব্য কৰে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদ্যার্থী সমাজক আশাৰ অসমৰ প্ৰতিনিধিত্ব কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয় যে ছাত্র সমাজে প্রতিটো প্রত্যাহ্বানৰ সন্মুখীন হ'ব পৰাকৈ নিজকে গঢ়ি তুলিব লাগিব। ছাত্র-ছাত্রীসকলে আৱেগৰ পৰিবৰ্তে বিবেকেৰে পৰিচালিত হ'ব লাগিব।
অসমে মহাকাশ বিজ্ঞান, কৃত্রিম বুদ্ধিমত্তা, মেচিন লার্নিঙৰ দৰে বিপ্লৱ গঢ়ি তুলি ভাৰতবর্ষক বিকাশৰ পথ দেখুৱাব লাগিব। মুখ্যমন্ত্রীয়ে কয় যে বিশ্ববিদ্যালয়ৰ বুকুৰ মাজত অসমৰ জনসাধাৰণৰ আশা-আকাংক্ষা লুকাই আছে। এই শিক্ষানুষ্ঠানখনে অসমৰ নৱ জাগৰণক প্রতিনিধিত্ব কৰিব পাৰে। তেওঁ কয় যে শিক্ষক সমাজ ছাত্র-ছাত্ৰীসকলৰ বাবে প্ৰেৰণাৰ উৎস হ'ব লাগে। মুখ্যমন্ত্রীয়ে কয় যে অসমে আজি পৰিবৰ্তনৰ পথত আগুৱাই গৈছে। পৰিবৰ্তিত অসমৰ অশ্বমেধ যাত্রাক গুৱাহাটী বিশ্ববিদ্যালয়ে আগুৱাই লৈ যাব লাগিব।
মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ক ৰাজ্যিক অথবা কেন্দ্রীয় বিশ্ববিদ্যালয়সমূহতকৈ ওপৰত প্রতিষ্ঠা কৰাৰ সময় আহিছে। গুৱাহাটী বিশ্ববিদ্যালয়ে মহাকাশ বিজ্ঞান, কৃত্রিম বুদ্ধিমত্তা আদিৰ দিশত উপযুক্ত মানৱ সম্পদ গঢ়াৰ সময় আহিছে বুলিও তেওঁ মন্তব্য কৰে। আধুনিক যুগত তক্ষশীলা, নালন্দা আদিৰ দৰে বিশ্ববিদ্যালয় গঢ়ি তোলাৰ দিশত মনোনিবেশ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে এনে প্রেক্ষাপটত একবিংশ শতিকাৰ উন্নয়নমুখী আন্দোলনৰ গুৰি ধৰিব লাগিব গুৱাহাটী বিশ্ববিদ্যালয়ে। তেওঁ কয় যে অসম আন্দোলনৰ পৃষ্ঠভূমি আছিল গুৱাহাটী বিশ্ববিদ্যালয়।
নতুন অসমক নিৰ্মাণ কৰাৰ বাবে জ্ঞান আৰু বিজ্ঞান আন্দোলনৰ পৃষ্ঠভূমি হিচাপেও গঢ়ি তোলাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে নিজকে প্রস্তুত কৰিব লাগিব। আজি এনে ছাত্র-ছাত্রীৰ প্রয়োজন আছে, যাৰ নতুন কিবা এটা কৰাৰ সপোন আছে। নতুনধৰণে চিন্তা কৰাৰ যুৱক-যুৱতীৰ প্রয়োজন আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অতিৰিক্ত কাম কৰাৰ মানসিকতা আহৰণ কৰিব লাগিব। স্টার্টআপৰ জৰিয়তে সুপ্ত প্রতিভাক বিকশাই তুলিব পৰা ছাত্ৰ-ছাত্ৰীৰ প্রয়োজনীয়তা আছে। ছাত্র-ছাত্রীসকলক নতুন অসমৰ নেতৃত্ব ল'বলৈ নিজকে সাজু কৰিবলৈ তেওঁ আহ্বান জনায়।
মুখ্যমন্ত্রীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সর্বাংগীণ বিকাশ আৰু উন্নয়নৰ বাবে পুঁজিৰ কোনো অভাৱ নহ'ব বুলিও উল্লেখ কৰে। ইপিনে ভাষণ প্রসংগত ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্রসাদ আচার্যই কয় যে শিক্ষা, উদ্ভাবন, মূল্যবোধৰ বিশ্বজনীন কেন্দ্ৰ হিচাপে ভাৰতক গঢ় দিবলৈ চলা প্রচেষ্টাত গুৱাহাটী বিশ্ববিদ্যালয়ে সক্রিয় অংশীদাৰ হ'ব লাগিব। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে জ্ঞানী আৰু বিদ্বানসকলৰ বিষয়ে কোৱা শ্লোকৰ উদ্ধৃতি দি কয় যে শিক্ষাৰ জৰিয়তে মানুহে জীৱনৰ দুই মূল উদ্দেশ্য- জ্ঞান বিস্তাৰ আৰু চৰিত্ৰ নিৰ্মাণ সার্থক কৰিব পাৰে। ৰাজ্যৰ বৌদ্ধিক উন্নয়নৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রশংসা কৰি তেখেতে এই কথা উল্লেখ কৰে যে গুৱাহাটী বিশ্ববিদ্যালয় হৈছে নতুন শিক্ষা নীতি ২০২০ প্রযোজ্য কৰা উত্তৰ-পূবৰ প্ৰথমখন বিশ্ববিদ্যালয়। তদুপৰি ই-সমৰ্থৰ দৰে ডিজিটেল মাধ্যমক আঁকোৱালি বিশ্ববিদ্যালয়ে নিজৰ প্রযুক্তিগত সক্ষমতাকেই প্রমাণ কৰিছে।
আজিৰ এই অনুষ্ঠানত শিক্ষা আদি বিভাগৰ মন্ত্রী ৰণোজ পেণ্ড, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ড° ননী গোপাল মহন্ত, অসম চৰকাৰৰ মুখ্য সচিব ড° ববি কোটা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শর্মা, বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ড° হেমন্ত কুমাৰ নাথ, টেৰিৰ সঞ্চালকপ্রধান ড° বিভা ধাৱান প্রমুখ্যে বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, ছাত্র-ছাত্রী আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।