বিশ্বৰ শীৰ্ষ ৫ পৰ্যটন চহৰৰ তালিকাত ৰাজস্থানৰ জয়পুৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
বিশ্বৰ শীৰ্ষ ৫ পৰ্যটন চহৰৰ তালিকাত ৰাজস্থানৰ জয়পুৰ
বিশ্বৰ শীৰ্ষ ৫ পৰ্যটন চহৰৰ তালিকাত ৰাজস্থানৰ জয়পুৰ
 
নতুন দিল্লী
 
ভাৰতবাসীক গৌৰাম্বিত কৰিব পৰা এক ইতিবাচক খবৰ। বিশ্বৰ শীৰ্ষ ৫খন পৰ্যটন চহৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ৰাজস্থানৰ জয়পুৰ চহৰৰ নাম। বিশ্বৰ আগশাৰীৰ পৰ্যটন সংস্থা ট্ৰেভেল এণ্ড লেজাৰে চলোৱা সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে।
 
সংস্থাটোৱে চলোৱা সমীক্ষা অনুসৰি জয়পুৰে ফ্ল’ৰেন্স চহৰক চেৰ পেলাবলৈ সক্ষম হৈছে। চহৰখনৰ সংস্কৃতি, সভ্যতা ইত্যাদিৰ প্ৰতি সৰসংখ্যক পৰ্যটকৰে আছে দুৰ্বলতা। যাৰ বাবে বিশ্বৰ ভিন্ন দেশৰ পৰ্যটকে ভ্ৰমণৰ বাবে বাচি লয় জয়পুৰ চহৰ তথা পিংক চিটিক।
 
উল্লেখ্য যে, এই সমীক্ষাত পিংক চিটি জয়পুৰে ৯১.৩৩ স্ক’ৰ লাভ কৰি তালিকাৰ ৫ম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে ৯০.০৮ স্ক’ৰেৰে ১১ নম্বৰ স্থানত আছে ফ্ল’ৰেন্স চহৰ। একেদৰে তালিকাৰ শীৰ্ষত আছে মেক্সিকোৰ ছান মিগুৱেল ডি এলেণ্ড।