দেৱালী উপলক্ষে ২৫ অক্টোবৰত স্থানীয় বন্ধ ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ

Story by  atv | Posted by  Munni Begum • 3 Years ago
দেৱালী উপলক্ষে ২৫ অক্টোবৰত স্থানীয় বন্ধ ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ
দেৱালী উপলক্ষে ২৫ অক্টোবৰত স্থানীয় বন্ধ ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ
গুৱাহাটী 
 
কামৰূপ মহানগৰ জিলা প্ৰশাসনে শুকুৰবাৰে দেৱালী উৎসৱ উদযাপন উপলক্ষে ২৫ অক্টোবৰত স্থানীয় বন্ধ ঘোষণা কৰিছে। এই সন্দৰ্ভত প্ৰশাসনে এক নিৰ্দেশনা জাৰি কৰিছে।
 
প্ৰশাসনে জাৰি কৰা এক জাননীত কোৱা হৈছে, "দেৱালী উৎসৱৰ বাবে ২৫ অক্টোবৰত কামৰূপ (মেট্ৰ') জিলাৰ ভিতৰত স্থানীয় বন্ধ ঘোষণা কৰি অসমৰ ৰাজ্যপালে আনন্দিত হৈছে।" 
ই লগতে  প্ৰকাশ কৰা হৈছে যে এই স্থানীয় বন্ধৰ বাবে কামৰূপ (মেট্ৰ') জিলাৰ ভিতৰত সকলো ৰাজ্য চৰকাৰৰ কাৰ্যালয়, শিক্ষানুষ্ঠান ২৫ অক্টোবৰত বন্ধ থাকিব। কামৰূপ (মেট্ৰ') জিলাৰ ভিতৰত থকা সকলো বিত্তীয় প্ৰতিষ্ঠানও এই স্থানীয় বন্ধৰ বাবে বন্ধ থাকিব।
উল্লেখ্য যে, ২৪ আৰু ২৫ অক্টোবৰত দেশজুৰি ব্যাপক উলহ-মালহেৰে পোহৰৰ উৎসৱ দিপাৱলী উদযাপন কৰা হ’ব। অৱশ্যে ২৪ অক্টোবৰৰ দিনটো অসমত ৰাজ্যিক বন্ধ থাকিব।